চিটাৰা ডেস্ক, 16 আগষ্ট : টিভি জগতৰ জনপ্ৰিয় তাৰকা যুটি অভিনেতা গুৰমীত চৌধুৰী আৰু দেবিনা বেনাৰ্জী পুনৰ অভিভাৱক হ’বলৈ ওলাইছে । মঙলবাৰে এই দম্পতীয়ে ইনষ্টাগ্ৰামত দেবিনাৰ দ্বিতীয়টো গৰ্ভধাৰণৰ বিষয়ে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে ।
তেওঁলোকে এখন মনোগ্ৰাহী ফটো শ্বেয়াৰ কৰে, য’ত দেবিনাই ছ’নোগ্ৰাফী ৰিপৰ্টটো হাতত লৈ অনুৰাগীক দেখুৱাই আছে । এই আপডেটটো শ্বেয়াৰ কৰি দেবিনাই এই কথাও উল্লেখ কৰে যে এই গৰ্ভাৱস্থা অপৰিকল্পিত আছিল । "কিছুমান সিদ্ধান্তই ঐশ্বৰিক সময় নিৰ্ধাৰণ কৰে আৰু একোৱেই সেইটো সলনি কৰিব নোৱাৰে...এইটোও এনেকুৱা এটা আশীৰ্বাদ...আমাক সম্পূৰ্ণ কৰিবলৈ অতি সোনকালেই আহি আছে । #babyno2 #mommieagain #ontheway #pregnancydiaries #daddyagain #gurmeetchoudhary #debinabonnerjee", শিৰোনামত এইদৰে লিখে দেবিনাই ৷
- " class="align-text-top noRightClick twitterSection" data="
">
খবৰটো বিয়পি পৰাৰ লগে লগে টিভি জগতৰ অভিনেতা-অভিনেত্ৰীসকলৰ লগতে অনুৰাগীসকলে অভিনন্দন আৰু শুভেচ্ছা বাৰ্তাৰে ওপচাই পেলাইছে দুয়োৰে সামাজিক মাধ্যম । মাহহী ভিজ, টিনা দত্ত, তন্ভী ঠাক্কৰকে ধৰি আদি বহু তাৰকাই তেওঁলোকক অভিনন্দন জনাইছে ।
২০১১ চনত গুৰমীত আৰু দেবিনা বিবাহপাশত আবদ্ধ হৈছিল । এপ্ৰিল মাহত তেওঁলোকৰ প্ৰথম সন্তান লিয়ানা তেওঁলোকৰ মাজলৈ আহে ।
লগতে পঢ়ক : অস্কাৰৰ অফিচিয়েল পেজত নাম অন্তৰ্ভূক্ত হ’ল লাল সিং চাড্ডাৰ