ETV Bharat / entertainment

Zinda Banda Song OUT : ১৫ কোটি টকাত নিৰ্মিত জৱানৰ প্ৰথমটো গীত মুকলি, হাজাৰ হাজাৰ নৃত্যশিল্পীৰ সৈতে নৃত্য কৰিলে শ্বাহৰুখে - Shah Rukh Khan and Nayanthara starrer Jawan

শ্বাহৰুখ খানৰ ছবি 'জৱান'ৰ প্ৰথমটো গীত 'জিন্দা বান্দা' মুক্তি পালে । এই গীতটোত কিং খানক হাজাৰ হাজাৰ নৃত্যশিল্পীৰ সৈতে নৃত্য কৰা দেখা গৈছে। এই গীতটো মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে। কিং খানে ইনষ্টাগ্ৰামত মুকলি কৰিছে এই গীতটো।

Zinda Banda Song released from Shah Rukh Khan and Nayanthara starrer Jawan
জিন্দা বান্দা গীত
author img

By

Published : Jul 31, 2023, 3:19 PM IST

চিটাৰা ডেস্ক, 31 জুলাই: বলীউডৰ কিং খান অৰ্থাৎ শ্বাহৰুখ খানৰ আগন্তুক একচন-থ্ৰিলাৰ ছবি ‘জৱান’কলৈ দেশজুৰি চলিছে চৰ্চা ৷ পাঠানৰ সফলতাৰ পিচত এতিয়া শ্বাহৰুখ খানৰ এই ছবিখনক লৈ উৎসুক হৈ পৰিছে অনুৰাগী ৷ ছবিখনক লৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে শ্বাহৰুখৰ অনুৰাগীয়ে ৷ জৱানৰ পৰা শ্বাহৰুখ খানৰ ফাৰ্ষ্ট লুকৰ পৰা আৰম্ভ কৰি টিজাৰলৈকে পছন্দ কৰিছে অনুৰাগীয়ে ৷ ছবিখনৰ মুক্তিৰ বাবে এতিয়াও এমাহতকৈও অধিক সময় আছে । এনে পৰিস্থিতিত অনুৰাগীসকলৰ মাজত ইতিমধ্যে ছবিখনকলৈ ক্ৰেজ দেখা পোৱা গৈছে ৷ ছবিখনৰ অৰিজিনেল ট্ৰেইলাৰ এতিয়াও অহা নাই যদিও ইয়াৰ পূৰ্বেই শ্বাহৰুখ খানে অনুৰাগীসকলক আন এটা উপহাৰ আগবঢ়াইছে। আজি (৩১ জুলাই) মুক্তি পালে ছবি জৱানৰ প্ৰথমটি গীত ।

'জিন্দা বান্দা' গীত

  • " class="align-text-top noRightClick twitterSection" data="">

দক্ষিণৰ জনপ্ৰিয় আৰু হিট সংগীত সুৰকাৰ অনিৰুদ্ধ ৰবিন্দ্ৰনে ৰচনা কৰি নিজেই কণ্ঠ নিগৰাইছে এই গীতটিত । অনিৰুদ্ধই ‘জিন্দা বান্দা’ গীতৰ পূৰ্বে Why This Kolaveri, Arabic Kuthu, Vaathi Coming কে ধৰি বহুতো হিট গীতৰ ৰচনা কৰিছে । একে সময়তে ইউটিউবত ২৩ মিলিয়ন ভিউজ দৰ্শন লাভ কৰা দক্ষিণ ছুপাৰষ্টাৰ ৰজনীকান্ত অভিনীত ছবি জেইলাৰৰ সদ্য মুক্তি পোৱা "নু কাৱলীয়া" গীতটোও ৰচনা কৰিছে অনিৰুদ্ধই । উল্লেখ্য যে, হিন্দীৰ বাহিৰেও তামিল ভাষাত "ভাণ্ডা এদম" আৰু তেলেগু ভাষাত "ধম্মে ধুলিপেলা" হিচাপে গীত জিন্দা বান্দা মুক্তি পাইছে ।

জৱানৰ ছবিখনৰ বিষয়ে কিছু কথা

প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খানক দেখা যাব জৱান ছবিৰ জৰিয়তে অন্য এক অৱতাৰত। ছবিখনত শ্বাহৰুখ খানৰ সৈতে নয়নতৰা, সঞ্জয় দত্ত, দীপিকা পাডুকন, বিজয় সেতুপথিকে ধৰি বহু তাৰকাক দেখা যাব ।

কেতিয়া মুক্তি পাব ছবিখন ?

চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ‘জৱান’ ছবিখন । এইখন হ’ব শ্বাহৰুখ খানৰ বছৰৰ দ্বিতীয়খন মুক্তি পোৱা ছবি । এই ছবিখনক লৈ নিৰ্মাতাসকলৰ বহু আশা জড়িত । এই ছবিখন পাঠানৰ দৰে সফল হয় নে নহয় সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক: Mumtaz Bday Special: এটা চৰ্ত মানি নোলোৱাৰ বাবেই শাম্মী কাপুৰৰ পত্নী হ’ব নোৱাৰিলে মুমতাজ, কি আছিল সেই চৰ্ত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.