ETV Bharat / entertainment

Zareen Khan Hospitalized: চিকিৎসালয়ত ভৰ্তি জৰীণ খান, ফটো শ্বেয়াৰ কৰি সকলোকে সজাগ হ’বলৈ পৰামৰ্শ জৰীণৰ - অভিনেত্ৰী জৰীণ খান

এইবাৰ ডেংগুত আক্ৰান্ত হ’ল অভিনেত্ৰী জৰীণ খান ৷ বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে অভিনেত্ৰীগৰাকী ৷ হাস্পতালৰ পৰা ফটো শ্বেয়াৰ কৰি সকলোতে সজাগ হ’বলৈ নিৰ্দেশ অভিনেত্ৰীগৰাকীৰ ৷

Zareen Khan Hospitalised Due To Dengue. Actress Shares Health Update From Hospital
হঠাৎ অসুস্থ হ’ল জৰীণ খান
author img

By

Published : Aug 16, 2023, 6:48 PM IST

চিটাৰা ডেস্ক, 16 আগষ্ট: হঠাৎ অসুস্থ হ’ল অভিনেত্ৰী জৰীণ খান ৷ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে অভিনেত্ৰীগৰাকী ৷ আচলতে অভিনেত্ৰীগৰাকী ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ লগতে উচ্চ জ্বৰৰ লগতে শৰীৰৰ বিষত ভুগি আছে। অভিনেত্ৰীগৰাকীয়ে নিজেই এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ৷

ইয়াৰ পূৰ্বে জৰীণ খানে নিজৰ ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী শ্বেয়াৰ কৰিছিল য’ত তেওঁৰ হাতত এটা ড্ৰিপ দেখা গৈছিল । অৱশ্যে পিচত অভিনেত্ৰীগৰাকীয়ে সেই ষ্ট’ৰীটো ডিলিট কৰি দিয়ে । ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে আন এটা ষ্ট’ৰী শ্বেয়াৰ কৰে য’ত এগিলাচ জুইচ দেখা পোৱা যায় । ফটোখনেৰে লিখিছে- 'Recovery mode'।

Zareen Khan Hospitalised Due To Dengue. Actress Shares Health Update From Hospital
হঠাৎ অসুস্থ হ’ল জৰীণ খান

অভিনেত্ৰীয়ে বহু ছবিত অভিনয় কৰিছে

জৰীণ খানে বহু ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে । বীৰ, হেট ষ্ট’ৰী ৩, ৱাজাহ তুম হো আদি বহু ছবিত অভিনয় কৰিছে । তেওঁ পাঞ্জাবী, তামিল আৰু তেলেগু ছবিতো কাম কৰিছিল । অভিনেত্ৰীগৰাকীক কেটৰিণা কাইফৰ কপি বুলি কোৱা হয় ৷

অনুৰাগীক অভিনেত্ৰীগৰাকীৰ আবেদন

ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে জৰীণে ডেংগু প্ৰতিৰোধৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰাগীক আহ্বান জনাইছে । লগতে পৰিষ্কাৰ আৰু মহমুক্ত পৰিৱেশ বজাই ৰাখিবলৈ আৰু কীটনাশক ব্যৱহাৰ কৰিবলৈও অনুৰোধ জনাইছে ।

ডেংগু কি ?

বৰ্তমান দেশত অব্যাহত আছে ডেংগুৰ আতংক । প্ৰতিদিনে বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা । ডেংগু জ্বৰ হৈছে মহৰ দ্বাৰা সংক্ৰমিত ভাইৰাছ যি অতি সোনকালে বিয়পি পৰে । দিনত মাইকী মহে কামোৰাৰ ফলত হয় । এই মহটো বিশুদ্ধ পানীত জন্ম হয় ।

লগতে পঢ়ক: Kiara Advani Wagah Border: বি এছ এফৰ জোৱানক সাক্ষাৎ কিয়াৰা আডৱানীৰ, ৱাগাহ সীমান্তত ত্ৰিৰংগা উত্তোলন অভিনেত্ৰীগৰাকীৰ

লগতে পঢ়ক: Abhishek Malhan: ফিনালেৰ পিচতে হাস্পতালত ভৰ্তি অভিষেক, ভিডিঅ’ শ্বেয়াৰ কৰি ক্ষমা বিচাৰিলে, এলভিছৰ বিষয়েও ক’লে এই কথা

লগতে পঢ়ক:Dareen Kent Died: মাত্ৰ ৩৬ বছৰ বয়সত মৃত্যু গেমছ অৱ থ্ৰ’নছৰ এইগৰাকী অভিনেতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.