চিটাৰা ডেস্ক, 12 জুন : যশ কানাড়া চলচ্চিত্ৰ জগতৰ এজন ছুপাৰষ্টাৰ। উপাৰ্জনৰ অভিলেখ ভংগ কৰিলে অভিনেতাগৰাকীৰ পান ইণ্ডিয়া ছবি ‘কে জি এফ’য়ে । কিন্তু শেহতীয়াকৈ এইগৰাকী ছুপাৰষ্টাৰে বলীউডৰ এখন ছবিৰ প্ৰস্তাৱ নাকচ কৰিছে । দৰাচলতে ৰামায়ণৰ আধাৰত নিৰ্মিত নিতেশ তিৱাৰীৰ ছবিখনত ‘ৰাৱণ’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ অভিনেতাগৰাকীয়ে স্পষ্টভাৱে অস্বীকাৰ কৰিছে।
কিয় ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিলে যশে ?
এক সূত্ৰই জনোৱা মতে, “যশে এই কামটো কৰিবলৈ অতিশয় উৎসাহিত হৈছিল । ৰামৰ চৰিত্ৰত অভিনয় কৰাতকৈ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰাটো তেওঁৰ বাবে অধিক প্ৰত্যাহ্বানজনক। যিহেতু ৰণবীৰ কাপুৰক ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ বাছি লোৱা হৈছে, সেয়েহে যশে এই ছবিখন কৰিবলৈ অধিক উৎসাহিত হৈছিল । কিন্তু তাৰ পিচত তেওঁৰ দলটোৱে তেওঁক এই ছবিখন নকৰিবলৈ পৰামৰ্শ দিলে। তেওঁ উপলব্ধি কৰিছিল যে তেওঁৰ অনুৰাগীসকলে যশক নেতিবাচক ভূমিকা পালন কৰা দেখি সুখী নহ’ব, সেয়া লাগিলে ৰাৱনৰ দৰে শক্তিশালী বিৰোধীৰ ভূমিকাই নহওক কিয়। "
আনহাতে ইয়াৰ পূৰ্বে বাৰ্তালাপত যশে কৈছিল, “মোৰ অনুৰাগীৰ আৱেগক লৈ মই বহুত সাৱধান হ’ব লাগিব ৷ মই তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে গ’লে তেওঁলোক আৱেগিক হৈ পৰে আৰু অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।’’
অনুৰাগীৰ প্ৰতি যশৰ দায়বদ্ধতা শীৰ্ষত থাকে
ৰাৱণৰ ভূমিকা নাকচ কৰাৰ সিদ্ধান্তই তেওঁৰ অনুৰাগীৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু তেওঁৰ অটল সমৰ্থন প্ৰকাশ কৰে । অৱশ্যে তেনে কৰাৰ দ্বাৰা তেওঁ অভিনেতা হিচাপে নিজৰ বহুমুখী প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ হেৰুৱাই পেলাব । কিন্তু যশৰ অনুৰাগীৰ প্ৰতি আনুগত্য সৰ্বোপৰি ।
ৰামায়ণত কোনে ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰিব
উল্লেখ্য যে নিতেশ তিৱাৰীৰ ডাঙৰ প্ৰজেক্ট 'ৰামায়ণ'ত বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰক ভগৱান শ্ৰীৰামৰ চৰিত্ৰত দেখা যাব ৷ আনহাতে সীতাৰ চৰিত্ৰত আলিয়া ভাটৰ নাম পোহৰলৈ আহিছে। বাস্তৱ জীৱনৰ দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক ইয়াৰ পূৰ্বে আয়ন মুখাৰ্জীৰ ছবি ‘ব্ৰহ্মাস্ত্ৰ’ত দেখা পোৱা গৈছিল ৷ এই ছবিখন ছুপাৰ ডুপাৰ হিট ৰূপে পৰিগণিত হৈছিল ।