চিটাৰা ডেস্ক, ১১ জানুৱাৰী: এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে শ্ৰীদেৱীৰ জ্যেষ্ঠ কন্যা জাহ্নৱী কাপুৰৰ প্ৰেমিক শিখৰ পাহাৰিয়াই । দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীক ডেট কৰি থকাৰ খবৰ অহাৰ পাচতে চৰ্চালৈ আহিছে শিখৰ পাহাৰিয়া । দুয়োকে প্ৰায়ে একেলগে দেখা পোৱা গৈছিল । তাৰ পিচতে দুয়োগৰাকীয়ে ডেট কৰা বুলি খবৰ বিয়পি পৰিছিল ৷ এতিয়া শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ‘কফি উইথ কৰণ’ত শিখৰৰ সৈতে নিজৰ সম্পৰ্ক নিশ্চিত কৰিছে ।
শিখৰ পাহাৰিয়া কোন ?
এনে পৰিস্থিতিত জাহ্নৱী কাপুৰৰ অনুৰাগীসকলে জানিবলৈ আগ্ৰহী হৈ পৰিছে যে অভিনেত্ৰীগৰাকীৰ প্ৰেমিকজন কোন আৰু কি কৰে । আচলতে শিখৰৰ ছবি জগতৰ সৈতে কোনো সম্পৰ্ক নাই ৷ কিন্তু শিখৰৰ সম্পৰ্ক আছে ৰাজনৈতিক পৰিয়ালৰ সৈতে । তেওঁৰ মাতৃৰ ফালৰ পৰা ককা সুশীল কুমাৰ সিন্দে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল ।
শিখৰ পাহাৰিয়াৰ শিক্ষা
১৯৯৬ চনত মুম্বাইত জন্মগ্ৰহণ কৰা শিখৰ পাহাৰিয়াই বম্বে স্কটিছ আৰু ধীৰুভাই আম্বানী স্কুলত অধ্যয়ন কৰিছিল । ইয়াৰ পিচত তেওঁ লণ্ডনৰ ৰিজেণ্ট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ।
শিখৰ পৰহাৰিয়াৰ কেৰিয়াৰ
শিখৰ এজন পেছাদাৰী প’ল’ খেলুৱৈ । সৰুৰে পৰা প’ল’ খেলাৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিল । তেওঁৰ ইনষ্টাগ্ৰামত থকা ছবিসমূহৰ পৰা এই কথা সহজে জানিব পাৰি । ইয়াৰ উপৰিও তেওঁ এজন ব্যৱসায়ীও । লণ্ডনস্থিত এটা প্ৰতিষ্ঠানত বিনিয়োগ বিশ্লেষক হিচাপে কাম কৰিছিল, তাৰ পিচত ২০১৮ চনত শিখৰে মনোৰঞ্জন আৰু গেমিঙৰ ব্যৱসায় আৰম্ভ কৰিছিল ।
শিখৰ পাহাৰিয়াৰ সম্পত্তি
সম্পত্তিৰ কথা ক’বলৈ গ’লে ২৭ বছৰীয়া শিখৰ পাহাৰিয়াৰ কোটি টকাৰ সম্পত্তি আছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ৮৩ কোটি টকা ।
জাহ্নৱী আৰু শিখৰৰ সম্পৰ্ক
উল্লেখ্য যে, জাহ্নৱী আৰু শিখৰ শৈশৱৰ পৰা বন্ধু আছিল । দুয়োগৰাকীয়ে একেখন স্কুলতে পঢ়িছিল । চিনেমালৈ অহাৰ আগৰে পৰাই জাহ্নৱীৰ সৈতে চিনাকি আছিল শিখৰৰ । জাহ্নৱীয়ে ইয়াৰ পূৰ্বেও শিখৰৰ স’তে ডেট কৰিছিল । কিন্তু পিচত দুয়োৰে মাজত বিচ্ছেদ ঘটে আৰু অভিনেত্ৰীগৰাকীয়ে আন কাৰোবাৰ লগত ডেট কৰিবলৈ আৰম্ভ কৰে । কিন্তু এতিয়া আকৌ শিখৰৰ লগত সম্পৰ্কত আছে জাহ্নৱী । কৰণৰ শ্ব’ কফি উইথ কৰণত অভিনেত্ৰীগৰাকীয়ে শিখৰৰ বিষয়ে বহু গোপন কথা প্ৰকাশ কৰিছিল ।
লগতে পঢ়ক: কথিত প্ৰেমিকৰ সৈতে তিৰুমালা ভ্ৰমণ জাহ্নৱী কাপুৰৰ, চাওক ভিডিঅ’