ETV Bharat / entertainment

Brahmastra OTT: অ’টিটিৰ বাবে ব্ৰহ্মাস্ত্ৰৰ প্ৰচাৰ নচলাই ৰণবীৰে

আলিয়া ভাটে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত ৰণবীৰ কাপুৰে ব্ৰহ্মাস্ত্ৰ দলৰ এজন সদস্যৰ সৈতে ফোনত কথা পাতি থকা দেখা গৈছে ৷ মানুহজনে অ’টিটি প্লেটফৰ্মত ছবিখনৰ মুক্তিৰ পূৰ্বে তেওঁক ছবিখনৰ প্ৰচাৰৰ বাবে পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে । কিন্তু ভিডিঅ’টোত ৰণবীৰে নিজৰ বিৰক্তি প্ৰকাশ কৰি খঙত অগ্নিশৰ্মা হৈ পৰা যেন দেখা গৈছে ৷

author img

By

Published : Oct 26, 2022, 4:18 PM IST

Ranbir Kapoor
ব্ৰহ্মাস্ত্ৰৰ প্ৰচাৰ নচলাই ৰণবীৰে

চিটাৰা ডেস্ক, 26 অক্টোবৰ : 9 ছেপ্টেম্বৰত ডাঙৰ পৰ্দাত মুক্তি পোৱাৰ পূৰ্বে টিম ব্ৰহ্মাস্ত্ৰই ছবিখনৰ ব্যাপক প্ৰচাৰ চলাইছিল । ৰণবীৰে "মন্ষ্টাৰ হিট" বুলি অনুভৱ কৰা ছবিখন এতিয়া হিন্দী, তামিল, তেলুগু, কানাড়া আৰু মালয়ালম ভাষাত ডিজনী+ হটষ্টাৰত অ'টিটি মুক্তিৰ বাবে সাজু হৈ উঠিছে । ব্ৰহ্মাস্ত্ৰৰ অ’টিটিত মুক্তিৰ পূৰ্বে ৰণবীৰে অয়নৰ সৈতে সম্পৰ্ক শেষ কৰি প্ৰচাৰ নচলাই বুলি ফোনত ছবিখনৰ কোনোবা এজন সদস্যক কৈ থকা দেখা গৈছে ৷

দৰাচলতে আলিয়াই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত ৰণবীৰক অলপ খঙত থকা যেন দেখা গৈছে ৷ ফোনৰ ইপাৰে থকা মানুহজনে অ’টিটিত ছবিখনৰ মুক্তিৰ পূৰ্বে ৰণবীৰক পতিয়ন নিয়াবলৈ চেষ্টা কৰি থকা দেখা পোৱা গৈছে ৷ বিৰক্তি প্ৰকাশ কৰি থকা ৰণবীৰে আনকি কোৱা শুনা যায় যে তেওঁ "ব্ৰহ্মাস্ত্ৰ আৰু অয়ন মুকেৰ্জীৰ সৈতে সম্পৰ্ক শেষ"।

ভিডিঅ’টোৱে নেটিজেন সকলক বিবুধিত পেলাইছে ! আকৌ একেলগে কাম নকৰে নেকি অয়ন, ৰণবীৰ আৰু আলিয়াই ? প্ৰথমাৱস্থাত নেটিজেনকে ধৰি আন বলীউড চেলেব্ৰিটীসকলো আচৰিত হৈছিল ৷ কিন্তু সকলোৰে মন্তব্য দেখি পিছত সকলোৱে বুজি উঠিল যে ছবিখনৰ নিৰ্মাতাসকলৰ দ্বাৰা তৈয়াৰ কৰা ই এটা কুটিল ভিডিঅ’ ৷

আলিয়া আৰু ৰণবীৰ অভিনীত দুঃসাহসিক-পৌৰাণিক ছবি ব্ৰহ্মাস্ত্ৰ পাৰ্ট ৱান: শিৱাত অভিনয় কৰিছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন, মৌনী ৰয় আৰু নাগাৰ্জুনা আক্কিনেনীয়ে । আগন্তুক 4 নৱেম্বৰৰ পৰা ডিজনী+ হটষ্টাৰত প্ৰচাৰৰ বাবে উপলব্ধ হ’ব ছবিখন (Brahmastra ott release date) । অয়নৰ এই ছবিখনৰ ছেটতেই আলিয়া আৰু ৰণবীৰৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ।

আমোদজনক কথাটো হ’ল, এই ছবিখনত প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰিছে ৰণবীৰ-আলিয়াই ৷ এইখন ছবিৰ ছেটতেই প্ৰেমত পৰি বিয়া পাতি এতিয়া ছবিখনৰ অ’টিটিত মুক্তিৰ পূৰ্বে দুয়োৱে তেওঁলোকৰ প্ৰথমটি সন্তানৰ আশা কৰি আছে ৷

লগতে পঢ়ক : Charu Asopa and Rajeev Sen file for divorce: বিবাহ বিচ্ছেদৰ আবেদন জনালে চাৰু অচোপাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.