ETV Bharat / entertainment

WATCH: মাতৃ আলিয়াই নিজৰ কন্যা অভিনেত্ৰী হোৱাটো নিবিচাৰে, ডাঙৰ হৈ ৰাহাই কি পেছা বাছি ল’ব ক’লে আলিয়াই

author img

By

Published : Jul 21, 2023, 5:12 PM IST

আলিয়া ভাটৰ মতে তেওঁৰ কন্যা ডাঙৰ হৈ অভিনেত্ৰী নহয়, ডাক্তৰ বা অভিযন্তাও নহয়। তেতিয়াহ’লে কি হ’ব ৷ খোদ ক’লে আলিয়া ভাটে ৷ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

WATCH : Alia Bhatt wants her daughter Raha Kapoor to be a scientist
আলিয়া ভাটৰ মতে তেওঁৰ কন্যা ডাঙৰ হৈ অভিনেত্ৰী নহয়

চিটাৰা ডেস্ক, 21 জুলাই: ২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আৱদ্ধ হৈছিল আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ ৷ ২০২২ চনৰ ৬ নৱেম্বৰত আলিয়া আৰু ৰণবীৰ পিতৃ-মাতৃ হয় ৷ আলিয়াই এটি কন্যা সন্তানক জন্ম দিয়ে ৷ আলিয়া আৰু ৰণবীৰে তেওঁলোকৰ মৰমলগা কন্যাৰ নাম ৰাখিছে ৰাহা । আলিয়া আৰু ৰণবীৰে প্ৰায়ে নিজৰ প্ৰিয় কন্যাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত কোৱা দেখা যায় ৷ শেহতীয়াকৈ পুনৰ আলিয়াই নিজৰ কন্যাৰ বিষয়ে উল্লেখ কৰিছে ৷ ৰাহা ডাঙৰ হৈ কি পেছা বাছি ল’ব সেই বিষয়ে উল্লেখ কৰিছে আলিয়াই ৷

দৰাচলতে ভাৰতৰ ইণ্টাৰনেশ্যনেল মুভমেণ্ট টু ইউনাইট নেচনছ (IIMUN) বেক টু স্কুল ছিৰিজৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতি আলিয়াই কয় যে তেওঁ ৰাহা এগৰাকী বিজ্ঞানী হোৱাটো বিচাৰে। অনুষ্ঠানত ৰণবীৰ সিং আৰু কৰণ জোহৰেও অংশগ্ৰহণ কৰে । ইয়াত তেওঁ প্ৰায় ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা মত বিনিময় কৰিছিল । আই আই এম ইউ এনত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি আলিয়া ভাটে কয় যে, "মই মোৰ ছোৱালীজনীলৈ চাই কওঁ 'তু তো চাইণ্টিষ্ট বনেগী'।" বৰ্তমান আলিয়াৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে।

পাতল নীলা ৰঙৰ শাৰীত অতি সুন্দৰ দেখা গৈছে আলিয়াক

এই অনুষ্ঠানত পাতল নীলা ৰঙৰ শাৰী আৰু মেচিং ব্লাউজ পৰিধান কৰি অংশগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷ লাইট মেকআপৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল আলিয়াই ৷ আনহাতে অনুষ্ঠানটোত কৰণ জোহৰক অল ব্লেক লুকত দেখা পোৱাৰ বিপৰীতে ৰণবীৰ সিঙক অল হোৱাইট লুকত দেখা পোৱা গৈছিল।

'ৰকি অৰ ৰাণী কি প্ৰেম কাহিনী' কেতিয়া মুক্তি পাব ?

সাত বছৰৰ মূৰত ‘ৰকি অউৰ ৰাণী কি প্ৰেম কাহানী’ ছবিৰে পৰিচালকৰ ৰূপত পুনৰ আগমন ঘটিছে কৰণ জোহৰৰ ৷ ছবিখনত পুনৰ এবাৰ দেখা যাব ৰণবীৰ সিং আৰু আলিয়া ভাটৰ যুটি। ইয়াৰ আগতে এই যুটিটোক গলি ব’য়ত দেখা গৈছিল ৷ ছবিখন ৰোমান্টিক নাটকৰ ওপৰত নিৰ্মিত । একে সময়তে এই ছবিখনৰ সন্দৰ্ভত অনুৰাগীৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে । উল্লেখ্যে যে অহা ২৮ জুলাইত ছবিগৃহত মুক্তি পাব ‘ৰকি অউৰ ৰাণী কি প্ৰেম কাহানী’ ছবিখন ।

লগতে পঢ়ক: Oppenheimer : বিশ্বৰ আটাইতকৈ ভয়াৱহ যুদ্ধৰ ওপৰত নিৰ্মিত ছবি ‘অপেনহাইমাৰ’, ইতিহাস জানি গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.