ETV Bharat / entertainment

ঘোষণা হ’ল হৃত্বিক ৰোশন-জুনিয়ৰ এনটিআৰ অভিনীত War 2 ৰ মুক্তিৰ তাৰিখ

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 2:53 PM IST

War 2 Release Date Out: হৃত্বিক ৰোশন আৰু জুনিয়ৰ এনটিআৰ অভিনীত আগন্তুক ছবি ‘ৱাৰ ২’ৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে । ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে নিৰ্মাতাই ।

http://10.10.50.90:6060///finaloutc/english-nle/finalout/29-November-2023/20138960_collage.jpg
‘War 2’ ৰ মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, ২৯ নৱেম্বৰ: ছলমান খান-কেটৰিণা কাইফ অভিনীত ছবি ‘টাইগাৰ ৩’ৰ সফলতাৰ পিচত অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে YRF স্পাই ইউনিভাৰ্ছৰ পৰৱৰ্তী ছবি ‘ৱাৰ ২’ৰ বাবে । অৱশেষত অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ নিৰ্মাতাই ঘোষণা কৰিছে ‘ৱাৰ ২’ৰ মুক্তিৰ তাৰিখ । হৃত্বিক ৰোশন অভিনীত ছবি ‘War 2’ কেতিয়া ছবিগৃহত মুক্তি পাব জানি লওক এই প্ৰতিবেদনত ৷

কেতিয়া ছবিগৃহত মুক্তি পাব ‘War 2’ ?

হৃত্বিক ৰোশন-জুনিয়ৰ এন টি আৰ অভিনীত ছবি ৱাৰ ২ ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে । ফিল্ম ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে টুইটাৰত টুইট কৰি লিখিছে, “ব্ৰেকিং নিউজ... ৱাই আৰ এফে ঘোষণা কৰিছে ৱাৰ ২ ৰ মুক্তিৰ তাৰিখ । স্বাধীনতা দিৱসৰ উইকেণ্ড ২০২৫... ৱাই আৰ এফ স্পাই ইউনিভাৰ্ছৰ ষষ্ঠখন ছবি – ৱাৰ ২ ৰ মুক্তিৰ তাৰিখ...১৪ আগষ্ট ২০২৫, বৃহস্পতিবাৰে মুক্তি পাব আয়ন মুখাৰ্জীয়ে পৰিচালনা কৰা ছবিখন আৰু ইয়াৰ প্ৰযোজক হৈছে ৱাই আৰ এফ ।’’

‘ৱাৰ ২’ ৱাই আৰ এফৰ স্পাই ইউনিভাৰ্ছৰ ষষ্ঠখন ছবি

এক থা টাইগাৰ, টাইগাৰ জিন্দা হে, ৱাৰ, পাঠান আৰু টাইগাৰ ৩ ৰ পিচত ৱাই আৰ এফৰ স্পাই ইউনিভাৰ্ছৰ ষষ্ঠখন ছবি হৈছে ৱাৰ ২ । ২০১৯ চনত মুক্তি পোৱা ৱাৰ ছবিখনত হৃত্বিক ৰোশন, টাইগাৰ শ্ৰফ আৰু ভানী কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ছবিখনত হৃত্বিকে মেজৰ কবীৰ ধালিৱালৰ চৰিত্ৰত অভিনয় কৰিছিল ।

‘ৱাৰ ২’ৰ অভিনেতা-অভিনেত্ৰী

আয়ন মুখাৰ্জীয়ে পৰিচালনা কৰিছে ‘ৱাৰ ২’ । ছবিখনৰ তাৰকা অভিনেতা-অভিনেত্ৰীৰ সম্পূর্ণ তথ্য এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ হোৱা নাই ৷ অৱশ্যে ছবিখনত হৃত্বিক ৰোশনৰ সৈতে জুনিয়ৰ এন টি আৰ থকাৰ খবৰ নিশ্চিত হৈছে । কিছুদিন পূৰ্বে খবৰ আহিছিল যে কিয়াৰা আদৱানীয়েও ছবিখনত অভিনয় কৰিব । অৱশ্যে এই সন্দৰ্ভত একো নিশ্চিত তথ্য পোৱা নাই ।

লগতে পঢ়ক: মুক্তিৰ পূৰ্বেই এনিমেলে কৰিলে কোটি কোটি টকাৰ ব্যৱসায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.