ETV Bharat / entertainment

Vivek Agnihotri : পৰিয়াল, পৰিয়াল, পৰিয়াল, গান্ধী পৰিয়ালে কৰণ জোহৰৰ ছবিত অভিনয় আৰম্ভ কৰক- বিবেক অগ্নিহোত্ৰী - ভাতৃ ৰাহুল গান্ধী

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ভাতৃ ৰাহুল গান্ধীক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাৰ পিচত শেহতীয়াকৈ প্ৰিয়ংকা গান্ধীয়ে দিয়া ভাষণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে (Vivek Agnihotri)।

Vivek Agnihotri suggests Gandhi family start acting in Karan Johar movies
গান্ধী পৰিয়াল সন্দৰ্ভত বিবেক অগ্নিহোত্ৰীৰ মন্তব্য়
author img

By

Published : Mar 26, 2023, 5:51 PM IST

চিটাৰা ডেস্ক, 26 মাৰ্চ: শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে গান্ধী পৰিয়ালৰ লোকে কৰা ত্যাগ সম্পৰ্কে ব্যক্ত কৰিছিল (Vivek Agnihotri priyanka gandhi) । ইয়াৰ পিচতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে ৷ প্ৰিয়ংকা গান্ধীৰ এই মন্তব্যৰ পিচতে চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে টুইটাৰত ক্ৰোধিতভাৱে টুইট কৰি কয় যে কৰণ জোহৰৰ ছবিত গান্ধী পৰিয়ালে অভিনয় কৰিবলৈ আৰম্ভ কৰা উচিত (Vivek Agnihotri on Gandhi family)।

২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা (Rahul Gandhi disqualification) কৰাৰ প্ৰতিবাদত নতুন দিল্লীৰ মহাত্মা গান্ধীৰ স্মৃতিসৌধ ৰাজঘাটত সংকল্প সত্যগ্ৰহত ভাষণ দিছিল প্ৰিয়ংকা গান্ধীয়ে । ভাষণত তেওঁ কয়, "মোৰ পৰিয়ালৰ তেজে ভাৰতবৰ্ষত গণতন্ত্ৰ বজাই ৰাখিছে । এই দেশৰ গণতন্ত্ৰৰ বাবে আমি যিকোনো কাম কৰিম । কংগ্ৰেছৰ মহান নেতাসকলে এই দেশত গণতন্ত্ৰৰ ভেটি স্থাপন কৰিছিল ।"

  • Family… family…. Family… What have you done? Family se itna fake pyaar hai to I’d suggest it’s time Gandhis start acting in Karan Johar films. At least, family ecosystem to match karega. Kya pata KJo ko bhi le doobein. https://t.co/Tss4s27U4B

    — Vivek Ranjan Agnihotri (@vivekagnihotri) March 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰিয়ংকা গান্ধীয়ে কয়, "আজিলৈকে তেওঁলোকে আমাৰ পৰিয়ালক বহুত অপমান কৰি আহিছে আৰু আমি মৌন হৈ আছিলো কিন্তু আৰু মৌন হৈ নাথাকো । এজন ব্যক্তিক আপুনি কিমান অপমান কৰিব ? বনবাসত পঠোৱা ভগৱান ৰাম ‘পৰিয়ালকেন্দ্ৰীক’ আছিল নেকি ?"

অনুষ্ঠানটোৰ পৰা প্ৰিয়ংকাৰ এটা ভিডিঅ’ ক্লিপক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিবেকে নিজৰ টুইটত লিখিছে, "পৰিয়াল... পৰিয়াল... পৰিয়াল... আপুনি কি কৰিলে ? যদি পৰিয়ালৰ প্ৰতি ইমান ভুৱা প্ৰেম আছে, তেন্তে মই পৰামৰ্শ দিওঁ যে গান্ধী পৰিয়ালে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ ছবিত কাম আৰম্ভ কৰক । অন্ততঃ পৰিয়ালৰ পৰিৱেশ তন্ত্ৰৰ মিল থাকিব । কি ঠিক কৰণ জোহৰকো লৈ পানীত ডুবি যাব (Vivek Agnihotri Gandhi family) ৷"

আন এটা টুইটত নিৰ্মাতাগৰাকীয়ে লিখিছে, "ভিক্টিম কাৰ্ড হৈছে প্ৰাপ্যৰ প্ৰথম আৰু শেষ প্ৰতিৰক্ষা ।" উল্লেখ্য যে "দ্য কাশ্মীৰ ফাইলছ"ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ বিষয়ে প্ৰায়ে টুইট কৰি আহিছে (Vivek Agnihotri tweets)।

লগতে পঢ়ক: Rahul Gandhis disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা হিমাচলৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.