চিটাৰা ডেস্ক, 28 মাৰ্চ: গ্ল’বেল ষ্টাৰ তথা বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ শেহতীয়া এটা মন্তব্যই আলোড়নৰ সৃষ্টি কৰিছে বলীউডত ৷ শেহতীয়াকৈ প্ৰিয়ংকাই এটা বিদেশী প’ডকাষ্ট শ্ব’ত বলীউড এৰি যোৱাৰ এনে এটা কাৰণ দাঙি ধৰিছে (Priyanka Chopra on Dax Shepherd podcast), যি কাৰণৰ ফলত সমগ্ৰ চলচ্চিত্ৰ জগতত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ (Vivek Agnihotri lauds Priyanka Chopra)।
প্ৰিয়ংকা চোপ্ৰাই বিদেশী প’ডকাষ্ট শ্ব’টোত উল্লেখ কৰা অনুসৰি, বলীউডত হোৱা ৰাজনীতিৰ লগত যুঁজিব নোৱাৰাৰ লগতে ভাগৰুৱা হৈ বহিঃৰাষ্ট্ৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল (Priyanka Chopra on leaving bollywood) । প্ৰিয়ংকাৰ এই মন্তব্যৰ পিচতেই প্ৰথমে কংগনা ৰানাৱটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু এতিয়া বিতৰ্কিত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে প্ৰিয়ংকা চোপ্ৰাক মুকলিকৈ সমৰ্থন কৰা পৰিলক্ষিত হৈছে ।

বিবেক অগ্নিহোত্ৰীৰ টুইট
প্ৰিয়ংকা চোপ্ৰাক সমৰ্থন কৰি বিবেক অগ্নিহোত্ৰীয়ে টুইট কৰি লিখিছে, "যেতিয়া ছবি জগতত এনে গুণ্ডাগিৰি হয়, তেতিয়া কোনোবাই আঁঠু লয়, কোনোবাই গুচি যায়, কোনোবাই হেৰুৱাই আঁতৰি যায় ৷ আনকি বহুতে প্ৰাণ হেৰুৱাবলগীয়াও হয় ৷ এই গুণ্ডাগিৰি বিৰুদ্ধে বহুত কম মানুহেই নিজৰ অন্য এক পৃথিৱী সৃষ্টি কৰি লয় ৷ আপুনি এগৰাকী বাস্তৱ জীৱনৰ তাৰকা ।"
কংগনা ৰানাৱটেও সমৰ্থন কৰিলে প্ৰিয়ংকাক
প্ৰিয়ংকা চোপ্ৰাই বলীউডৰ ত্যাগ কৰাৰ কাৰণ জানিব পাৰি ক্ষুব্ধ হৈ পৰে কংগনা ৰানাৱট ৷ কংগনাইও প্ৰথমে অনুভৱ কৰিছিল যে, প্ৰিয়ংকা চোপ্ৰাই নিজৰ ইচ্ছামতে আমেৰিকান কণ্ঠশিল্পীৰ লগত বিবাহপাশত আৱদ্ধ হৈ বলীউড এৰি বহিঃৰাষ্ট্ৰত থিতাপি লৈছিল ৷ সেই বাবেই বলীউড ত্যাগ কৰিছে বুলি ভাবিছিল (Priyanka Chopra on politics in Bollywood) ৷
কিন্তু যেতিয়া প্ৰিয়ংকাই ক’লে যে, বলীউডৰ ৰাজনীতিৰ বাবে ভাৰতীয় চলচ্চিত্ৰ জগত এৰিব লগা হৈছে ৷ তেতিয়া কুইন কংগনাই ক্ষোভিত হৈ ছ’চিয়েল মিডিয়াত কেইবাটাও পোষ্ট শ্বেয়াৰ কৰা দেখা পোৱা যায় ৷ প্ৰিয়ংকাৰ এই মন্তব্যৰ পিচতে কৰণ জোহৰক পোনপটীয়াকৈ টাৰ্গেট কৰি লয় কংগনাই ৷ পোষ্ট শ্বেয়াৰ কৰি কৰণ জোহৰক সমালোচনা কৰে কংগনাই (Vivek Agnihotri on Priyanka Chopra leaving India) ৷
লগতে পঢ়ক: Priyanka Chopra: বলীউড ত্যাগ কৰাৰ কাৰণ ক’লে প্ৰিয়ংকাই, ইয়াৰ পিচতে কৰণ জোহৰক টাৰ্গেট কংগনাৰ