ETV Bharat / entertainment

Vikrant Massey: অতি সোনকালেই অভিনেতা বিক্ৰান্ত মেছিৰ ঘৰলৈ আহিব এটি কণমানি অতিথি

মিৰ্জাপুৰৰ ফেম অভিনেতা বিক্ৰান্ত মেছি আৰু তেওঁৰ পত্নী শীতল ঠাকুৰ অতি সোনকালেই পিতৃ-মাতৃ হ’ব বুলি বাতৰি প্ৰকাশ পাইছে । যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত বিবাহপাশত আবদ্ধ হৈছিল দুয়ো ।

Vikrant Massey and Sheetal Thakur expecting first child together? Deets inside
বিক্ৰান্ত মেছি আৰু তেওঁৰ পত্নী শীতল ঠাকুৰ অতি সোনকালেই পিতৃ-মাতৃ হ’ব
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 1:23 PM IST

চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ: অতি সোনকালেই পিতৃ হ’ব মিৰ্জাপুৰৰ বাবলু পণ্ডিত নামেৰে পৰিচিত জনপ্ৰিয় অভিনেতা বিক্ৰান্ত মেছি । কিছুদিন পিচতে এটি কণমানি অতিথিৰ আগমণ ঘটিব বিক্ৰান্ত মেছিৰ বাসগৃহত। হয়, শেহতীয়াকৈ বিক্ৰান্তৰ পত্নী শীতল ঠাকুৰ অন্তঃসত্বা হোৱাৰ খবৰ পোৱা গৈছে । প্ৰথম সন্তানক আদৰিবলৈ সাজু হৈছে এই দম্পতীয়ে । বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পৰম্পৰাগত ৰীতি-নীতি অনুসৰি বিক্ৰান্ত আৰু শীতলৰ বিবাহ হৈছিল । বিবাহৰ এবছৰৰ পিচতে এতিয়া পৰিয়াল পৰিকল্পনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে দুয়ো ।

অভিনেতাগৰাকীৰ এক ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমত জনোৱা মতে, বিক্ৰান্ত আৰু শীতল ঠাকুৰ দুয়োগৰাকীয়ে এই ভাল খবৰত অতি সুখী হোৱাৰ লগতে বিয়াৰ পিচত জীৱনৰ নতুন পৰ্যায়ক লৈও অতিশয় উৎসাহিত । এই খবৰ ওলোৱাৰ পিচতে অনুৰাগীয়ে আগতীয়াকৈ বিক্ৰান্ত আৰু তেওঁৰ পত্নীক অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে ।

ইফালে বিক্ৰান্তৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে বিক্ৰান্ত বৰ্তমান ব্যস্ত অ’টিটিত । ‘মেড ইন হেভেন’, ‘গেছলাইট’ আৰু ‘মুম্বাইকাৰ’ৰ দৰে বহু ৱেব ছিৰিজত তেওঁক দেখা পোৱা গৈছিল । এতিয়া শীঘ্ৰেই তেওঁক দেখা যাব ইয়াৰ জিগ্ৰি, ছেক্টৰ ৩৬, ১২ নং ফেইল আৰু ফিৰ আয়ী হাছিন দিলৰুবাত ।

বিক্ৰান্ত আৰু শীতলৰ প্ৰেম কাহিনী বাকী সকলোতকৈ অলপ বেলেগ ৷ দুয়োৰে প্ৰথম লগ হৈছিল ALTBalajiৰ ৱেব শ্ব’ Broken But Beautiful চেটত । তাৰ পৰাই অতি সোনকালেই দুয়ো ইগৰাকীয়ে সিগৰাকীক ডেট কৰিবলৈ আৰম্ভ কৰে আৰু ২০১৯ চনৰ নৱেম্বৰ মাহত ব্যক্তিগত অনুষ্ঠানত আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে ৷

কিন্তু বিয়াৰ পিচত বিক্ৰান্তে পত্নী আৰু বিবাহ জীৱন গোপন কৰি ৰাখিছে । এবাৰ সাক্ষাৎকাৰত তেওঁ শীতলক প্ৰশংসা কৰি কয় যে তেওঁলোকৰ বিবাহিত জীৱনটো বহুত ভাল হৈছে । তেওঁ কৈছিল, "হয়, এতিয়া বহুত কথা বেলেগ । মই অনুভৱ কৰোঁ বহুত কথা বেলেগ কিন্তু মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত বিয়া হৈছোঁ আৰু ইয়াতকৈ বেছি একো নালাগে ।"

ইফালে শীতল ঠাকুৰে আপষ্টাৰ্টছ, ব্রিজ মোহন অমৰ ৰাহে আৰু চাপ্পাৰ ফাড় কে আদি বহু ছবি আৰু ৱেব শ্ব’তো অভিনয় কৰিছে ৷

লগতে পঢ়ক: Rubina Dilaik: ৰুবিনা দিলাইক তথা অভিনৱ শুক্লাৰ ঘৰলৈ আহিব নতুন আলহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.