ETV Bharat / entertainment

Vijay Raghavendra Wife Died: হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বিজয় ৰাঘবেন্দ্ৰৰ পত্নীৰ

কানাড়া চলচ্চিত্ৰ অভিনেতা বিজয় ৰাঘবেন্দ্ৰৰ পত্নী স্পন্দনা ৰাঘবেন্দ্ৰৰ মৃত্যু ৷ বেংককৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰে স্পন্দনাই ৷

author img

By

Published : Aug 7, 2023, 3:54 PM IST

Vijay Raghavendra's wife Spandana dies of heart attack during Bangkok vacation
অভিনেতা বিজয় ৰাঘবেন্দ্ৰৰ পত্নী স্পন্দনা ৰাঘবেন্দ্ৰৰ মৃত্যু ৷

চিটাৰা ডেস্ক, 7 আগষ্ট: কানাড়া চলচ্চিত্ৰ অভিনেতা বিজয় ৰাঘবেন্দ্ৰৰ পত্নী স্পন্দনা ৰাঘবেন্দ্ৰৰ হৃদৰোগত আক্ৰান্ত হৈ বেংককৰ এখন চিকিৎসালয়ত মৃত্যু হয়। খবৰ অনুসৰি এই ঘটনা সংঘটিত হোৱাৰ সময়ত স্পন্দনা পৰিয়ালসহ থাইলেণ্ডত আছিল । প্ৰাৰম্ভিক পৰ্যায়ত স্পন্দনাৰ ল’ ব্লাডপ্ৰেচাৰ থকাৰ বাবেই হাৰ্ট এটেক হোৱা বুলি অনুমান কৰা হৈছে ৷ একে সময়তে এই ঘটনাৰ পিচত সকলো বন্ধু-বান্ধৱী আৰু চেলিব্ৰিটিয়ে এই কঠিন সময়ত অভিনেতাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ ওচৰত থিয় দিছে।

ছুটী উপভোগ কৰিবলৈ বেংককলৈ গৈছিল বিজয় ৰাঘবেন্দ্ৰৰ পত্নী স্পন্দনা

সূত্ৰৰ পৰা জানিব পৰা মতে, স্পন্দনাই ছুটী উদযাপন কৰিবলৈ পৰিয়ালটোৰ সৈতে বেংককলৈ গৈছিল । কিন্তু ছুটীয়েই যেন কাল ৰূপে পৰিগণিত হয় স্পন্দনাৰ বাবে ৷ জানিব পৰা মতে প্ৰথমে বুকুৰ বিষ আক্ৰান্ত হয় স্পন্দনা ৷ ইয়াৰ পিচত তেওঁক লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসালয়তে মৃত্যুবৰণ কৰে তেওঁ ৷ অহা ৮ আগষ্টত স্পন্দনাৰ মৃতদেহ বেংগালুৰুত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷ বেংগালুৰুতে হ’ব তেওঁৰ অন্তিম সংস্কাৰ ৷ মৃত্যুৰ সময়ত তেওঁ স্বামী বিজয় ৰাঘবেন্দ্ৰ আৰু পুত্ৰ শৌৰ্য্যক এৰি থৈ যায় ।

এই মাহতে আছিল বিজয়-স্পন্দনাৰ ১৬ বছৰীয়া বিবাহ বাৰ্ষিকী

এই মৰ্মান্তিক ঘটনাটো এনে এটা সময়ত সংঘটিত হৈছে যেতিয়া এই মাহত এই দম্পতীয়ে বিবাহৰ ১৬ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ ওলাইছিল । ২০০৭ চনত স্পন্দনাই বিজয় ৰাঘবেন্দ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় । তুলু পৰিয়ালৰ পৰা অহা স্পন্দনা প্ৰাক্তন আৰক্ষী বিষয়া শিৱৰামৰ কন্যা । ২০১৭ চনত মুক্তি পোৱা ৰবিচন্দ্ৰনৰ ছবি অপূৰ্বত কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল । এই ছবিখনৰ জৰিয়তে তেওঁ চেণ্ডেলউডতো আত্মপ্ৰকাশ কৰিছিল ৷

জনপ্ৰিয় অভিনেতা বিজয় ৰাঘৱেন্দ্ৰ

প্ৰয়াত স্পন্দনাৰ স্বামী বিজয় ৰাঘবেন্দ্ৰ চেণ্ডেলউডৰ জনপ্ৰিয় অভিনেতা । চিন্নাৰি মুথা ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় বঁটা লাভ কৰে অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক: J Om Prakash Death Anniversary: জে. ওম প্ৰকাশৰ নামত ‘জে’ৰ অৰ্থ কি ? অৰ্থ জানিলে চেলুট কৰিব আপুনিও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.