ETV Bharat / entertainment

Rashmika Mandanna Video: ৰশ্মিকাৰ ডিপফেক ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কথিত প্ৰেমিক বিজয় দেৱেৰাকোণ্ডাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 4:53 PM IST

শেহতীয়াকৈ ডিপফেকৰ বলি হৈছে অভিনেত্ৰী ৰশ্মিকা মন্দন্না । তেওঁৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । ইয়াক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজয় দেৱেৰাকোণ্ডাই ।

Vijay devarakonda reacts to Rashmika mandanna's deepfake video
ৰশ্মিকা মন্দন্না ভিডিঅ’ক লৈ বিজয় দেৱেৰাকোণ্ডাৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, 8 নৱেম্বৰ: ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিজয় দেৱেৰাকোণ্ডা । অভিনেতাগৰাকীয়ে প্ৰতিদিনে কিবা নহয় কিবা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা দেখা যায় । শেহতীয়াকৈ বিজয়ৰ কথিত প্ৰেমিকা ৰশ্মিকা মন্দন্নাৰ এটা ডিপফেক ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত । এই ভিডিঅ’টোক লৈ বলীউডৰ মেগাষ্টাৰ বিগ বিৰ লগতে বহু চেলিব্ৰিটিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা ল’বলৈও আহ্বান জনাইছিল ৷ বহু চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছিল । এতিয়া বিজয় দেৱেৰাকোণ্ডাই ৰশ্মিকাৰ ডিপফেক ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰাম একাউন্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে । বিজয়ে পোষ্টটো শ্বেয়াৰ কৰি কয় যে এনেকুৱা হ’ব নালাগিছিল ।

বিজয় দেৱেৰাকোণ্ডাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত ৰশ্মিকাৰ ডিপফেক ভিডিঅ’ক লৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । বিজয়ে এই পোষ্টটো শ্বেয়াৰ কৰি ইয়াৰ সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ।

ক্ষুব্ধ হৈ পৰিল বিজয়

এই পোষ্টটো শ্বেয়াৰ কৰি বিজয়ে লিখিছে – ভৱিষ্যতৰ বাবে এয়া এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ । কাৰো লগত এনেকুৱা হোৱা উচিত নহয় । ইয়াৰ সমান্তৰালকৈ এটা সক্ষম চাইবাৰ উইং শীঘ্ৰে গঠন কৰি এনে ঘটনা তৎকালীনভাৱে বন্ধ কৰি অপৰাধীক শাস্তি প্ৰদান কৰিব লাগে ।

উল্লেখ্য যে, শেহতীয়াকৈ ৰশ্মিকা মন্দন্নাৰ এটা FAKE ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল । ভিডিঅ’টোত ৰশ্মিকাৰ মুখখন আন কাৰোবাৰ ভিডিঅ’ৰ ওপৰত চুপাৰ ইম্প’জ কৰা হৈছিল । লগে লগে ভিডিঅ’টো ভাইৰেল হৈ পৰে আৰু একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ইয়াক ডিপফেক বুলি অভিহিত কৰে ।

লগতে পঢ়ক: Rashmika Mandanna: ভাইৰেল ভিডিঅ’ৰ পিচত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ দেখা গ’ল ৰশ্মিকাক, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.