ETV Bharat / entertainment

লাইগাৰ ছবিৰ ধন সৰবৰাহৰ গোচৰত 9 ঘণ্টা ধৰি ইডিয়ে জেৰা কৰিলে বিজয় দেৱেৰাকোণ্ডাক - লাইগাৰ ছবিৰ ধন সৰবৰাহৰ গোচৰ

ধন সৰবৰাহৰ গোচৰত বিজয় দেৱেৰাকোণ্ডাক প্ৰায় 9 ঘণ্টা ধৰি ইডিয়ে জেৰা কৰিছিল । জেৰাৰ অন্তত অভিনেতাজনে কয় যে অনুৰাগীৰ বাবেই তেওঁ ‘আৱদ্ধ’ হৈ পৰিলে ।

vijay devarakonda
ইডিয়ে জেৰা কৰিলে বিজয় দেৱেৰাকোণ্ডাক
author img

By

Published : Dec 1, 2022, 10:39 AM IST

চিটাৰা ডেস্ক, 1 ডিচেম্বৰ : বলীউডত খোজ দিয়া প্ৰথমখন ছবিৰ বাবেই ধন সৰবৰাহৰ গোচৰত জড়িত হৈ পৰিছে দক্ষিণৰ অভিনেতা বিজয় দেৱৰাকোণ্ডা ৷ বুধবাৰে বলবৎকাৰী সঞ্চালকালয়ে জেৰা কৰে অভিনেতাজনক । শেহতীয়াকৈ মুক্তি পোৱা ‘লাইগাৰ’ ছবিখনৰ বাবে পুঁজি বিনিয়োগ সন্দৰ্ভত হায়দৰাবাদত জেৰা কৰা হয় বিজয়ক ৷ FEMA (Foreign Exchange Management Act) উলংঘা কৰি কোটি কোটি টকা বিনিয়োগ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে অভিনেতাজনৰ পৰা তথ্য বিচাৰিছে ইডিয়ে । প্ৰায় 9 ঘণ্টা ধৰি অভিনেতাগৰাকীক জেৰা কৰে ইডিয়ে । লাইগাৰৰ সৈতে জড়িত পেমেণ্টৰ তদন্ত কৰি আছে ইডিয়ে ।

বিজয় দেৱেৰাকোণ্ডাই কি ক’লে ?

ইডিয়ে সোধা-পোছা কৰাৰ অন্তত অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ইডিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ তেওঁ দিছে । এই অনুসন্ধানৰ কাৰণ অভিনেতাগৰাকীয়ে অনুৰাগীৰ মৰমৰ পাৰ্শ্বক্ৰিয়া আৰু সমস্যা হিচাপে উল্লেখ কৰিছে । অভিনেতাগৰাকীয়ে কয়, ‘আপোনালোক সকলোৱে যি মৰম দিয়ে, ইয়াৰ কিছু সমস্যা আৰু অসুবিধাও থাকে, কিন্তু এয়াও এক অভিজ্ঞতা আৰু এয়াই জীৱন, মোক মাতি অনাৰ সময়ত মই মোৰ কৰ্তব্য পালন কৰিছো, সকলো প্ৰশ্নৰ সঠিক উত্তৰ দিছো’ ৷ অভিনেতাজনক পুনৰ সোধা-পোছাৰ বাবে মাতি অনা হ’ব নেকি বুলি সোধাত তেওঁ নেতিবাচক উত্তৰ দিয়ে ।

লাইগাৰৰ চলচ্চিত্ৰ নিৰ্মাতাক 12 ঘণ্টা ধৰি জেৰা কৰা হয়

ইয়াৰ পূৰ্বে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত লাইগাৰ ছবিৰ পৰিচালক পুৰী জগন্নাধ আৰু প্ৰযোজক চাৰ্মী কৌৰকো ইডিয়ে জেৰাৰ বাবে মাতিছিল । প্ৰায় 12 ঘণ্টা ধৰি জেৰা কৰিছিল ইডিয়ে ৷ কংগ্ৰেছ নেতা বাক্কা জুডছনে সন্দেহজনক পথৰ জৰিয়তে চলচ্চিত্ৰখনত বিনিয়োগৰ বিষয়ে অভিযোগ দাখিল কৰাৰ পিছত ইডিয়ে তদন্তটো হাতত লৈছিল । বাক্কাই অভিযোগ কৰিছিল যে আন ৰাজনীতিবিদসকলেও লাইগাৰত ধন বিনিয়োগ কৰিছিল । তেওঁ দাবী কৰিছিল যে বিনিয়োগকাৰীসকলে তেওঁলোকৰ ক'লা ধনক বগালৈ পৰিৱৰ্তন কৰাৰ আটাইতকৈ সহজ উপায় বিচাৰি পাইছিল ।

অনন্যা পাণ্ডেৰ সৈতে বিজয়ৰ আছিল এইখন বলীউডত প্ৰথম ছবি ৷ বক্স অফিচত ফ্লপ প্ৰমাণিত হৈছিল ছবিখন ৷

লগতে পঢ়ক : Arjun Kapoor slams website: মালাইকা আৰোৰাৰ গৰ্ভধাৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে ৱেৱচাইটক সকিয়নী অৰ্জুনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.