ETV Bharat / entertainment

Vicky Kaushal: প্ৰথম অৱস্থাত কেটৰিনাৰ পৰা পোৱা মনোযোগে হতবাক কৰিছিল বিকি কৌশলক; বিকিয়ে নিজকে প্ৰশ্ন কৰিছিল - মইয়ে কিয় ? - বিকি কৌশল

বিকি কৌশলে ক’লে কেনেকৈ তেওঁ কেটৰিনা কাইফক প্ৰথমবাৰ ডেটত লৈ গৈছিল ৷ অভিনেতাগৰাকীয়ে লগতে কয় যে প্ৰথম অৱস্থাত কেটৰিনাৰ পৰা মনোযোগে তেওঁক হতবাক কৰিছিল ৷

Vicky Kaushal reveals how he asked Katrina Kaif out on their first date, what he finds most attractive about her
বিকি কৌশলে ক’লে কেনেকৈ তেওঁ কেটৰিনা কাইফক প্ৰথমবাৰ ডেটত লৈ গৈছিল
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 12:28 PM IST

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ: বলীউডত কেটৰিনা কাইফ আৰু বিকি কৌশলৰ যুটি এনেকুৱা এটা যুটি যিটো সকলোৰে বাবে অবিশ্বাস্য আছিল ৷ কেটৰিনা কাইফ আৰু বিকি কৌশলে যেতিয়া নিজৰ বিবাহৰ খবৰ ছ’চিয়েল মিডিয়াত ৰাজহুৱা কৰিছিল তেতিয়া সকলো হতবাক হৈ পৰিছিল ৷ কাৰণ ইয়াৰ পূৰ্বে দুয়োকে কেতিয়াও ৰাজহুৱা স্থানত একেলগে দেখা পোৱা যোৱা নাছিল ৷

সেয়েহে, সকলো আচৰিত হৈ পৰিছিল ৷ অৱশ্যে বিবাহৰ পিচত কেতিয়াবা যদি কেটৰিনাই, আকৌ কেতিয়াবা বিকিয়ে দুয়োৰে ৰোমান্টিক ফটোবোৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে ৷

কিন্তু আপুনি জানেনে দুয়োৰে প্ৰেম কাহিনী কেনেকৈ আৰম্ভ হৈছিল ? শেহতীয়াকৈ বিকিয়ে তেওঁলোকৰ প্ৰথম ডেটৰ বিষয়ে এক সাক্ষাৎকাৰ আৰু প্ৰচাৰমূলক অনুষ্ঠানত উল্লেখ কৰে ৷

শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত বিকি কৌশলক কেটৰিনা কাইফৰ সন্দৰ্ভত এটা প্ৰশ্ন কৰা হৈছিল ৷ বিকিক সোধা হৈছিল কেটৰিনা কাইফক প্ৰথম ডেটৰ বাবে কেনেকৈ লৈ গৈছিল ৷ এই প্ৰশ্নৰ উত্তৰত লাজতে ৰঙা পৰা বিকিয়ে প্ৰকাশ কৰে যে এটা সাধাৰণ টেক্সট মেছেজৰ জৰিয়তে মই কেটৰিনাক সুধিছিলো, "মই তোমাক নিশাৰ আহাৰ খুৱাবলৈ লৈ যাব পাৰিমনে ?"

লগতে কেটৰিনা কাইফৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে সোধাত তেওঁ কয়, ‘‘প্ৰথম অৱস্থাত কেটৰিনাৰ পৰা পোৱা মনোযোগ মোৰ বহুত আচৰিত যেন অনুভৱ হৈছিল। মই সদায় ভাবিছিলো কিয় মইয়ে কিয় ? কিন্তু যেতিয়া মই গম পালোঁ যে কেটৰিনা ব্যক্তিগতভাৱে এগৰাকী অত্যন্ত ভাল মানুহ, তেতিয়াই মই কেটৰিনাৰ প্ৰেমত পৰিছিলো আৰু মই ভাবিলোঁ যে ই স্থায়ী হ’ব পাৰে । আৰম্ভণিতে মই স্পষ্টভাৱে ভাবিছিলো ‘কেৱল মইয়ে কিয় ? কিন্তু কেটৰিনা এগৰাকী মৰমলগা মানুহ ।’’

বিকিয়ে লগতে কয়, ‘‘কেটৰিনা নিজৰ চৌপাশৰ মানুহ আৰু পৰিৱেশৰ প্ৰতি অতি দয়ালু ৷ আমাৰ সম্পৰ্ক আৰম্ভ হৈছিল যেতিয়া দুয়োগৰাকী একেলগে ডিনাৰ ডেটত গৈছিলো ।’’

ইয়াৰ পিচত বিকিক সোধা হৈছিল যে তেওঁ ভাবিছিল নেকি কেতিয়াবা কেটৰিনা যে তেওঁৰ লগত বিবাহপাশত আবদ্ধ হ’ব ? এই প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে, ‘‘নাই, কথাটো হ’ল আমাৰ প্ৰেম কাহিনী সেই স্তৰত উপনীত হোৱা নাছিল । আগতে ভাবিছিলোঁ যে কেটৰিনাক বিয়াৰ প্ৰস্তাৱ দিলে সম্ভৱত তাই হয়তো নাকচ কৰিব । আমি আৰম্ভণিৰে পৰাই জানিছিলোঁ যে ই ছিৰিয়াছ, আমি দুয়ো বিচাৰিছিলো কথাবোৰ স্থায়ী হওক।’’

উল্লেখ্য যে বিকি আৰু কেটৰিনাই নিজৰ সম্পৰ্কক বহুদিনলৈ গোপন কৰি ৰাখিছিল ৷ তেওঁলোকে ইনষ্টাগ্ৰামত বিয়াৰ ছবি শ্বেয়াৰ কৰিহে ইয়াক অফিচিয়েল কৰিছিল । ২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানৰ ছিক্স চেন্স ফ’ৰ্ট বৰৱাড়াত তেওঁলোকৰ বিবাহ হৈছিল ।

লগতে পঢ়ক: Laxman Utekar On Katrina Kaif: 'কেটৰিণাক মধ্যবিত্তীয় বোৱাৰী যেন নালাগে, বিকিৰ পত্নীৰ বাবে পৰিচালকে কিয় ক’লে এই কথা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.