ETV Bharat / entertainment

Seema Deo Death: জনপ্ৰিয় অভিনেত্ৰী সীমা দেও আৰু নাই, আনন্দ ছবিখনত অমিতাভ বচ্চনৰ বৌৱেক হৈছিল সীমা - অভিনেত্ৰী সীমা দেও

জনপ্ৰিয় অভিনেত্ৰী সীমা দেওৰ দেহাৱসান ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ ৷ সীমাই নিজৰ কেৰিয়াৰত 80 খনতকৈও অধিক হিন্দী আৰু মাৰাঠী ভাষাৰ ছবিত কাম কৰিছিল ।

veteran actress seema deo  passes away
সীমা দেওৰ দেহাৱসান
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 10:46 AM IST

Updated : Aug 24, 2023, 12:37 PM IST

চিটাৰা ডেস্ক, 24 আগষ্ট: হিন্দী আৰু মাৰাঠী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী সীমা দেওৰ দেহাৱসান ৷ ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেত্ৰীগৰাকীয়ে । 24 আগষ্টৰ পুৱতি নিশা এই পৃথিৱীৰ পৰা বিদায় লয় অভিনেত্ৰীগৰাকীয়ে ৷ বহুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল বুলি জানিব পৰা গৈছে । লগতে তেওঁ এলঝেইমাৰ ৰোগতো ভুগি আছিল ৷

সীমা দেও অভিনেতা ৰমেশ দেওৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । ৰমেশ দেওৱে বহু ছবি আৰু টিভি ধাৰাবাহিকতো কাম কৰিছিল । 2022 চনৰ 2 ফেব্ৰুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ ৰমেশ দেওৰ মৃত্যু হয় । তেওঁৰ বয়স আছিল 93 বছৰ । ইয়াৰ পিচত পুত্ৰ অভিনয়ৰ সৈতে বান্দ্ৰাত বাস কৰিছিল সীমা দেওৱে ।

সীমা দেও ‘আনন্দ’ ছবিখনত অমিতাভৰ বৌৱেকৰ চৰিত্ৰত অভিনয় কৰিছিল

আনন্দত ৰমেশ দেওৱে অমিতাভ বচ্চনৰ বন্ধু ড৹ প্ৰকাশ কুলকাৰ্ণীৰ চৰিত্ৰত অভিনয় কৰিছিল । সেই ছবিখনত সীমা দেওৱে পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল । অমিতাভ বচ্চনে ছবিখনত তেওঁক ভাবী বুলি মাতিছিল ।

80 খনতকৈও অধিক ছবিত কাম কৰিছিল, প্ৰকৃত নাম নলিনী চাৰাফ

সীমাই নিজৰ কেৰিয়াৰত 80 খনতকৈও অধিক হিন্দী আৰু মাৰাঠী ভাষাৰ ছবিত কাম কৰিছিল । সীমা দেওৰ প্ৰকৃত নাম আছিল নলিনী চাৰাফ । 1960 চনত ‘মিয়া বিৱি ৰাজা’ ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল । ইয়াৰ পিচত ‘ভাবী কি চূৰীয়া’, ‘দশ লাখ’, ‘কোশীষ’, ‘কোৰা কাগজ’, ‘সংসাৰা’ আৰু ‘সুনহাৰা সংসাৰ’ আৰু ‘সৰস্বতীচন্দ্ৰ’ আদি ছবিত অভিনয় কৰে ।

সীমা দেও পৰিচালক অভিনয় দেওৰ মাতৃ আছিল

সীমা দেও আৰু ৰমেশ দেওৰ দুই পুত্ৰ – অজিংক্য দেও আৰু অভিনয় দেও । অভিনয় এগৰাকী পৰিচালক আৰু ‘দিল্লী বেলী’ৰ দৰে ছবি পৰিচালনা কৰিছে । আনহাতে পুত্ৰ অজিংক্য মাৰাঠী চিনেমাৰ এজন সুপৰিচিত অভিনেতা ।

লগতে পঢ়ক: Pankaj Tripathi Father Passes Away: পিতৃহাৰা হ’ল পংকজ ত্ৰিপাঠী, মুম্বাইৰ পৰা পাটনালৈ ৰাওনা হ’ল অভিনেতা

Last Updated : Aug 24, 2023, 12:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.