ETV Bharat / entertainment

Vaibhavi Upadhyaya: বাগদত্তা বৈভৱী উপাধ্যায়ক স্মৰণ কৰি আৱেগিক হৈ পৰিল জয় গান্ধী

author img

By

Published : May 29, 2023, 10:32 AM IST

অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ মৃত্যুত গভীৰভাৱে স্তম্ভিত হৈ পৰিছে বাগদত্ত জয় গান্ধী। ছ’চিয়েল মিডিয়াত এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰিলে জয়ে ৷

Vaibhavi Upadhyayas fiance Jay Gandhi pens down an emotional note for late actress
বৈভৱী উপাধ্যায়ৰ মৃত্যুত গভীৰভাৱে স্তম্ভিত হৈ পৰিছে বাগদত্ত জয় গান্ধী

চিটাৰা ডেস্ক, 29 মে’: ২৩ মে’ত হিমাচল প্ৰদেশত সংঘটিত এক পথ দুৰ্ঘটনাত আকস্মিক মৃত্যুক সাৱটি লৈছিল ‘ছাৰাভাই বনাম ছাৰাভাই’ খ্যাতিৰ অভিনেত্ৰী বৈভৱী উপাধ্যায়ে (Vaibhavi Upadhyaya accident)। অভিনেত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছে সমগ্ৰ উদ্যোগটো ।

এয়াই হয়তো জীৱন, কোন মুহূৰ্তত কাৰ সৈতে কি হৈ যায় সেয়া কোনেও ক’ব নোৱাৰে ৷ তেনেকুৱাই এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল বৈভৱী উপাধ্যায়ৰ লগত ৷ জয় গান্ধীৰ সৈতে কিছুদিন পূৰ্বে আঙঠি পিন্ধোৱা পৰ্ব সম্পূৰ্ণ হৈছিল অভিনেত্ৰীগৰাকীৰ আৰু চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হোৱাৰ সম্ভাৱনা আছিল । কিন্তু নিমিষতে শেষ হৈ গ’ল সকলো ৷ এক মৰ্মান্তিক দুৰ্ঘটনাই বৈভৱীক জয়ৰ পৰা চিৰদিনৰ বাবে আঁতৰাই লৈ গ’ল (Vaibhavi Upadhyayas fiance Jay)।

ইফালে জয় গান্ধীয়ে নিজৰ লেডী লাভক হেৰুৱাই দিকবিদিক হেৰুৱাই পেলাইছে আৰু শেহতীয়াকৈ জয় গান্ধীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা আবেগিক পোষ্ট শ্বেয়াৰ কৰিছে ৷ ইনষ্টাগ্ৰাম একাউন্টত বৈভৱীৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি লিখিছিল যে তেওঁ প্ৰতিদিনে বৈভৱীক কিমান মিছ কৰে (Vaibhavi Upadhyaya Death)।

প্ৰয়াত অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ বাবে জয় গান্ধীয়ে তেওঁৰ ৰোকা অনুষ্ঠানৰ এখন সুন্দৰ ছবি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। ফটোখনত তেওঁক বৈভৱীক সাৱটি ধৰা দেখা গৈছে। এই ছবিখনৰ সৈতে জয়ে লিখিছে, "মই তোমাক প্ৰতিটো দিনৰ প্ৰতিটো মিনিট মিছ কৰো । তুমি সঁচাকৈয়ে কেতিয়াও নাযাবা, মই তোমাক সদায় মোৰ হৃদয়ত সুৰক্ষিত কৰি ৰাখিম । বহুত সোনকালে গ'লা, Rest in peace my gundi, I love you."

‘ছাৰাভাই বনাম ছাৰাভাই’ অভিনেত্ৰীগৰাকীৰ বাবে জয়ে এটা আৱেগিক টোকা শ্বেয়াৰ কৰাৰ পিচতে বহু অনুৰাগীয়ে কমেণ্ট ছেকচনত গৈ বিদায়ী অভিনেত্ৰীগৰাকীৰ আত্মাৰ বাবে প্ৰাৰ্থনা আৰু দুখ প্ৰকাশ কৰা দেখা যায় ।

জয়ে স্পষ্ট কৰি দিয়ে যে অভিনেত্ৰীগৰাকীয়ে ছিটবেল্ট পৰিধান কৰিছিল

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জয়ে দুৰ্ঘটনাৰ সময়ত প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে ছিটবেল্ট পৰিধান কৰা বুলি স্পষ্ট কৰি দিয়ে ৷ তেওঁ কৈছিল যে, "ৰোড ট্ৰিপত বেগেৰে গাড়ী চলোৱাৰ ধাৰণা এটা আছে, কিন্তু সেয়া নহয় । আমাৰ গাড়ীখন ৰখাই ট্ৰাকখন পাৰ হোৱালৈ অপেক্ষা কৰি আছিলো । মই বেছি কথা ক’ব পৰা অৱস্থাত নাই, কিন্তু মই এইটো সুনিশ্চিত কৰিব বিচাৰো যে আমি গাড়ী বেগেৰে চলোৱা নাছিলোঁ আৰু চিটবেল্ট পৰিধান কৰিছিলোঁ ৷"

লগতে পঢ়ক: Karisma Kapoor: প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ সৈতে ডিনাৰ ডেটত কৰিশ্মা কাপুৰ; লগত আছিল কন্যা সামাইৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.