ETV Bharat / entertainment

Shah Rukh Khan Bungalow Mannat : শ্বাহৰুখৰ মন্নতত প্ৰৱেশ দুজনৰ, কাৰণ জানিলে আচৰিত হ’ব আপুনি !

author img

By

Published : Mar 3, 2023, 10:16 AM IST

বলিউডৰ তাৰকা শ্বাহৰুখ খানৰ বাসগৃহ মন্নতত প্ৰৱেশৰ চেষ্টা দুজনৰ (Shah Rukh Khan Bungalow Mannat)। বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা ৷ ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে দুয়োকে । কি কাৰণে মন্নতত প্ৰৱেশ কৰিছিল দুয়ো কাৰণ জানিলে আচৰিত হ’ব আপুনি ৷ সবিশেষ জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

TWO PEOPLE ENTERED SHAH RUKH KHAN BUNGALOW MANNAT
শ্বাহৰুখ খানৰ বাসগৃহ মন্নতত প্ৰৱেশৰ চেষ্টা দুজনৰ

চিটাৰা ডেস্ক, 3 মাৰ্চ: বলীউডৰ প্ৰত্যেক গৰাকী অভিনেতা-অভিনেত্ৰীৰ লগত থাকে দেহৰক্ষী ৷ কেৱল দেহৰক্ষীয়ে নহয়, বাসগৃহৰ কাৰণেও থাকে বহু নিৰাপত্তাৰক্ষী ৷ কাৰণ অভিনেতা-অভিনেত্ৰী হোৱাই যেন কেতিয়াবা তেওঁলোকৰ জীৱনত সৃষ্টি কৰে বহু বিপদৰ ৷ অভিনেতা-অভিনেত্ৰীক আক্ৰমণ কৰাৰ বহু উদাহৰণো নোহোৱা নহয় ৷ আনকি কেতিয়াবা কিছুমান অনুৰাগীয়ে নিজৰ পছন্দৰ তাৰকাগৰাকীৰ বাবে ইমানেই আকৰ্ষিত হৈ পৰে যে তেওঁলোকক লগ পাবলৈ যিকোনো পৰ্যায় অতিক্ৰম কৰিব পাৰে ৷ তেনে এক ঘটনাই এইবাৰ সংঘটিত হ’ল বলীউডৰ এগৰাকী ছুপাৰষ্টাৰ অভিনেতাৰ লগত ৷

শেহতীয়াকৈ মন্নতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে দুজন যুৱকে ৷ মন্নত কোনগৰাকী ছুপাৰষ্টাৰ অভিনেতাৰ বাংলো হয়তো গমেই পাইছে ৷ হয়, আপোনাৰ মনলৈ অহা ছুপাৰষ্টাৰ অভিনেতা শ্বাহৰুখ খানৰ কথাকে কৈছো ৷ এই ঘটনাৰ পিচতে পুনৰ লাইমলাইটলৈ আহিছে মন্নত (Youths entered Mannat))। পাঠানৰ বান্দ্ৰাস্থিত বাংলো মন্নতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে দুজন যুৱকে (Shah Rukh Khan Bungalow Mannat) ।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা । যুৱক দুজনে মন্নতৰ বাহিৰৰ বেৰখন ভাঙি ভিতৰলৈ সোমাই যায় ৷ সোমাই গৈ থকা অৱস্থাতে ‘মন্নত’ৰ হাউচ মেনেজাৰে দুয়োজনকে ধৰি গতাই দিয়ে আৰক্ষীৰ হাতত । মন্নতৰ হাউচ মেনেজাৰ ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ (Breaking Into Shah Rukh Khans Bungalow Mannat) ।

মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি, দুয়োজন যুৱকে বাহিৰত থকা দেৱালত স্কেলিং কৰি মন্নতৰ চৌহদত প্ৰৱেশ কৰিছিল । যদিও নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰে । আৰক্ষীৰ জেৰাৰ সময়ত ২০ৰ পৰা ২২ বছৰ বয়সৰ যুৱক দুজনে গুজৰাটৰ পৰা শ্বাহৰুখ খানক লগ কৰিবলৈ আহিছিল বুলি দাবী কৰে (Youths entered Shah Rukh Khans bungalow) । ভাৰতীয় দণ্ডবিধিৰ অধীনত যুৱক দুজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ । অধিক তদন্তৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০০ কোটি টকাৰ এই অট্টালিকাটো ২০২২ বৰ্ষৰ মে’ মাহতো চৰ্চালৈ আহিছিল ৷ যেতিয়া ২১ মহলাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছিল । 'মন্নত' মুম্বাইৰ বান্দ্ৰা বেণ্ডষ্টেণ্ডত অৱস্থিত (Shah Rukh Khans home Mannat) ।

লগতে পঢ়ক: FIR against Gauri Khan: গৌৰী খানৰ বিৰুদ্ধে কোনে ৰুজু কৰিলে FIR ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.