ETV Bharat / entertainment

Tiger 3 Trailer: দেশ নে পৰিয়াল ? কাৰ পক্ষত থিয় দিব টাইগাৰ? মুক্তি পালে ছলমান খানৰ টাইগাৰ 3ৰ জোৰদাৰ ট্ৰেইলাৰ

মুক্তি পালে ছলমান খানৰ বহু প্ৰত্যাশিত ছবি টাইগাৰ ৩ৰ ট্ৰেইলাৰ । ছলমান খানৰ লগতে কেটৰিনা কাইফ আৰু ইমৰাণ হাছমীকো দেখা গৈছে এই ট্ৰেইলাৰত। অনুৰাগীয়ে বহু দিনৰে পৰা ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছিল । কিন্তু এতিয়া অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 1:19 PM IST

Tiger 3 trailer ot: Salman Khan compelled to make tough choice between 'desh' or 'family' as mighty enemy Emraan Hashmi vows to crush him
টাইগাৰ ৩ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 16 অক্টোবৰ: ছুপাৰষ্টাৰ ছলমান খানৰ ছবি টাইগাৰ ৩ৰ ট্ৰেইলাৰৰ বাবে অনুৰাগীয়ে বহুদিনৰে পৰা অপেক্ষা কৰি আছিল । কিন্তু এতিয়া অন্ত পৰিল অপেক্ষাৰ । কাৰণ আজি মুকলি হ’ল টাইগাৰ ৩ৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰ ৷ ছলমান খানে অনুৰাগীক আগবঢ়াইছে এই বিশেষ উপহাৰ । বক্স অফিচত আধিপত্য বিস্তাৰ কৰাৰ প্ৰস্তুতিৰে পুনৰ ঘূৰি আহিছে ভাইজান । ছলমান খানৰ একচনে অনুৰাগীৰ উত্তেজনা আৰু বৃদ্ধি কৰিছে ৷

টাইগাৰ ফ্ৰেঞ্চাইজিৰ পূৰ্বৰ দুয়োখন ছবিয়ে বক্স অফিচত ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হৈছে ৷ এতিয়া টাইগাৰ ৩ ছবিখনেও বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে আৰু এই কথা এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ট্ৰেইলাৰটোৰ পৰা ৷ শ্বাহৰুখৰ পাচত এইবাৰ বক্স অফিচত আধিপত্য বিস্তাৰ কৰিব ছলমানে । মুক্তি পোৱা ট্ৰেইলাৰটো যথেষ্ট জোৰদাৰ, য’ত কেটৰিনা কাইফ আৰু ইমৰাণ হাছমীকো দেখা গৈছে ।

টাইগাৰে এইবাৰ দেশৰ বাবে নহয় নিজৰ পৰিয়ালৰ বাবে যুঁজিব

ট্ৰেইলাৰৰ আৰম্ভণিতে এগৰাকী মহিলাৰ মাত শুনা যায় । তেওঁ কয়, “দেশৰ শান্তি আৰু দেশৰ শত্ৰুৰ মাজত কি দূৰত্ব আছে – মাত্ৰ এজন মানুহ ।” ইয়াৰ পিচত টাইগাৰৰ এন্ট্ৰি হয়, য’ত তেওঁক বাইকেৰে আহি বিস্ফোৰণৰ সৃষ্টি কৰা দেখা যায় । ছলমান খানৰ সৈতে এই ছবিখনত ভিলেইনৰ চৰিত্ৰত দেখা গৈছে ইমৰাণ হাছমীক, ট্ৰেইলাৰত যিয়ে ছলমানৰ সমস্যা বৃদ্ধি কৰা দেখা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

পূৰ্বে মুক্তি পোৱা দুটা পাৰ্টত আমি দেখিছিলো টাইগাৰে দেশৰ বাবে যুঁজিছিল । কিন্তু এই ট্ৰেইলাৰটোৱে প্ৰশ্ন উত্থাপন কৰিছে যে টাইগাৰে এইবাৰ দেশৰ হৈ যুঁজিব নে পৰিয়ালৰ বাবে যুঁজিব । কিছুদিন পূৰ্বে 'টাইগাৰৰ বাৰ্তা'ৰ নামত এটা ভিডিঅ' মুক্তি পাইছিল । ভিডিঅ’টোত টাইগাৰ দেশপ্ৰেমিক নে দেশদ্ৰোহী এই প্ৰশ্ন উত্থাপন হৈছিল । ইয়াৰ পিচতে টাইগাৰে দেশবাসীৰ পৰা নিজৰ চৰিত্ৰৰ প্ৰমাণ পত্ৰ বিচাৰিছিল ।

'টাইগাৰ ৩' কেতিয়া মুক্তি পাব ?

‘টাইগাৰ ৩’ৰ কথা ক’বলৈ গ’লে YRF ৰ স্পাই ইউনিভাৰ্ছৰ পঞ্চমখন ছবি । ইয়াত ছলমান খানৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব কেটৰিনা কাইফ আৰু ইমৰাণ হাছমীক । ছবিখনত ইমৰাণক নেতিবাচক চৰিত্ৰত দেখা যাব । ছবিখন পৰিচালনা কৰিছে মনীষ শৰ্মাই । দীপাৱলীত ছবিগৃহত মুক্তি পাব ‘টাইগাৰ ৩’। এই ছবিখন হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি পাব ।

লগতে পঢ়ক: Tiger 3: সাজু হওক, ট্ৰেইলাৰৰ পূৰ্বে মুকলি টাইগাৰ ৩ৰ পোষ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.