ETV Bharat / entertainment

Tiger 3: দেশদ্ৰোহী নে দেশপ্ৰেমিক ? ভাৰতৰ পৰা চৰিত্ৰৰ প্ৰমাণ পত্ৰ বিচাৰিছে ছলমান খানে

ছলমান খান আৰু কেটৰিনা কাইফ অভিনীত টাইগাৰ 3 ছবিখনৰ নিৰ্মাতাসকলে যশ চোপ্ৰাৰ 91 সংখ্যক জন্ম জয়ন্তী উপলক্ষে ‘টাইগাৰ 3 টিজাৰ মুকলি কৰিছে ৷

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 11:59 AM IST

Tiger 3 tiger ka message from Salman Khan and Katrina kaif film
টাইগাৰ ৩ৰ টিজাৰ আউট

চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ: টাইগাৰ 3 ৰ ঘোষণাৰ পিচতে অনুৰাগীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই ছবিখনৰ বাবে ৷ ছলমান খান আৰু কেটৰিণা কাইফৰ অভিনীত এই ছবিখনৰ বাবে অনুৰাগীৰ অপেক্ষাৰ এতিয়া অন্ত পৰাৰ সময় ওচৰ চাপিছে । ছবিখন এই দীপাৱলীত গোটেই বিশ্বজুৰি মুক্তি লাভ কৰিব ৷ ইফালে অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধিৰ বাবে নিৰ্মাতাই 27 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোত মুকলি কৰিছে ‘টাইগাৰ 3’ৰ ৰোমাঞ্চকৰ টিজাৰ ৷ টিজাৰৰ পৰাই বুজিব পাৰি যে ছলমান খানৰ এই ছবিখনে বক্স অফিচত সৃষ্টি কৰিব ধুমুহা ৷

  • " class="align-text-top noRightClick twitterSection" data="">

গাৰ নোম শিঁয়ৰি উঠা 'টাইগাৰ 3'ৰ টিজাৰ মুকলি

টিজাৰৰ আৰম্ভণি হৈছে ছলমান খানৰ শক্তিশালী কণ্ঠৰে । ছলমান খানে কৈছে, ‘‘মোৰ নাম অবিনাশ সিং ৰাথোড় । কিন্তু আপোনালোক সকলোৰে বাবে মই টাইগাৰ ।’’ ইয়াৰ লগে লগে প্ৰকাশ পাইছে ছলমান খানৰ শক্তিশালী ৰূপ ৷ লগতে টিজাৰটোত অবিনাশ সিং ৰাথোড় অৰ্থাৎ ছলমান খানে কৈছে, ‘‘20 বছৰে দেশ মাতৃৰ সুৰক্ষাৰ বাবে সকলো উৎসৰ্গা কৰিলো । বিনিময়ত মই একো বিচৰা নাছিলো ৷ কিন্তু আজি মই বিচাৰিছো...আজি আপোনালোক সকলোকে কোৱা হৈছে যে টাইগাৰ আপোনাৰ শত্ৰু । টাইগাৰ এজন দেশদ্ৰোহী । টাইগাৰ এক নম্বৰ শত্ৰু, গতিকে 20 বছৰ ভাৰতৰ সেৱা কৰাৰ পিচত মোৰ চৰিত্ৰৰ প্ৰমাণ পত্ৰ বিচাৰিছো । মই নহয় ভাৰতে মোৰ ল'ৰাক ক’ব যে তেওঁৰ পিতৃ কোন আছিল । দেশদ্ৰোহী নে দেশপ্ৰেমিক..যদি মই জীয়াই থাকো তেন্তে আকৌ আপোনালোকৰ সেৱাত উপস্থিত থাকিম, নহ'লে জয়হিন্দ ৷’’ 1 মিনিট 43 ছেকেণ্ডৰ টিজাৰটো আছিল অতি শক্তিশালী ৷

‘টাইগাৰ 3’ৰ টিজাৰ মুক্তিৰ পূৰ্বে মঙলবাৰে নিশা ছলমান খানে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ‘টাইগাৰ 3’ৰ এখন ছবি পোষ্ট কৰিছিল । ছবিখনত কেৱল ছলমান খানৰ চকুহে দেখা পোৱা গৈছিল আৰু লিখা আছিল কাইলৈ ​আহিব ​টাইগাৰৰ মেছেজ । ছবিখন পোষ্ট কৰাৰ সময়ত ছলমান খানে কেপচনত লিখিছে, ‘‘মই এটা বাৰ্তা দিছো... কাইলৈ ​​পুৱা 11 বজাত টাইগাৰৰ বাৰ্তা আহিব । ‘টাইগাৰ 3’ হিন্দী, তামিল আৰু তেলেগু ভাষাত দীপাৱলীত চিনেমাগৃহত মুক্তি পাব ।”

'টাইগাৰ 3'ৰ অভিনেতা-অভিনেত্ৰী

‘টাইগাৰ 3’ৰ তাৰকা অভিনেতাৰ কথা ক’বলৈ গ’লে ছলমান খান আৰু কেটৰিণা কাইফৰ উপৰিও ইমৰাণ হাছমীকো ছবিখনত শক্তিশালী অভিনয় কৰা দেখা যাব । এই ছবিখনত ইমৰাণক খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ।

লগতে পঢ়ক: Tiger 3: অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ, টাইগাৰ ৩ৰ অনুৰাগীৰ বাবে আহিল সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.