ETV Bharat / entertainment

অন্তিম শ্ৰদ্ধাঞ্জলিৰ বাবে আন্না ছালাইলৈ অনা হৈছে বিজয়কান্তৰ মৃতদেহ, শোক প্ৰকাশ ৰজনীকান্তৰ - বিজয়কান্ত

Vijayakanth: বৃহস্পতিবাৰে ইহলীলা সম্বৰণ কৰে ৰাজনীতিবিদ-অভিনেতা বিজয়কান্তই । আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে কয়য়াম্বেডু কাৰ্যালয়ৰ পৰা আইলেণ্ড গ্ৰাউণ্ড, আন্না ছালাইলৈ অনা হৈছে অভিনেতাগৰাকীৰ মৃতদেহ ।

Rajinikanth pays last respects to DMDK chief Vijayakanth
অন্তিম শ্ৰদ্ধাঞ্জলি বিজয়কান্তক
author img

By ANI

Published : Dec 29, 2023, 1:07 PM IST

চিটাৰা ডেস্ক, ২৯ ডিচেম্বৰ: দক্ষিণ চিনেমাৰ প্ৰবীণ অভিনেতা তথা ৰাজনীতিবিদ বিজয়কান্তৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে । বৃহস্পতিবাৰে পুৱা ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীয়ে । আজি তেওঁৰ মৃতদেহ কয়াম্বটুৰ কাৰ্যালয়ৰ পৰা আইলেণ্ড গ্ৰাউণ্ড, আন্না ছালাইলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে অনা হৈছে, য’ত সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে । ইফালে বিজয়কান্তৰ মৃত্যুৰ পিচত চিনেমা আৰু ৰাজনৈতিক জগতৰ প্ৰবীণ লোকসকলে শোক প্ৰকাশ কৰিছে । ডিএমডিকেৰ মুৰব্বীগৰাকীৰ মৃত্যুক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে ছুপাৰষ্টাৰ ৰজনীকান্তে ।

বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ ৰজনীকান্তৰ

অভিনেতা ৰজনীকান্তে ডিএমডিকেৰ মুৰব্বী তথা অভিনেতা কেপ্টেইন বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয়, ‘‘নিজৰ প্ৰিয় বন্ধুক হেৰুওৱাটো দুৰ্ভাগ্যজনক আৰু অতি বেদনাদায়ক । আমি সকলোৱে ভাবি আছিলো যে তেওঁ স্বাস্থ্যজনিত সমস্যাৰ পৰা সুস্থ হৈ উঠিব, কিন্তু অলপতে ডি এম ডি কেৰ বৈঠকত বিজয়কান্তক দেখি মোৰ অলপ আশা হেৰাই গৈছিল । তেওঁ সুস্থ হৈ থকা হ’লে তামিলনাডুৰ ৰাজনীতিত তেওঁ শক্তিশালী হ’লহেঁতেন, তেওঁ ৰাইজৰ বাবে বহুত ভাল কাম কৰিব পাৰিলেহেঁতেন ৷’’

  • #WATCH | Chennai, Tamil Nadu: Supporters gathered to pay tribute to DMDK chief and Actor Captain Vijayakanth at Island ground, Anna Salai.

    DMDK chief Captain Vijayakanth passed away at a hospital in Chennai yesterday. pic.twitter.com/GUvCTBKD6F

    — ANI (@ANI) December 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল

উল্লেখ্য যে, উশাহ-নিশাহ লোৱাত অসুবিধাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বিজয়কান্তক, য’ত বৃহস্পতিবাৰে পুৱা ৭১ বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় লয় অভিনেতাগৰাকীয়ে । তেওঁৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে চিনেমা আৰু ৰাজনৈতিক জগতত ।

  • Thoothukudi, Tamil Nadu | On the demise of DMDK chief and actor Captain Vijayakanth, Actor Rajinikanth says "It is unfortunate to lose my beloved friend, it is painful. We all were thinking he would recover from health issues. But when we saw Vijayakanth in the recent DMDK… pic.twitter.com/GV48Nq3mNQ

২০০৫ চনত ডিএমডিকে গঠন কৰিছিল

কেপ্টেইন বিজয়কান্তৰ চলচ্চিত্ৰ কেৰিয়াৰ আছিল অতি উজ্জ্বল, তেওঁ বহুতো হিট ছবি দিছিল আৰু ১৫০ খনতকৈও অধিক ছবিত কাম কৰিছিল । ইয়াৰ পিচত তেওঁ ৰাজনীতি জগতত প্ৰৱেশ কৰে । ২০০৫ চনত তেওঁ ডিএমডিকে দল গঠন কৰে । ২০০৬ চনত বিধানসভাৰ নিৰ্বাচনত অংশ লৈ তেওঁ এখন আসন লাভ কৰে । ২০১১ চনৰ নিৰ্বাচনত তেওঁৰ দলটোৱে এআইএডিএমকেৰ সৈতে মিত্ৰতা কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজয়কান্ত পৰৱৰ্তী পাঁচ বছৰ বিৰোধী দলৰ নেতা ৰূপে পৰিগণিত হয় ।

লগতে পঢ়ক: বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ ৰাজনীতিবিদ-চেলিব্ৰিটিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.