ETV Bharat / entertainment

Raj Kundra on 'UT69: UT 69 ছবিখন নিৰ্মাণ কৰাৰ কথা কেনেকৈ মনলৈ আহিছিল ক’লে ৰাজ কুন্দ্ৰাই

author img

By ANI

Published : Oct 24, 2023, 12:27 PM IST

ৰাজ কুন্দ্ৰা কাৰাগাৰত থকাৰ সময়ৰ আধাৰত নিৰ্মিত UT 69 ছবিখন ৩ নৱেম্বৰত মুক্তি পাব । এই ছবিখনৰ সন্দৰ্ভত এতিয়া ৰাজ কুন্দ্ৰাই বহু কথা প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

"There was no plan for this film": Raj Kundra on 'UT69'
UT 69 ছবিখনৰ বিষয়ে কি ক’লে ৰাজে

চিটাৰা ডেস্ক, ২৩ অক্টোবৰ: ব্যৱসায়ী ৰাজ কুন্দ্ৰাই কাৰাগাৰত থকা সময়ৰ আধাৰত নিৰ্মিত ছবি ‘ইউটি ৬৯’ৰ অতি সোনকালেই ছবিগৃহত মুক্তি লাভ কৰিব । ৰাজু কুন্দ্ৰাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে খোদ ৰাজে ।

শেহতীয়াকৈ এএনআইৰ সৈতে হোৱা সাক্ষাৎকাৰত এই ছবিখনৰ বিষয়ৰ কেনেকৈ মনলৈ আহিছিল আৰু 'UT 69'ৰ বাবে কেনেদৰে পৰিকল্পনা কৰিছিল সেই বিষয়ে শ্বেয়াৰ কৰিছে ৰাজ কুন্দ্ৰাই ৷ তেওঁ কয়, ‘‘এই ছবিখন নিৰ্মাণৰ বাবে কোনো পৰিকল্পনা কৰা হোৱা নাছিল, কাৰাগাৰৰ ভিতৰত এই ৬৩ দিনীয়া যাত্ৰাত থকাৰ সময়ত মই এখন কিতাপ লিখিছিলো । মোৰ পৰিচালক, যি মোৰ বন্ধু, তেওঁ মোৰ পৰা সেই কিতাপখন লৈ গৈছিল । তেতিয়া তেওঁ লেখকৰ সৈতে ৩০ দিনৰ পিচত মোৰ ওচৰলৈ উভতি আহি ক’লে যে আমি ইয়াৰ আধাৰত এখন চিনেমা নিৰ্মাণ কৰিম ।"

ৰাজে লগতে কয়, " পৰিচালক তথা বন্ধুজনে মোক ক’লে কিন্তু আমাৰ মাত্ৰ এটা চৰ্ত আছে, সেয়া হৈছে আপুনি নিজৰ চৰিত্ৰত নিজেই অভিনয় কৰিব লাগে ৷ তাৰ বাবে আমি এটা কৰ্মশালা কৰিলোঁ । মোৰ বন্ধুজনে ক’লে মোৰ বিশ্বাস আছে যে জীৱনত পোৱা অভিজ্ঞতাই আপোনাক এজন ভাল অভিনেতা কৰি তুলিব । আপুনি যি অভিজ্ঞতা লাভ কৰিছে, সেই অভিজ্ঞতাই আপোনাক পৰিপক্ক কৰি তুলিব পাৰে । সেয়া লাগিলে ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক বা যিকোনো কামতেই হওক ।"

'UT 69' ৰ নিৰ্মাতা শ্বাহনৱাজ আলীয়ে কয়, "ৰাজে প্ৰথমবাৰৰ বাবে অভিনয় কৰা যেন একেবাৰে লগা নাই , অৰ্থাৎ তেওঁ এজন বহুত ভাল অভিনেতা । এই ছবিখনৰ বাবে ইয়াতকৈ ভাল চিত্ৰনাট্য, ভাল কাহিনী, ভাল অভিনেতা আৰু কোনো হ’ব নোৱাৰে ৷ "

৩ নৱেম্বৰত মুক্তি পাব এই ছবিখন ।

উল্লেখ্য যে, ২০২১ চনত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অশ্লীল ছবি নিৰ্মাণৰ অভিযোগ উঠিছিল । ৰাজৰ বিৰুদ্ধে হটছটছ নামৰ এপ এটাৰ জৰিয়তে অশ্লীল ছবি বিতৰণ আৰু প্ৰযোজনা কৰাৰ অভিযোগ উঠিছিল । ইয়াৰ পিচত ২০২১ চনৰ ১৯ ​​জুলাইত মুম্বাই আৰক্ষীয়ে ৰাজক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল । অৱশ্যে কিছু সময়ৰ পাচত কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ৰাজক । এতিয়া আৰ্থাৰ ৰোড জেইলত কটোৱা সময়খিনিকে লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে ৷ (ANI)

লগতে পঢ়ক: UT 69 Trailer Out: শিল্পা শ্বেট্টীয়ে শ্বেয়াৰ কৰিলে স্বামীৰ বায়’পিক ছবি UT 69 ৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.