ETV Bharat / entertainment

Assamese Short film Yoddha: এজন বিশেষভাৱে সক্ষম যুৱকৰ জীৱন গাঁথাৰে নিৰ্মিত চুটিছবি যোদ্ধাৰ শুভ মুক্তি - Geetawali Rajkumari short film

মুক্তি পালে অসমীয়া চুটিছবি যোদ্ধা ৷ এই চুটি ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আৰু বিশেষভাৱে সক্ষম যুৱক নিকিয়ে ৷

The short film Yoddha out now: Yoddha's story is about young boy with disabilities
চুটিছবি যোদ্ধাৰ শুভ মুক্তি
author img

By

Published : Aug 7, 2023, 1:12 PM IST

চুটিছবি যোদ্ধাৰ শুভ মুক্তি

চিটাৰা ডেস্ক, ৭ আগষ্ট: ‘যোদ্ধা’- এয়া মাথোঁ এটা শব্দ নহয় ৷ এয়া এটা জীৱন ৷ আজি উল্লেখ কৰিবলৈ বিচৰা যোদ্ধাজন তিনিচুকীয়াৰ যুৱক নিকি ৷ প্ৰকৃত নাম নিমিষজিৎ ফুকন যদিও সকলোৱে মৰমতে নিকি বুলিয়েই মাতে ৷ তিনিচুকীয়াৰ যতীন ফুকন আৰু ৰূপালী ফুকনৰ যমজ সন্তানৰ প্ৰথমটি সন্তাম নিমিষজিৎ ওৰফে নিকি আৰু নিকিতকৈ এক মিনিটৰ সৰু নিবিৰজিৎ ফুকন ওৰফে নিশি ৷ কিন্তু নিকি হৈছে বিশেষভাৱে সক্ষম ৷

উল্লেখ্য যে, এনে বহু বিশেষভাৱে সক্ষম যুৱক আছে যিসকলক পৰিয়ালৰ লগতে সমাজে অবহেলিত কৰি আহিছে ৷ তাৰ বিপৰীতে তেনে বিশেষভাৱে সক্ষম নিকিক মাতৃ তথা পৰিয়ালে অবহেলিত নকৰি দুৰ্বলতাখিনিক যোগাত্মক দৃষ্টিভগ্নীৰে আগুৱাই নিয়াৰ এক প্ৰয়াস কৰিছে ৷ নিকিৰ আজি বয়স ১৭ বছৰ যদিও নিকিয়ে নাজানে ভাত চোবাই খাবলৈ ৷ মাতৃ ৰূপালী ফুকনে খাদ্য পিচি মিহি কৰি খুৱাই ৷

কিন্তু নিকি যথেষ্ট আগ্ৰহী সাংস্কৃতিক দিশত ৷ বিহু নৃত্যকে আদি কৰি বিভিন্ন নৃত্য কৰি ভাল পায় নিকিয়ে ৷ ঢোলৰ ছেও শুনিলে ৰ’ব নোৱাৰে নিকিয়ে ৷ সেই দিশসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নিকিক আগুৱাই নিয়াৰ প্ৰয়াশ কৰিছে পৰিয়ালে । সেই নিকিক লৈ পৰিয়ালৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছে যোদ্ধা নামেৰে এখনি চুটি ছবি ৷ দেওবাৰে সন্ধিয়া তিনিচুকীয়াৰ হোটেল হিলটন ব্লুৰ সভাগৃহত শুভমুক্তি দিয়ে ছবিখন ৷

নিকিৰ মাতৃ ৰূপালী ফুকনৰ প্ৰযোজনাত ডিম্পু বৰুৱা কৌশিকৰ পৰিচালনাত চুটিছবি “যোদ্ধা”ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আৰু নিকিয়ে । উপস্থিত দুই শতাধিক দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা যোদ্ধা ছবিখনক বৰ্তমান ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰো ১৬ টাকৈ বিভিন্ন উৎসৱত প্ৰদৰ্শন কৰা হ’ব আৰু পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত উপলব্ধ হ’ব যোদ্ধা ।

ছবিখনক লৈ যথেষ্ট আবেগিক হৈ পৰা বুলি উল্লেখ কৰে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আৰু এয়া জীৱনৰ শ্ৰেষ্ঠ ছবি বুলি সদৰী কৰে ৷ লগতে এই ছবিখনৰ সৈতে কোনো ব্যৱসায় জড়িত নাই বুলিও উল্লেখ কৰে ৷ এই ছবিখনৰ উদ্দেশ্য টকা নহয়, মাথো আন দহজন তেনে লোকে বা তেনে পৰিয়ালে হতাশাত ভোগাৰ সলনি ইয়াৰ পৰা প্ৰেৰণা লৈ তেনে শিশুক হীন চকুৰে নেদেখি আকোৱালি লোৱাৰ বাবেই এই ছবিখন নিৰ্মাণ কৰিছে ৷

অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে এতিয়া মোৰ নিজৰ এজনী ছোৱালী আছে ৷ তাই সুস্থ যদিও আমি কি কৰি খাব বুলি চিন্তা কৰোঁ ৷ কিন্তু নিকিক পৰিয়ালে যিদৰে স্থান দিছে সেয়া সৰ্বশ্ৰেষ্ঠ ৷ মোৰ জীৱনত তেনে কাম কেতিয়াও কৰা নাই ৷ এইক্ষেত্ৰত নিকিৰ মাতৃ তথা প্ৰযোজক ৰূপালী ফুকনে চুটিছবিখনৰ কাৰণে বিশেষভাৱে পৰিয়ালক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ছবিখনৰ স’তে জড়িত সকলো কলা-কুশলীক ধন্যবাদ জ্ঞাপন কৰে ৷ সমান্তৰালভাৱে নিকিক মৰম, চেনেহৰ লগতে পৰিয়ালক উৎসাহ প্ৰদান কৰাৰ বাবে সকলো উপস্থিত ৰাইজ তথা বিশিষ্ট ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক: Kishor Kumar Bday Spcl: হাজাৰ কণ্ঠে কিশোৰ ! পাঁচ সহস্ৰাধিক অনুৰাগীয়ে একেলগে গালে কিশোৰ কুমাৰৰ যুগজয়ী গীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.