চিটাৰা ডেস্ক, 9 মে’ : ‘‘দ্য কেৰালা ষ্ট’ৰী’’ ছবিখনকলৈ চলি থকা বিতৰ্কৰ যেন শাম কটাৰ নামেই লোৱা নাই ৷ ছবিখনৰ টিজাৰ মুকলি হোৱাৰ পিচতে ছবিখনক লৈ দেশজুৰি সৃষ্টি হৈছিল এক বিতৰ্কৰ ৷ বিতৰ্কৰ মাজতে এতিয়া 5 মে’ত ছবিগৃহত মুক্তি লাভ কৰিলে ‘‘দ্য কেৰালা ষ্ট’ৰী’’ ৷ ছবিখন মুক্তিৰ পিচত একাংশই যদি ছবিখনক সমৰ্থন কৰিছে আন একাংশই আকৌ ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে ৷
-
'The Kerala Story' crew member receives threat, Mumbai Police provides security
— ANI Digital (@ani_digital) May 9, 2023 " class="align-text-top noRightClick twitterSection" data="
Read @ANI Story | https://t.co/WuzYXtyC5I#TheKeralaStory #MumbaiPolice pic.twitter.com/FpuJYo63Ke
">'The Kerala Story' crew member receives threat, Mumbai Police provides security
— ANI Digital (@ani_digital) May 9, 2023
Read @ANI Story | https://t.co/WuzYXtyC5I#TheKeralaStory #MumbaiPolice pic.twitter.com/FpuJYo63Ke'The Kerala Story' crew member receives threat, Mumbai Police provides security
— ANI Digital (@ani_digital) May 9, 2023
Read @ANI Story | https://t.co/WuzYXtyC5I#TheKeralaStory #MumbaiPolice pic.twitter.com/FpuJYo63Ke
ইয়াৰ মাজতে এতিয়া ছবিখনৰ ক্ৰু মেম্বাৰক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে কোনো অজ্ঞাত লোকে (The Kerala Story crew member receives threat) ৷ হয়, খবৰ অনুসৰি ক্ৰু মেম্বাৰে কোনো অজ্ঞাত নম্বৰৰ পৰা ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰিছে । মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনৰ পৰিচালক সুদীপ্ত সেনে আৰক্ষীক জনাইছে যে ক্ৰুৰ এজন সদস্যই অজ্ঞাত নম্বৰৰ পৰা ভাবুকিমূলক বাৰ্তা লাভ কৰিছে (Mumbai Police on The Kerala Story)। অৱশ্যে ভাবুকি লাভ কৰাৰ পিচত সংশ্লিষ্ট ক্ৰু মেম্বাৰজনক মুম্বাই আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰিছে (The Kerala Story) ।
পৰিচালক সুদীপ্ত সেনে মুম্বাই আৰক্ষীক জনোৱা মতে, ‘দ্য কেৰালা ষ্ট’ৰী’ৰ সৈতে জড়িত ক্ৰু মেম্বাৰজনক অকলে ঘৰৰ পৰা ওলাই নাযাবলৈ কোৱাৰ ভাবুকিমূলক বাৰ্তা লাভ কৰে আৰু তেওঁলোকে কাহিনীটো দেখুৱাই ভাল কাম কৰা নাই বুলিও কয় । ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনত তিনিগৰাকী মহিলাৰ কাহিনী বৰ্ণনা কৰা হৈছে যিসকলক বিবাহৰ জৰিয়তে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিচত আই এছ আই এছৰ শিবিৰত সৰবৰাহ কৰা হয় ।
উল্লেখ্য যে ‘পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰে ৮ মে’ত ৰাজ্যখনত ‘ঘৃণা আৰু হিংসা’ৰ কাণ্ডৰ পৰা হাত সাৰিবলৈ ‘শান্তি বজাই ৰখা’ৰ উদ্ধৃতি দি ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখন নিষিদ্ধ কৰিছে (West Bengal bans The Kerala Story) । ছবিখন নিষিদ্ধ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে পশ্চিম বংগ । ইফালে পশ্চিম বংগত যদি ছবিখন নিষিদ্ধ কৰিছে আনফালে আকৌ বিজেপি শাসিত মধ্যপ্ৰদেশত ছবিখনৰ ওপৰত কৰ ৰেহাই দিছে ৷ (ইনপুট-ANI)
লগতে পঢ়ক : The Kerala Story: পশ্চিমবংগত নিষিদ্ধ হ’ল 'দ্য কেৰালা ষ্ট'ৰী'