ETV Bharat / entertainment

The Kerala Story Week Collection : দ্য কেৰালা ষ্ট’ৰীয়ে বক্স অফিচত ৰচিলে ইতিহাস, এসপ্তাহত ইমান কোটি টকা উপাৰ্জন - দ্য কেৰালা ষ্ট’ৰী

বক্স অফিচত ভাল ফলাফল দেখুৱাই আছে ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনে । মাত্ৰ ৭ দিনত ছবিখনে বক্স অফিচত ছবিখনে ৰচিলে ইতিহাস (The Kerala Story box office collections) ৷

The Kerala Story box office: Sudipto Sen's controversial film scores double-digit numbers on Day 7
দ্য কেৰালা ষ্ট’ৰী বক্স অফিচ সংগ্ৰহ
author img

By

Published : May 12, 2023, 1:10 PM IST

চিটাৰা ডেস্ক, ১২ মে’: বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ মুক্তি পোৱাৰ পিচৰে পৰাই বক্স অফিচত উপাৰ্জন অব্যাহত আছে । ৫ মে’ত মুক্তি লাভ কৰিছিল ছবিখন । ছবিখন মুক্তি পোৱাৰ আজি এসপ্তাহ হ’ল । এই ছবিখনে এসপ্তাহত ৭০ কোটিতকৈ অধিক টকাৰ ব্যৱসায় কৰিছে । সুদীপ্ত সেনৰ পৰিচালিত ছবিখনে মুক্তিৰ দিনা ৮ কোটি টকাৰে বক্স অফিচত খাতা খুলিছিল (The Kerala Story box office)।

এতিয়া ছবিখনৰ উপাৰ্জন মাত্ৰ ৭ দিনৰ ভিতৰতে ইমানেই হৈছে যে অনাগত দুদিনৰ ভিতৰত ছবিখনে ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব (The Kerala Story box office updates)। ছবিখনক লৈ যিমানেই বিতৰ্কৰ সৃষ্টি হৈছে সিমানেই ছবিখন চাবলৈ মানুহৰ আগ্ৰহ বৃদ্ধি হৈছে ৷ জানো আহক ছবিখনৰ মুঠ সংগ্ৰহ কিমান আছিল আৰু ছবিখনে ৭ম দিনত কিমান টকা উপাৰ্জন কৰিছে (The Kerala Story box office day 7)।

ছবিখনৰ ৭ ম দিনৰ উপাৰ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ৰ উপাৰ্জন দিনক দিনে আৰু অধিক বৃদ্ধি পাবলৈ ধৰিছে । সপ্তম দিনটোত ছবিখনে বক্স অফিচত ১২.৫০ কোটি টকাৰ ব্যৱসায় কৰিছে । ছবিখনৰ মুঠ সংগ্ৰহ এতিয়া ৮০.৮৬ কোটি টকালৈ বৃদ্ধি পাইছে। ১১ মে’ত ৩১.৪৫ শতাংশ দৰ্শকে ছবিখন ছবিগৃহত দেখিছে (Sudipto Sens controversial film The Kerala Story)।

১০০ কোটিৰ সীমা অতিক্ৰম কৰিব ছবিখনে !

দ্বিতীয় সপ্তাহত ছবিখনে সহজেই ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব বুলি ক’লেও ভুল নহ’ব । শনিবাৰে (১৩ মে’) আৰু ১৪ মে’ (দেওবাৰে) ছবিখনৰ সংকলন বৃহৎ বৃদ্ধি পাব । এনে পৰিস্থিতিত সোমবাৰৰ পৰা ছবিখনে বক্স অফিচত ১০০ কোটিতকৈ অধিক টকাৰ পৰিসংখ্যা উপস্থাপন কৰিবলৈ আৰম্ভ কৰিব (The Kerala Story box office)।

ইফালে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু হাৰিয়ানা চৰকাৰে ছবিখনক কৰমুক্ত কৰি তোলাৰ বিপৰীতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ ৰাজ্যখনত ছবিখন নিষিদ্ধ কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্যখনৰ মুখ্য সচিবক নিৰ্দেশ দিয়াৰ পিচত পশ্চিমবংগৰ সকলো পৰ্দাৰ পৰা আঁতৰাই দিয়া হয় ছবিখন (The Kerala Story box office collections)। ছবিখনৰ ট্ৰেইলাৰত কেৰালাৰ ৩২ হাজাৰ ছোৱালী নিৰুদ্দেশ হৈ সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদান কৰা বুলি দাবী কৰা হৈছিল । ইয়াৰ পিচতে ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবেই এই সংখ্যা তিনিগৰাকী মহিলালৈ সলনি কৰে নিৰ্মাতাই (The Kerala Story box office first weekend) ।

লগতে পঢ়ক: The Kerala Story BO Day 5: বছৰৰ পঞ্চম সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হ’ল দ্য কেৰালা ষ্টৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.