চিটাৰা ডেস্ক, 25 অক্টোবৰ: শিল্পা শ্বেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাই অতি শীঘ্ৰেই বলীউডত আত্মপ্ৰকাশ কৰিব । পৰ্ণগ্ৰাফীৰ গোচৰত আৰ্থাৰ কাৰাগাৰত দুমাহ কটাবলগীয়া হোৱা ৰাজ কুন্দ্ৰাই এতিয়া জেইলত থকা সময়ৰ আধাৰত নিৰ্মিত এখন ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিব ৷ ছবিখনৰ নাম ‘UT 69’ ৷ ৰাজে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে সেই পৰিস্থিতিৰ সময়ত তেওঁ ইমানেই হতাশ অনুভৱ কৰিছিল যে তেওঁ "ভিতৰৰ পৰা কথাবোৰ শেষ কৰিব" বিচাৰিছিল । আনকি তেওঁৰ পত্নী তথা অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে ভাৰত এৰি বিদেশত বসতি স্থাপন কৰিবলৈও তেওঁক পৰামৰ্শ দিছিল ।
শিল্পাই ৰাজক সুধিছিল বহু প্ৰশ্ন
সংবাদ মাধ্যমেৰে হোৱা সাক্ষাৎকাৰত ৰাজে কয়, "আচলতে মোৰ পত্নীয়েই আছিল প্ৰথম ব্যক্তি যিয়ে মোক সুধিছিল, ‘আপুনি বিদেশত থাকিব বিচাৰে নেকি ৰাজ ? আপুনি লণ্ডনৰ সকলো কাম এৰিলে, তাতেই জন্ম হৈছিল আৰু ডাঙৰ-দীঘল হৈছিল, মই ভাৰতত থাকিব বিচৰাৰ বাবেই আপুনি ইয়ালৈ আহিছিল । কিন্তু ইচ্ছা কৰিলে মই মেনেজ কৰিব পাৰিম সকলো ৷ গতিকে দেশ এৰি বিদেশলৈ গুচি যাওঁ ।’ তেতিয়া মই শিল্পাক ক’লো যে মই ভাৰতক ভাল পাওঁ আৰু ইয়াৰ পৰা নাযাওঁ । মানুহে ডাঙৰ অপৰাধ কৰে, হাজাৰ কোটি টকা লৈ দেশ এৰি যায়, কিন্তু মই একো কৰা নাই গতিকে মই দেশ এৰি নাযাওঁ ।”
সাক্ষাৎকাৰটোত ৰাজে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়াল যি কষ্টৰ মাজেৰে পাৰ হৈ গৈছে তাৰ বাবে কাৰাগাৰৰ আঁৰত থকাৰ সময়ত তেওঁ কিমান দুখ অনুভৱ কৰিছিল । ৰাজে ক’লে, “মই সঁচাকৈয়ে ভাঙি গৈছিলোঁ, ভিতৰৰ পৰা যথেষ্ট ভাঙি গৈছিলোঁ ৷ মই সেইটো শব্দৰে প্ৰকাশ কৰিব নোৱাৰো, কিন্তু মই তাত বহুত অপমানিত হৈছিলো, মোৰ সুনামৰ ক্ষতি হৈছিল । মোৰ কাৰণে সংবাদ মাধ্যমে মোৰ পত্নী, সন্তান আৰু মা-দেউতাৰ পিছে পিছে ঘূৰি ফুৰিছিল, সেয়া বেদনাদায়ক আছিল ।’’ উল্লেখ্য যে ৩ নৱেম্বৰত মুক্তি পাব ৰাজ কুন্দ্ৰাৰ অভিনীত ছবি UT 69 ।
লগতে পঢ়ক: Raj Kundra on 'UT69: UT 69 ছবিখন নিৰ্মাণ কৰাৰ কথা কেনেকৈ মনলৈ আহিছিল ক’লে ৰাজ কুন্দ্ৰাই