ETV Bharat / entertainment

Tanushree Dutta: নানা পাটেকাৰৰ ওপৰত খং উঠিল তনুশ্ৰী দত্তৰ, বিবেক অগ্নিহোত্ৰীক লৈও ক’লে এই কথা - তনুশ্ৰী দত্ত আৰু নানা পাটেকাৰৰ বিবাদ

নানা পাটেকাৰ আৰু বিবেক অগ্নিহোত্ৰীয়ে কেৰিয়াৰ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে তনুশ্ৰী দত্তই । লগতে কয় যে তেওঁলোকে প্ৰচাৰৰ বাবে তেওঁৰ নাম ব্যৱহাৰ কৰিব বিচাৰে ।

Tanushree Dutta refuses to speak about Nana Patekar, Vivek Agnihotri, says 'they need my name to run their films'
নানা পাটেকাৰ আৰু বিবেক অগ্নিহোত্ৰীক লৈ তনুশ্ৰী দত্তৰ বিস্ফোৰক মন্তব্য
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 4:07 PM IST

চিটাৰা ডেস্ক, ২২ ছেপ্টেম্বৰ: তনুশ্ৰী দত্ত আৰু নানা পাটেকাৰৰ বিবাদ যথেষ্ট পুৰণি । অভিনেত্ৰীগৰাকীয়ে ২০১৮ চনত নানা পাটেকাৰৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিচতে মাজে সময়ে অভিনেতাগৰাকীক লৈ তনুশ্ৰীয়ে কটু মন্তব্য কৰা দেখা যায় । এতিয়া আকৌ এবাৰ তনুশ্ৰীৰ ক্ষোভৰ বিস্ফোৰণ ঘটিছে নানা পাটেকাৰৰ ওপৰত । কেৱল এয়াই নহয়, পৰিচালক বিবেক অগ্নিহোত্ৰীক লৈও মন্তব্য কৰিছে অভিনেত্ৰীগৰাকীয়ে । তনুশ্ৰীৰ অভিযোগ নানা পাটেকাৰ আৰু বিবেক অগ্নিহোত্ৰীয়ে প্ৰচাৰৰ বাবে তেওঁৰ নাম ব্যৱহাৰ কৰিছিল ।

বিবেক অগ্নিহোত্ৰীক লক্ষ্য কৰি লয় তনুশ্ৰীয়ে

শেহতীয়াকৈ তনুশ্ৰী দত্তই সংবাদমেলত ৰাখী সাৱন্তৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল । একে সময়তে আদিল খানক সমৰ্থন কৰা দেখা গৈছিল অভিনেত্ৰীগৰাকীয়ে । এই সংবাদমেলতে তনুশ্ৰীয়ে নানা পাটেকাৰ আৰু বিবেক অগ্নিহোত্ৰীৰ বিষয়েও মন্তব্য কৰে ৷ তনুশ্ৰী দত্তই তেওঁৰ মি টু মুভমেন্টৰ কথা উল্লেখ কৰি কয়, ‘‘নানা পাটেকাৰ আৰু বিবেক অগ্নিহোত্ৰীৰ দৰে লোকে মোৰ কেৰিয়াৰ ধ্বংস কৰিছে।’’

কেৰিয়াৰ নষ্ট কৰাৰ অভিযোগ

তনুশ্ৰীয়ে লগতে কয়, ‘যিসকল লোকৰ বাবে মোৰ কেৰিয়াৰ ধ্বংস হৈছিল, তেওঁলোকে আজি বহুত খ্যাতি অৰ্জন কৰিছে। আনকি তেওঁৰ ছবিয়ে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে।’’ নানা পাটেকাৰ আৰু বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য ভেকচিন ৱাৰ’ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে ২০০৮ চনতো তেওঁৰ ছবি বিক্ৰী কৰাৰ ক্ষমতা নাছিল আৰু এতিয়াও তেওঁৰ হাতত নাই সেই ক্ষমতা নাই । তেওঁলোকে নিজৰ ছবি বিক্ৰী কৰিবলৈ মোৰ দৰে মানুহৰ কাষ চাপে ।

কেমিওৰ বাবে অনুৰোধ জনায়

তনুশ্ৰীয়ে আৰু কয়, ‘তেওঁলোকে বিচাৰে যে মই তেওঁলোকৰ ছবিত এটা গীত বা কেমিঅ’ এটা কৰো, যাতে তেওঁলোকৰ ছবিখন বিক্ৰী হ’ব পাৰে’।

নানা পাটেকাৰ আৰু তনুশ্ৰী দত্তৰ বিবাদ যথেষ্ট পুৰণি । মি টু মুভমেন্টৰ আন্দোলনৰ সময়ত নানা পাটেকাৰৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল তনুশ্ৰী দত্তই ।

লগতে পঢ়ক: Tanushree on Rakhi Sawant: আদিলৰ সমৰ্থনত নামিল অভিনেত্ৰী তনুশ্ৰী দত্ত; ৰাখীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.