চিটাৰা ডেস্ক, 3 মে’: এক দুৰ্ঘটনাৰ বাবে আহত হৈছে বলীউডৰ অভিনেত্ৰী তনুশ্ৰী দত্ত । মন্দিৰলৈ যোৱাৰ পথত তেওঁৰ বাহনখনৰ ব্ৰেক ফেইল হোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় । ইতিমধ্যে, সামাজিক মাধ্যমৰ জৰিয়তে অভিনেত্ৰী গৰাকীয়ে দুৰ্ঘটনাটোৰ বিষয়ে প্ৰকাশ কৰিছে (Tanushree Dutta accident )। তনুশ্ৰীয়ে মন্দিৰ দৰ্শনৰ এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি দুৰ্ঘটনাটোৰ বিষয়ে উল্লেখ কৰে (Tanushree Dutta instagram)।

এই পোষ্টটোত তেওঁ উল্লেখ কৰিছে যে, বাহনখনৰ ব্ৰেক বিকল হোৱাৰ বাবে তেওঁ দুৰ্ঘটনাৰ বলি হয় । দুৰ্ঘটনাটোত অভিনেত্ৰী গৰাকীয়ে ভৰিত গুৰুতৰভাৱে আঘাত পাইছিল যাৰ এখন ফটোও শ্বেয়াৰ কৰে তেওঁ ।

ছবিখন শ্বেয়াৰ কৰি অভিনেত্ৰী গৰাকীয়ে কেপছনত লিখিছিল, " আজিৰ দিনটো দুঃসাহসিক । অৱশেষত মই মহাকাল দৰ্শনৰ কৰিব পাৰিলো । মন্দিৰলৈ যোৱাৰ পথত এটা দুৰ্ঘটনা সংঘটিত হৈছিল । ব্ৰেক বিকল হোৱাৰ বাবে মোৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল । মাত্ৰ কেইটামান চিলাই পৰিছে । জয় শ্ৰী মহাকাল" ।
উল্লেখ্য যে, তনুশ্ৰীয়ে ২০০৫ চনত বলীউডত আত্মপ্ৰকাশ কৰিছিল । পোন প্ৰথমে 'আশিক বনায় আপনে'ত অভিনয় কৰিছিল অভিনেত্ৰী গৰাকীয়ে । তেওঁক শেষবাৰৰ বাবে ২০১০ চনৰ ছবি 'এপাৰ্টমেণ্ট ট্ৰেণ্ট এট ইউ'ত দেখা গৈছিল ।
লগতে পঢ়ক: The Kashmir Files review : ৱিকিপেডিয়াত কাশ্মীৰ ফাইলছৰ বিৱৰণ দেখি অগ্নিশৰ্মা বিবেক অগ্নিহোত্ৰী