চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী : বলীউডৰ সাহসী অভিনেত্ৰী স্বৰা ভাস্কৰে গোপনে বিয়া পাতি সকলোকে আচৰিত কৰি তোলে ৷ ছাত্ৰ নেতা তথা সমাজকৰ্মী ফাহাদ আহমদৰ সৈতে যুগ্ম জীৱনৰ আৰম্ভণি কৰে স্বৰাই । চলিত বৰ্ষৰ 6 জানুৱাৰীত ফাহাদ আহমদৰ সৈতে আদালতত বিবাহ পাশত আৱদ্ধ হয় স্বৰা (Swara Bhasker and Fahad Ahmad court marriage) আৰু 16 ফেব্ৰুৱাৰীত এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে ।
-
जन्मदिन मुबारक फ़हाद मियाँ! भाई का कॉन्फ़िडेंस बरकरार रहे :) @FahadZirarAhmad
— Swara Bhasker (@ReallySwara) February 2, 2023 " class="align-text-top noRightClick twitterSection" data="
खुश रहो, आबाद रहो.. उम्र हो रही है अब शादी कर लो! 🤣🤣🤓🤓💛💛
Have a great birthday & a fantastic year dost! ✨ pic.twitter.com/3Rzak1MuQB
">जन्मदिन मुबारक फ़हाद मियाँ! भाई का कॉन्फ़िडेंस बरकरार रहे :) @FahadZirarAhmad
— Swara Bhasker (@ReallySwara) February 2, 2023
खुश रहो, आबाद रहो.. उम्र हो रही है अब शादी कर लो! 🤣🤣🤓🤓💛💛
Have a great birthday & a fantastic year dost! ✨ pic.twitter.com/3Rzak1MuQBजन्मदिन मुबारक फ़हाद मियाँ! भाई का कॉन्फ़िडेंस बरकरार रहे :) @FahadZirarAhmad
— Swara Bhasker (@ReallySwara) February 2, 2023
खुश रहो, आबाद रहो.. उम्र हो रही है अब शादी कर लो! 🤣🤣🤓🤓💛💛
Have a great birthday & a fantastic year dost! ✨ pic.twitter.com/3Rzak1MuQB
বিয়াৰ উখল-মাখল পৰিৱেশৰ মাজতে শুভেচ্ছাবাণীৰ লগতে ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা হৈছে স্বৰা ভাস্কৰক । কিয় জানেনে ? কাৰণ হ’ল স্বৰাই স্বামীক ভাই বুলি সম্বোধন কৰে ৷ বিয়াৰ কথা ঘোষণা কৰাৰ পিছদিনাই স্বৰাৰ এই টুইটতো ভাইৰেল হৈ পৰে (Swara Bhasker and Fahad Ahmad) ৷ স্বৰাৰ এই টুইটোৱে এতিয়া ছ’চিয়েল মিডিয়াত কৌতুকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ একাংশই অভিনেত্ৰী গৰাকীৰ কাণ্ড দেখি হাঁহিছে যদিও একাংশই কিন্তু বহুত বেয়াকৈ ট্ৰ’ল কৰিছে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
জন্মদিনৰ শুভেচ্ছা ফাহাদ ভাই
এই টুইটটো 2023 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখৰ, য'ত স্বৰাই স্বামী ফাহাদক জন্মদিনৰ শুভেচ্ছা জনাইছে আৰু তেওঁক ভাই বুলি সম্বোধন কৰিছে । নেটিজেন ক্ষুব্ধ হোৱাৰ কাৰণটো হ’ল যে 2023 চনৰ 6 জানুৱাৰীত বিবাহপাশত আবদ্ধ হৈ স্বৰা আৰু ফাহাদে স্বামী-স্ত্ৰীৰ মৰ্যাদা লাভ কৰিছিল (Swara Bhasker and Fahad Ahmad wedding) । তাৰ পিছতো স্বৰাই কেনেকৈ ভাই বুলি লিখিলে টুইটত ! ঠিক এমাহৰ ভিতৰতে 2 ফেব্ৰুৱাৰীত ফাহাদৰ জন্মদিনত স্বৰাই ভাই বুলি লিখি এই টুইট পোষ্ট কৰে (Swara Bhasker twitter)।
- " class="align-text-top noRightClick twitterSection" data="
">
নিজৰ সাহসিকতাৰ বাবে জনাজাত আৰু জনপ্ৰিয় যদিও স্বৰাৰ এই কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে নেটিজেন ৷ সম্পৰ্কক সন্মান কৰি নাজানে বুলি গালি পাৰিছে একাংশই ৷ ভাই বুলি মতাটো অভিনেত্ৰীগৰাকীৰ বাবে সমস্যা হৈ পৰিছে এতিয়া । নেটিজেনে কটু মন্তব্যৰে থকা-সৰকা কৰিছে অভিনেত্ৰী গৰাকীক ।
স্বৰাৰ এই টুইটটো ছ’চিয়েল মিডিয়াত ইমূৰ-সিমূৰ চক্ৰান্ত কৰি আছে (Swara Bhasker Viral Tweet) আৰু যিয়েই এই টুইটটো পঢ়িছে তেওঁ অভিনেত্ৰী গৰাকীৰ টুইটটোৰ ওপৰত মন্তব্য নকৰাকৈ থকা নাই । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘বাহ, প্ৰথম ভাই.. তাৰ পিছত ছাইয়ান’ । আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘স্বৰাক তেওঁৰ ভাতৃক বিয়া কৰোৱাত আন্তৰিকতাৰে অভিনন্দন জনাইছো’। আনহাতে আৰু এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'ইছি কা ভাই..ইছি কি জান' ।
লগতে পঢ়ক : প্ৰায়ে পৌৰাণিক চৰিত্ৰত অভিনয় কৰা এইগৰাকী অভিনেত্ৰীৰ বাস্তৱ জীৱনৰ গ্লেমাৰাছ ফটো চাওক