ETV Bharat / entertainment

দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰেড ফ’ৰ্ট ৰামলীলা উৎসৱত ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰিব চুপাৰষ্টাৰ প্ৰভাসে

দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসে চলিত বৰ্ষত দিল্লীৰ বিখ্যাত লৱ-কুশ ৰামলীলা উৎসৱত ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰিব । প্ৰতিবছৰৰ দৰেই আগন্তুক 26 ছেপ্টেম্বৰৰ পৰা দিল্লীত দশেহৰা উদযাপনৰ সময়ত সংগঠিত হ’ব হাজাৰ হাজাৰ লোক ।

author img

By

Published : Sep 12, 2022, 8:49 PM IST

Superstar Prabhas
ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰিব চুপাৰষ্টাৰ প্ৰভাসে

চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ: - দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসে এই বছৰ দিল্লীৰ বিখ্যাত লৱ-কুশ ৰামলীলা উৎসৱত ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ ওলাইছে । প্ৰতিবছৰৰ দৰেই লৱ-কুশ ৰামলীলা কমিটিয়ে আগন্তুক 26 ছেপ্টেম্বৰৰ আয়োজন কৰা দশেহৰা উদযাপনৰ সময়ত দিল্লীত হাজাৰ হাজাৰ লোক সংগঠিত হ’ব ।

আটাইতকৈ আকৰ্ষণীয় পেণ্ডেল তৈয়াৰ কৰাৰ বাবে পৰিচিত এই কমিটিয়ে চলিত বৰ্ষত লালকিল্লাৰ লনত অযোধ্যাৰ ৰাম মন্দিৰ থিম লৈ এই পেণ্ডেল নিৰ্মাণ কৰিব । এইবাৰ 5 অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিজয়া দশমীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰভাসে ।

এটা সংবাদ অনুষ্ঠানৰ সৈতে হোৱা কথা-বতৰাত লৱ-কুশ ৰামলীলা কমিটিৰ মুৰব্বী অৰ্জুন কুমাৰে কয় যে, "যিহেতু প্ৰভাসে ইতিমধ্যে আগন্তুক ছবি আদিপুৰুষত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে, গতিকে তেওঁতকৈ আৰু কোন ভাল হ’ব ৰাৱণ দহনৰ বাবে । তেওঁ দশেহৰাৰ দিনা দুষ্ট ৰাৱণক জ্বলাই দিব" ৷

তেওঁ লগতে কয়, "প্ৰতিবাৰৰ দৰে তিনিটাকৈ প্ৰতিমূৰ্তি থাকিব - ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদ আৰু প্ৰভাসে এডাল কাঁড়পাত মাৰি প্ৰতিটোকে জ্বলাই দিব!" এইবাৰ পেণ্ডেলত থকা মূৰ্তিসমূহ 100 ফুট উচ্চতাৰ হ’ব । ইয়াৰ পূৰ্বে অজয় ​​দেৱগণ, জন আব্ৰাহামৰ দৰে অভিনেতাসকলে কমিটিৰ এই মহান উদযাপনত অংশ লৈছে" ।

দশেহৰা উৎসৱ 26 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু 5 অক্টোবৰত সমাপ্ত হ’ব (2022 dussehra date) । ভগৱান ৰামে ৰাৱণক বধ কৰাৰ দৰে বেয়াৰ ওপৰত ভালৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে দশেহৰা উদযাপন কৰা হয় । কিছুমান অঞ্চলত এই উৎসৱক বিজয়াদশমী বুলিও জনা যায় । এই উৎসৱ উপলক্ষে মহিষাসুৰ দানৱৰ ওপৰত দেৱী দুৰ্গাৰ বিজয় উদযাপন কৰা হয় ।

লগতে পঢ়ক : Sonali Phogat movie: শীঘ্ৰেই মুক্তি পাব সোণালী ফোগাটৰ অন্তিমখন ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.