চিটাৰা ডেস্ক, 18 ছেপ্টেম্বৰ: পিতৃ তথা কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে যোৱা কেইদিনমানৰ পৰা আমেৰিকাত আছে ছানী দেওল । গদৰ ২ আৰু ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীৰ সফলতাৰ পিচত ছুটীত আছে ছানী দেওল আৰু ধৰ্মেন্দ্ৰ । ভগ্নী অজিতা আৰু বিজেতাক লগ কৰিবলৈ দেউতাকৰ সৈতে বিদেশলৈ গৈছে ছানী দেওল । আচলতে দুয়োগৰাকী ভগ্নী অজিতা আৰু বিজেতা আমেৰিকাত থাকে।
সোমবাৰে ছানী দেওলে তাৰ পৰাই নিজৰ আৰু ধৰ্মেন্দ্ৰৰ এখন ছবি শ্বেয়াৰ কৰিছে । এই ছবিখনত ধৰ্মেন্দ্ৰক পিজ্জা খাই থকা দেখা গৈছে । ছানী দেওল আৰু ধৰ্মেন্দ্ৰ দুয়োজনেই টুপী পৰিধান কৰিছে আৰু ছানীয়ে চশমাও পিন্ধিছে ৷ এই ছবিখন শ্বেয়াৰ কৰি ছানী দেওলে লিখিছে, "পাপা আৰু মই শান্তিৰে পিজ্জা খালোঁ ।"
এই ছবিখনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ কন্যা ঈশা দেওলে । ক’লা হৃদয়ৰ ইমোজিৰে সৈতে বেয়া চকুৰ পৰা ৰক্ষা কৰা ইমোজি শ্বেয়াৰ কৰিছে । তেওঁলোকৰ উপৰিও ববি দেওলেও পিতৃ আৰু ভাতৃৰ এই মৰমলগা ছবিখনত কমেন্ট কৰিছে ৷ ববিয়ে বহুকেইটা হাৰ্ট ইমোজি কমেণ্ট কৰিছে। পৰিয়ালৰ উপৰিও বহু অনুৰাগীয়েও ধৰ্মেন্দ্ৰ আৰু ছানীৰ এই ছবিখনত মৰমৰ বৰষুণ দিছে।
দেওলৰ বাবে অত্যন্ত ভাল বছৰ
উল্লেখ্য যে এই বছৰটো ছানী দেওল আৰু ধৰ্মেন্দ্ৰ দুয়োৰে বাবে বৰ ভাল বছৰ । শেহতীয়াকৈ ধৰ্মেন্দ্ৰক কৰণ জোহৰৰ পৰিচালিত ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। তেওঁৰ ছবিখনে যথেষ্ট প্ৰশংসা লাভ কৰাৰ লগতে ভাল ব্যৱসায়ো কৰিছিল । একে সময়তে গদৰ ২ ছবিৰে বক্স অফিচ ধুমুহাৰ সৃষ্টি কৰিছে ছানী দেওলে। অনিল শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে এই পৰ্যন্ত ঘৰুৱা বক্স অফিচত ৫২০ কোটি টকাৰো অধিক ব্যৱসায় কৰিছে ।
লগতে পঢ়ক: Sunny Deol: ৮৭ বছৰীয়া ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি! এই সন্দৰ্ভত কি ক’লে ছানী দেওল আৰু হেমা মালিনীয়ে