ETV Bharat / entertainment

Sunny Deol on nepotism: নিজৰ সন্তানৰ বাবে কিবা এটা কৰাটো ভুল কেনেকৈ হ’ব পাৰে ? নেপোটিজমৰ ওপৰত ছানী দেওলৰ মন্তব্য

author img

By

Published : Aug 6, 2023, 6:47 PM IST

বলীউডৰ অভিনেতা ছানী দেওলৰ ছবি গদৰ ২ মুক্তি পাবলৈ বাকী আছে মাত্ৰ কেইটামান দিন । অভিনেতাগৰাকীয়ে ছবিখনৰ প্ৰচাৰত সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে ৷ ছবিখনৰ প্ৰচাৰৰ মাজতে ছানীয়ে নেপোটিজমৰ বিষয়ে মুকলিকৈ কোৱা দেখা গ’ল ৷

Sunny Deol on nepotism: Whats wrong if a father wants to do something for his son?
ছানীয়ে নেপোটিজমৰ বিষয়ে মুকলিকৈ ক’লে

চিটাৰা ডেস্ক, 6 আগষ্ট: বলীউডৰ অভিনেতা ছানী দেওল এইকেইদিন ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি ‘গদৰ ২’ৰ প্ৰচাৰত । ছানী দেওল আৰু অমিষা পেটেলে বিভিন্ন স্থানত ছবিখনৰ প্ৰচাৰ কৰা দেখা গৈছে। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে নেপোটিজমৰ বিষয়ে মুকলিকৈ ক’লে । এই বিষয়ত ছানী দেওলে কয় যে যদি তেওঁ এই উদ্যোগৰ অভিনেতা নহ’লহেঁতেন তেন্তে তেওঁৰ পিতৃ ধৰ্মেন্দ্ৰই যি কাম কৰিলে হয় তাকেই তেওঁ অনুসৰণ কৰিলেহেঁতেন ।

কেৱল এয়াই নহয়, ছানীয়ে লগতে ক’লে যে যদি কোনো পিতৃয়ে নিজৰ সন্তানৰ বাবে কিবা এটা কৰিব বিচাৰে, তেন্তে তাত কোনো ভুল নাই । আচলতে ছানীক সোধা হৈছিল যে যদি তেওঁৰ পিতৃ ধৰ্মেন্দ্ৰ নাথাকিলহেঁতেন তেন্তে তেওঁ কি কাম কৰিলেহেঁতেন ? এই প্ৰশ্নৰ উত্তৰত অভিনেতাজনে কয় যে তেওঁ নাজানে, পিতৃয়ে যিয়েই কৰিলেহেঁতেন, তেওঁও একে কামেই কৰিলেহেঁতেন । এই প্ৰশ্নৰ পিচত তেওঁক নেপটিজিমৰ বিষয়ে ক’বলৈ কোৱা হৈছিল ।

যাৰ উত্তৰত ছানি দেওলে কয় যে তেওঁ অনুভৱ কৰে যে এই সকলো মানুহ নিজৰ জীৱনত সফল নহয়, সেয়েহে তেওঁলোক হতাশ । তেওঁলোকে বুজি নাপায় যে এজন পিতৃয়ে নিজৰ পুত্ৰৰ বাবে কাম কৰি আছে। কোনটো পৰিয়ালে এই কাম নকৰে ? পুত্ৰৰ বাবে কিবা এটা কৰিব বিচৰাজনৰ ইয়াৰ কিবা ভুল আছে বুলি মই নাভাবো । কিন্তু যিজনে নিজৰ কঠোৰ পৰিশ্ৰমেৰে নিজকে প্ৰমাণ কৰিব পাৰিব তেওঁ সফল হ’ব । ইয়াৰ লগতে তেওঁ স্বীকাৰ কৰে যে তেওঁ কেৱল পিতৃৰ বাবেই অভিনেতা হৈছিল ।

উল্লেখ্য যে, বলীউড উদ্যোগৰ একাংশ লোকক প্ৰায়ে নেপোটিজমৰ বাবে লক্ষ্য কৰি লোৱা হয় । ব্যৱহাৰকাৰীসকলেও বিশ্বাস কৰে যে তাৰকা ল’ৰা-ছোৱালীয়ে ছবিত কাম কৰাৰ সুযোগ অতি সহজেই পায়। ইয়াৰ বাবে সাধাৰণ মানুহে কঠোৰ পৰিশ্ৰম কৰিব লাগে । কিন্তু পিতৃ-মাতৃ তাৰকা হোৱাৰ বাবেই তেওঁৰ সন্তানে কষ্ট কৰিব নালাগে ৷

একে সময়তে কংগনা ৰানাৱটেও এই বিষয়ত নিজৰ মতামত দাঙি ধৰাটো প্ৰায়েই দেখা যায়। অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে নেপোটিজমৰ ওপৰত মন্তব্য কৰা দেখা যায় ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে নিপোটিজমৰ বিতৰ্ক আৰম্ভ হৈছিল অভিনেতা সুশান্ত সিঙৰ মৃত্যুৰ পিচত।

লগতে পঢ়ক: Dharmendra: মুছলিম হোৱাৰ পূৰ্বে এইগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছিল ধৰ্মেন্দ্ৰ, কিন্তু কেনেকৈ ভাঙিছিল প্ৰেমৰ সম্পৰ্ক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.