ETV Bharat / entertainment

Dharmendra Hema Malini Marriage: ছানী দেউলতকৈ মাত্ৰ কেইবছৰ মানৰ ডাঙৰ মাহীমাক হেমা মালিনী

author img

By

Published : Jun 20, 2023, 11:36 AM IST

১৯৮০ চনত ধৰ্মেন্দ্ৰই দ্বিতীয়বাৰৰ হেমাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেতিয়া ছানীৰ বয়স আছিল ২৩ বছৰ । ধৰ্মেন্দ্ৰই যদিও দ্বিতীয়বাৰৰ বাবে হেমাক বিয়া কৰাইছিল, কিন্তু তথাপিও প্ৰথমা পত্নীৰ সৈতে হোৱা নাছিল বিবাহ বিচ্ছেদ ৷

Sunny deol and Hema Malini age difference will shock you know unknown facts about dharmendra wife
ধৰ্মেন্দ্ৰৰ পাৰিবাৰিক তথ্য

চিটাৰা ডেস্ক, 20 জুন: পুত্ৰ কৰণ দেউলৰ বিবাহক লৈ বৰ্তমান সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰিছে ছানী দেউলে । এই বিয়াত বলীউডৰ বহু তাৰকাই অংশগ্ৰহণ কৰিছিল যদিও বিয়া আৰু অভ্যৰ্থনা অনুষ্ঠানত হেমা মালিনী আৰু তেওঁৰ কন্যা ঈশা আৰু আহনাই অংশগ্ৰহণ নকৰিলে । সকলোৱে জ্ঞাত যে হেমা ছানীৰ মাহীমাক আৰু ইছা আৰু আহানা হেমাৰ কন্যা ৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছানীয়ে নিজেই ঈশা আৰু আহানালৈ বিবাহৰ নিমন্ত্ৰণ পত্ৰ পঠিয়াইছিল যদিও দুয়োগৰাকী ভগ্নী উপস্থিত নাথাকিল বিবাহত ৷

আপুনি জানেন হেমাতকৈ ছানী মাত্ৰ ৯ বছৰৰ সৰু ?

উল্লেখ্য যে, ধৰ্মেন্দ্ৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিচত কেতিয়াও ধৰ্মেন্দ্ৰৰ প্ৰথম পৰিয়ালৰ কোনো উৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই হেমাই ৷ আপুনি জানি আচৰিত হ’ব যে ছানী আৰু হেমা মালিনীৰ বয়সত মাত্ৰ ৯ বছৰৰ পাৰ্থক্য আছে । হেমা তেওঁৰ তুলনাত মাত্ৰ ৯ বছৰ ডাঙৰ । ছানীৰ বয়স ৬৫, হেমাৰ বয়স ৭৪। ১৯৮০ চনত যেতিয়া ধৰ্মেন্দ্ৰই দ্বিতীয়বাৰ হেমাক বিয়া কৰাইছিল তেতিয়া ছানীৰ বয়স আছিল ২৩ বছৰ । ধৰ্মেন্দ্ৰই দ্বিতীয়বাৰৰ বাবে হেমাক বিয়া কৰাইছিল, কিন্তু তেওঁ কেতিয়াও প্ৰথম পত্নী প্ৰকাশ কৌৰ আৰু চাৰিওটা সন্তানক এৰি থৈ যোৱা নাছিল, প্ৰকাশ কৌৰৰ সৈতে বিবাহ বিচ্ছেদ হোৱা নাছিল ধৰ্মেন্দ্ৰৰ ৷

ওচৰতে ধৰ্মেন্দ্ৰৰ দুয়োগৰাকী পত্নীৰ বাংলো

হেমাই মুম্বাইৰ এটা বাংলোত থাকে। আমোদজনক কথাটো হ’ল ধৰ্মেন্দ্ৰৰ দুয়োগৰাকী পত্নী ইগৰাকী-সিগৰাকীৰ পৰা মাত্ৰ পাঁচ মিনিটৰ দূৰত্বত বসবাস কৰে । প্ৰকাশ কৌৰে সমগ্ৰ পৰিয়ালৰ সৈতে মুম্বাইৰ ১১ নং ৰোড হাউচত থকাৰ বিপৰীতে কিছু দূৰৈত অৱস্থিত হেমাৰ আদিত্য বাংলো । দুয়োটা ঘৰৰ সলনি ধৰ্মেন্দ্ৰই বেছিভাগ সময় মুম্বাই চহৰৰ পৰা আঁতৰত থকা নিজৰ ফাৰ্ম হাউচত কটায় ।

আন এটা বিশেষ কথা হ’ল হেমাই ছানী আৰু তেওঁৰ পৰিয়ালক লগ নকৰিলেও, কিন্তু তেওঁৰ কিতাপ ‘হেমা মালিনী: বিয়ণ্ড দ্য ড্ৰিম গাৰ্ল’ৰ উন্মোচনী অনুষ্ঠানত ছানীৰ বিষয়ে প্ৰশংসা কৰি কয় যে ছানী আৰু ববিৰ সৈতে তেওঁৰ সম্পৰ্ক অতি ঘনিষ্ঠ ৷ যেতিয়া তেওঁ দুৰ্ঘটনাত পতিত হৈছিল, তেতিয়া ছানীয়ে প্ৰথমে চিকিৎসালয়ত উপস্থিত হৈছিল আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিল ।

লগতে পঢ়ক: OIFFA 2023: অট’ৱা ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত ফুটপ্ৰিণ্টছ অন ৱাটাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আদিল হুছেইনলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.