চিটাৰা ডেস্ক, 9 এপ্ৰিল: কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰা প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ কাৰাগাৰত থকাৰ পিচতো সময়ে সময়ে যিকোনো কাৰণত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ কাৰাগাৰৰ পৰা লিখা চিঠিৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে সুকেশে ৷ চিঠি লিখা সুকেশৰ যেন অন্যতম অভ্যাসত পৰিণত হৈছে । প্ৰায়ে বলাউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছলৈ কাৰাগাৰৰ পৰা চিঠি প্ৰেৰণ কৰে সুকেশে (Sukesh Chandrashekhar) ৷
এইখিনিতে উল্লেখ কৰিব লাগিব যে, আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ উৎসৱ ইষ্টাৰ ৷ যিহেতু জেকলিন এগৰাকী খ্ৰীষ্টান ধৰ্মীয় লোক গতিকে এই উৎসৱৰ দিনা জেকলিনক শুভেচ্ছা জ্ঞাপন নকৰাকৈ বাৰু কেনেকৈ থাকিব পাৰে প্ৰৱঞ্চক সুকেশ ৷ সেয়েহে, ইষ্টাৰ উপলক্ষে সুকেশে জেকলিন ফাৰ্নাণ্ডেছলৈ এখন ৰোমান্টিক চিঠি লিখিছে । ইয়াৰ পূৰ্বেও জেকলিন আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চিঠি প্ৰেৰণ কৰিছিল সুকেশে (Jacqueline Fernandez) ।
জেকলিনলৈ সুকেশৰ চিঠি
এই চিঠিখনত প্ৰৱঞ্চক সুকেশে জেকলিনক মাই বেবী বুলি সম্বোধন কৰিছে (Sukeshs Easter wish for Jacqueline)। চিঠিখনত সুকেশে ইষ্টাৰৰ শুভেচ্ছা লিখিছে । ইয়াৰ লগতে সুকেশে ইষ্টাৰ জেকলিনৰ প্ৰিয় উৎসৱ বুলিও লিখিছে। সুকেশে কয় যে, "সেই দিনবোৰ মই বহুত মিছ কৰি আছো । তোমাৰ সেই কণী ভঙাৰ ধৰণটো মোৰ এতিয়াও মনত আছে আৰু তাৰ পৰা ওলোৱা কেণ্ডি তোমাৰ প্ৰিয় আছিল । এই দিনটোত তুমি সাজ-পোছাক পৰিধান কৰিলে কিমান ধুনীয়া দেখা গৈছিল তোমাক সেই বিষয়ে উপলব্ধি কৰা নে ? ।"
জেকলিনক আটাইতকৈ ধুনীয়া বুলি ক’লে সুকেশে
সুকেশে চিঠিখনত লিখিছে, "এই গ্ৰহত তোমাৰ দৰে ধুনীয়া ছোৱালী নাই । I love you my baby । এনেকুৱা হ’ব পাৰেনে যে আকৌ তুমি আৰু মই চিৰদিনৰ বাবে ইগৰাকীয়ে সিগৰাকীৰ হ’ব পাৰো । তুমি মনত নপৰা এটাও মুহূৰ্তও নাই আৰু মই জানো যে তুমিও মোৰ প্ৰতি একেই চিন্তা কৰা ।"
সুকেশে জেকলিনৰ বাবে এটা গীতো লিখিছিল
চিঠিখনত লিখা আছে যে, অহা বছৰৰ ইষ্টাৰ হ’ব এতিয়ালৈকে হোৱা শ্ৰেষ্ঠ উৎসৱ আৰু মই তোমাক এই কথাৰ আশ্বাস দিছো । সুকেশে এই ৰোমান্টিক চিঠিখনতো লিখিছে যে তুম মিলে দিল খিলে অৰ জীনে কো ক্যা চাহিয়ে গীতটি তোমাৰ বাবে মনতে গুণগুণাই আছিলো । তুমি মোৰ হৃদয়ৰ হৃদস্পন্দন বেবী, আকৌ এবাৰ আপোনাক, মাতৃ-পিতৃলৈ ইষ্টাৰৰ বহুত বহুত শুভেচ্ছা থাকিল ।"
লগতে পঢ়ক: Sukesh Love Letter: কাৰাগাৰৰ পৰাই জেকলিনলৈ প্ৰেৰণ প্ৰেম পত্ৰ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ