চিটাৰা ডেস্ক, 7 মাৰ্চ: সুকেশ চন্দ্ৰশেখৰ কোন নতুনকৈ হয়তো কোৱাৰ প্ৰয়োজন নাই ৷ হয়, ২০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত মণ্ডোলী কাৰাগাৰত বন্দী হৈ থকা প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ কথাকে কৈছো ৷ বহু জনপ্ৰিয় অভিনেত্ৰীক দামী দামী উপহাৰ দি নিজৰ প্ৰেমৰ জালত পেলাইছিল সুকেশে ৷ কিন্তু অৱশেষত ৰঙা ঘৰৰ আলহী হ’ল সুকেশ চন্দ্ৰশেখৰ (Sukesh Chandrasekhar wrote letter) ৷

এইখিনিতে উল্লেখ কৰিব লাগিব প্ৰৱঞ্চক সুকেশৰ জালত প্ৰথম পৰিছিল অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছ ৷ জেকলিন প্ৰেম কৰে বুলি দাবী কৰিছিল সুকেশে ৷ জেকলিনৰ প্ৰতি সুকেশৰ প্ৰেম বৰ্তমানলৈকে শেষ হোৱা নাই ৷ কাৰাগাৰৰ পৰাই হোলীত জেকলিনৰ বাবে লিখিলে প্ৰেমপত্ৰ ৷ ইয়াৰ পূৰ্বেও সুকেশে জেকলিন ফাৰ্নাণ্ডেছৰ প্ৰতি প্ৰকাশ কৰিছিল নিজৰ প্ৰেম ।পাটিয়ালা হাউছ ক’ৰ্টৰ শুনানিৰ পৰা ওলাই যোৱাৰ সময়ত সুকেশে সংবাদ মাধ্যমৰ আগত কৈছিল যে জেকলিন ফাৰ্নাণ্ডেছে চিন্তা কৰাৰ প্ৰয়োজন নাই, জেকলিনৰ বাবে তেওঁ সদায় আছে (Sukesh Love Letter)।
হোলীত সুকেশে জেকলিনলৈ লিখা চিঠিখনত সুকেশে লিখিছে, "এই হোলী উৎসৱত মই প্ৰতিশ্ৰুতি দিছো যে এই সমস্যাবোৰৰ বাবে তোমাৰ জীৱনৰ পৰা যিবোৰ ৰং আঁতৰি গৈছে, সেইবোৰ মই ১০০ গুণ বেছি ঘূৰাই দিম । তোমাৰ জীৱনৰ উজ্জ্বলতা ঘূৰাই অনাটো মোৰ দায়িত্ব । মোৰ বেবী গাৰ্ল হাঁহি থাকিবা সদায় । মোৰ জীৱনত তুমি কি স্থান দখল কৰিছা তুমি হে জানা কেৱল । My bomma, My love ।"
সুকেশে জেকলিনৰ প্ৰতি থকা মৰম য’তেই সুবিধা পাই তাতেই ব্যক্ত কৰে । যদিও জেকলিনে সুকেশৰ সৈতে থকা সম্পৰ্ক কেতিয়াও মানি লোৱা নাছিল । জেকলিনে আদালতত নিজৰ বক্তব্য দি প্ৰৱঞ্চনাৰ বলি হৈছে বুলি দাবী কৰি আহিছে ।

পাটিয়ালা হাউছ ক’ৰ্টত হাজিৰ হ’বলৈ যোৱাৰ সময়ত সংবাদ কৰ্মীসকলে জেকলিনৰ সন্দৰ্ভত সুকেশক প্ৰশ্ন কৰিছিল, তেতিয়া সুকেশে কৈছিল তেওঁৰ বিৰুদ্ধে আন লোকে মিছা অভিযোগ উত্থাপন কৰিছে আৰু মানুহে তেওঁক ব্যৱহাৰ কৰা বুলিও উল্লেখ কৰে ৷ অৱশ্যে জেকলিনৰ সন্দৰ্ভত তেওঁ ক’লে যে জেকলিনে চিন্তা কৰাৰ প্ৰয়োজন নাই, মই তাইক সহায় কৰিবলৈ সদায় আছো (Jacqueline Fernandez)।
উল্লেখ্য যে, বিভিন্ন প্ৰভাৱশালী কৰ্পৰেট ব্যক্তিত্বক ৰাজনৈতিক সহায় আৰু আইনী সহায় আগবঢ়োৱাৰ নামত কোটি কোটি টকা ধন দাবী কৰাৰ অভিযোগ সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে । ফৰ্টিছ হেল্থ কেয়াৰৰ প্ৰমোটাৰ সিং ভাতৃদ্বয়ৰ পত্নীক কোটি কোটি টকা প্ৰতাৰণা কৰাৰ লগতে তামিলনাডু আৰু দক্ষিণৰ কেইবাজনো প্ৰভাৱশালী লোকক প্ৰতাৰণা কৰাৰ অভিযোগত বলবৎকাৰী সঞ্চালকালয়, চিবিআই আৰু দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই সুকেশৰ তদন্ত চলাই আছে । এই গোচৰত বলীউডৰ বহু অভিনেত্ৰীও অভিযুক্ত।
লগতে পঢ়ক : Kangana support Nawazuddin: নৱাজুদ্দিন ছিদ্দিকীৰ সপক্ষে কি ক’লে কংগনা ৰানাৱটে ?