চিটাৰা ডেস্ক, 5 ডিচেম্বৰ : দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ পৰা আহিছে এটা দুঃখবৰ । দক্ষিণৰ বিখ্যাত অভিনেতা বিজয় সেথুপট্টীয়ে তেওঁৰ পৰৱৰ্তী ছবিৰ বাবে শ্বুটিং কৰি থাঁকোতেই ঘটে এটা অঘটন ৷ দৃশ্যগ্ৰহণৰ সময়ত এজন ষ্টাণ্টমেনৰ ওপৰৰ পৰা পৰি কৰুণ মৃত্যু ঘটে । দৃশ্যগ্ৰহণস্থলীত আকস্মিকভাৱে হোৱা এই হৃদয়বিদাৰক দুৰ্ঘটনাটোৱে উপস্থিত থকা সকলোকে কন্দুৱায় । 54 বছৰীয়া ষ্টাণ্টমেন সুৰেশে 20 ফুট উচ্চতাৰ পৰা তললৈ পৰি এক্সন দৃশ্য গ্ৰহণৰ সময়ত প্ৰাণ হেৰুৱায় (Stuntman Suresh death) ।
এই মৰ্মান্তিক দুৰ্ঘটনাটো বিজয়ৰ পৰৱৰ্তী ছবি ‘বিদুথালাই’ৰ চেটত সংঘটিত হয় । এই ছবিখনৰ পৰিচালনা কৰিছে ভেট্ৰি মৰাণে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ছবিখনৰ চেটটো ৰে’লৰ ধ্বংসাৱশেষৰ পৰা প্ৰস্তুত কৰা হৈছিল । সেই দৃশ্য অনুসৰি ষ্টাণ্টমেন সুৰেশে ষ্টাণ্ট কৰিবলৈ 20 ফুট উচ্চতাৰ পৰা জপিয়াবলগীয়া হৈছিল ।
শ্বুটিঙৰ বাবে সুৰেশক ক্ৰেইনৰ সহায়ত ৰচীৰে বান্ধি দিয়া হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ ষ্টান্টমেন সুৰেশে জঁপিয়াই পৰাৰ লগে লগে ৰছীডাল ছিঙি যায় আৰু তেওঁ 20 ফুট উচ্চতাৰ পৰা মাটিত বাগৰি পৰে । এই ঘটনা দেখি ছেটত উপস্থিত থকা সকলো হতবাক হৈ পৰে আৰু সুৰেশক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।
আৰক্ষীয়ে এই কাণ্ডৰ তদন্ত কৰি আছে
তাৎপৰ্যপূৰ্ণভাৱে, সুৰেশে যোৱা 25 বছৰ ধৰি ষ্টান্টমেন হিচাপে কাম কৰি আছিল । এই দুৰ্ঘটনাৰ পিছত ছবিখনৰ শ্বুটিং বন্ধ ৰখা হৈছে । এই দুৰ্ঘটনাৰ পিছত ছবিখনৰ সৈতে জড়িত সকলো দুখিত হৈ পৰে ৷ আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Red Sea Festival: উচপ খাই উঠিল Sharon Stone যেতিয়াই গম পালে কাষতে বহি আছে শ্বাহৰুখ খান