ETV Bharat / entertainment

Jawan : জৱান মুক্তিৰ পূৰ্বেই লাগিল কেনা, বয়কট ট্ৰেণ্ড আৰম্ভ টুইটাৰত

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 6:36 PM IST

শ্বাহৰুখ খানৰ অভিনীত ছবি জৱান কাইলৈ ​​অৰ্থাৎ ৭ ছেপ্টেম্বৰত মুক্তি পাব । ছবিখন মুক্তিৰ কেইঘণ্টামান পূৰ্বে টুইটাৰত আৰম্ভ হৈছে বয়কটৰ ধাৰা । ট্ৰেণ্ড আৰম্ভ হোৱাৰ লগে লগে ছবিখনৰ সমৰ্থনত আৰু বিপক্ষত টুইট কৰিবলৈ ধৰিলে একাংশই ।

SRK film Jawan boycott trend on twitter x before film release, see the tweets
জৱান মুক্তিৰ পূৰ্বেই টুইটাৰত আৰম্ভ হৈছে বয়কটৰ ধাৰা

চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ: শ্বাহৰুখ খানৰ ছবি জৱান মুক্তিৰ এদিন পূৰ্বেই লাগিল কেনা ৷ টুইটাৰত ট্ৰেণ্ডিং আৰম্ভ হৈছে বয়কট অৱ জৱানৰ হেচটেগ। বহুতে টুইট কৰি জৱান ছবিখন বৰ্জন কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ পূৰ্বে শ্বাহৰুখ খানৰ পাঠানৰ বিৰুদ্ধেও একেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল । কিন্তু যেতিয়া ছবিখন মুক্তি লাভ কৰিছিল তেতিয়া হিন্দী চিনেমাৰ সকলো অভিলেখ ভংগ কৰিছিল পাঠানে ।

কাইলৈ ​​অৰ্থাৎ ৭ ছেপ্টেম্বৰত দেশ আৰু বিশ্বৰ সকলো ডাঙৰ পৰ্দাত মুকলি হ’ব জৱান । কিন্তু মুক্তিৰ এদিন পূৰ্বেই টুইটাৰত আৰম্ভ হৈছে প্ৰতিবাদ আৰু বৰ্জনৰ ট্ৰেণ্ড। বিভিন্ন কাৰণত বিভিন্নজনে শ্বাহৰুখৰ ছবিখন বৰ্জনৰ কথা কৈছে। কিন্তু এই ধাৰাবোৰে ছবিখনত কিমান প্ৰভাৱ পেলাব, সেয়া কোৱা টান ৷ কাৰণ আমি যদি এডভান্স বুকিং চাওঁ তেন্তে জৱানক লৈ ৰাইজৰ মাজত যথেষ্ট উন্মাদনা দেখা গৈছে । খবৰ অনুসৰি ছবিখনৰ ১০ লাখ টিকট আগতীয়াকৈ বিক্ৰী হৈছে ।

বয়কটৰ ট্ৰেণ্ড আৰম্ভ হৈছে এক্সত

টুইটাৰত ট্ৰেণ্ড কৰিছে বয়কট জৱান মুভি নামৰ হেচটেগটো । এই হেচটেগ ব্যৱহাৰ কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, “আমাৰ মন্দিৰবোৰ আপোনাৰ প্ৰচাৰৰ বাবে ষ্টুডিঅ’ নহয় । ছবি মুক্তিৰ পূৰ্বে হিন্দু মন্দিৰবোৰলৈ মনত নপৰে ? এই আজে বাজে কাম বন্ধ কৰক ।’’

ইয়াৰ বাহিৰেও প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ নামত এটা টুইটাৰ হেণ্ডেলে লিখিছে, ‘মই কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বাবে জৱান ছবিখন বৰ্জনৰ সমৰ্থন কৰা নাই। মই বয়কট ট্ৰেণ্ডক সমৰ্থন কৰিছো কাৰণ এই ছবিখন মোৰ সুশান্তৰ জীৱন, অধিকাৰ আৰু সন্মান কাঢ়ি লোৱা অপৰাধী বলীউডৰ প্ৰডাকচনৰ । "

একাংশই আকৌ বৰ্জনক উপহাস কৰিছে

এফালে যদি ব্যৱহাৰকাৰীয়ে ছবিখন বৰ্জন কৰাৰ কথা কৈছে, আনফালে বহু ব্যৱহাৰকাৰীয়ে এই বৰ্জনৰ ধাৰাটোক লৈ ঠাট্টা-মস্কৰা কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "মই এই ধাৰাটোক সম্পূৰ্ণৰূপে সমৰ্থন কৰো । সকলোৱে সকলো হলৰ টিকট বুক কৰক, এনে পৰিস্থিতিত টিকট উপলব্ধ নোহোৱাৰ বাবে কোনেও চিনেমা চাবলৈ যাব নোৱাৰিব।”

এজন ইউজাৰে লিখিছে, "বয়কট জৱান চিনেমা ট্ৰেণ্ডিং আৰম্ভ হৈছে। এতিয়া মই নিশ্চিত যে জৱান ছবিখনেও পাঠানৰ সকলো অভিলেখ ভংগ কৰিব। আনহাতে এজন ইউজাৰে ধামাল চিনেমাৰ এটা মিম শ্বেয়াৰ কৰি লিখিছে, “জৱান ফিল্ম বয়কট কৰনেৱালে ল’গ, বয়কট জৱান টুইট কৰ দিয়া... নাহি কৰনা থা, আব ৱহ ১৫০০ কোটি কামায়েগী ।”

লগতে পঢ়ক: Shah Rukh Khan Tirupati: বৈষ্ণো দেৱীৰ পিচত এইবাৰ তিৰুপতি মন্দিৰ দৰ্শন কিং খানৰ; কন্যা সুহানা আৰু নয়নতৰাকো দেখা গ’ল লগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.