চিটাৰা ডেস্ক, 19 জুন: জনপ্ৰিয় থ্ৰিলাৰ শ্ব’ স্কুইড গেমছ ২ টিজাৰ মুকলি ৷ ছ’চিয়েল মিডিয়াত স্কুইড গেমছ ২ ৰ টিজাৰ মুক্তি পোৱাৰ লগে লগে অনুৰাগীৰ মাজত সৃষ্টি হয় উন্মাদনাৰ ৷ হয়, ৰক্তাক্ত আৰু ভয়ানক মৃত্যুৰ খেলৰ সৈতে একেটা কোৰিয়ান থ্ৰিলাৰ শ্ব’ৱে আকৌ এবাৰ কামবেক কৰিবলৈ ওলাইছে ৷ কিন্তু এইবাৰ নতুন কাষ্টৰ সৈতে কাম বেক কৰিব শ্ব’টো । Squid Games 2 বহু আগতেই ঘোষণা কৰা হৈছিল যদিও নেটফ্লিক্সৰ ব্ৰাজিল ফেষ্টিভেলত মুকলি কৰা হৈছে ইয়াৰ টিজাৰ ভিডিঅ’। স্কুইড গেমছ ২ৰ টিজাৰ মুক্তি পোৱাৰ লগে লগে শ্ব’টোৰ অনুৰাগীসকলৰ মাজত প্ৰচণ্ড উত্তেজনা দেখা গৈছে ।
স্কুইড গেমছ ২ ৰ টিজাৰে সৃষ্টি কৰিলে আতংকৰ !
স্কুইড গেমছ ছিজন ২ৰ টিজাৰত আকৌ এবাৰ একেটা ৰেড লাইট আৰু গ্ৰীণ লাইট গেমৰ আভাস দেখা গৈছে । স্কুইড খেলত মাস্ক পৰিধান কৰি গোলাপী চুট পিন্ধা লোকে প্ৰতিযোগীসকলৰ বাবে প্ৰস্তুতি চলোৱা দেখা যায় । এই সকলোবোৰৰ পিচত আকৌ একেটা ৰক্তাক্ত খেলৰ আৰ্হি দেখা যায় । উল্লেখ্য যে, স্কুইড গেমছক নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত ঘোষণা কৰাৰ সময়তে নেটফ্লিক্সে কৈছে যে এই নৱেম্বৰ মাহত আপুনি ভালপোৱা গেমটো বাস্তৱত পৰিণত হ’ব ।
স্কুইড গেমছ ২ ৰ কাহিনী কি হ’ব ?
প্ৰথম ছিজনৰ দৰেই জনপ্ৰিয় কোৰিয়ান থ্ৰিলাৰ শ্ব’ স্কুইড গেমছ ২ আৰ্থিক সংকটৰ সন্মুখীন হোৱা লোকসকলৰ ওপৰত আধাৰিত হ’ব । সপোন আৰু পৰিয়ালৰ প্ৰয়োজনৰ স্বাৰ্থত নিজৰ জীৱনকো তুচ্ছ কৰি লোৱা সকলে, ৰক্তাক্ত খেল খেলা দেখা যাব । যদিও নেটফ্লিক্সে এতিয়াও নিজৰ জনপ্ৰিয় শ্ব’টোৰ কাষ্টৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, কিন্তু কোৱা হৈছে যে এইবাৰ স্কুইড গেমছ ২ নতুন কাষ্ট দেখা যাব । খবৰ অনুসৰি ২০২৩ চনৰ শেষৰ ফালে স্কুইড গেমছ মুকলি কৰিব পাৰে।