ETV Bharat / entertainment

Jiah Khan Suicide Case : জিয়া খানৰ আত্মহত্যাৰ গোচৰৰ কাইলৈ ​​হ’ব চূড়ান্ত ৰায়দান; কি হ’ব সূৰজ পাঞ্চোলিৰ ভৱিষ্যৎ?

author img

By

Published : Apr 27, 2023, 1:15 PM IST

২০১৩ চনত আত্মহত্যা কৰিছিল বলীউডৰ অভিনেত্ৰী জিয়া খান ৷ জিয়া খানৰ মৃত্যুৰ অভিযোগত মাতৃয়ে অভিনেতা সূৰজ পাঞ্চোলিৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷ এতিয়া কাইলৈ অৰ্থাৎ শুকুৰবাৰে ​​চিবিআইৰ বিশেষ আদালতে এই সন্দৰ্ভত চূড়ান্ত ৰায়দান কৰিব (Jiah Khan Suicide)।

SPECIAL CBI COURT WILL PASS FINAL VERDICT ON JIAH KHAN SUICIDE CASE TOMORROW MORNING AT 10 DOT 30 AM
জিয়া খানৰ আত্মহত্যাৰ গোচৰ

চিটাৰা ডেস্ক, 27 এপ্ৰিল: ৰহস্যজনকভাৱে আত্মহত্যা কৰা এনে বহু বলীউডৰ অভিনেতা-অভিনেত্ৰী আছে, যাৰ মৃত্যুৰ ৰহস্য আজি পৰ্যন্ত ৰহস্য হৈয়ে আছে ৷ ইয়াৰ ভিতৰত এগৰাকী হৈছে বলীউডৰ অভিনেত্ৰী জিয়া খান ৷ 2013 চনৰ ৩ জুনত উদ্ধাৰ হৈছিল জিয়া খানৰ মৃতেদহ (Jiah Khan Suicide Case) ৷ জিয়া খানৰ মৃত্যুৰ প্ৰকৃত কাৰণ আজি পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও জিয়া খানে এৰি থৈ যোৱা চিঠিখনৰ পৰা বহু তথ্য ফাদিল হৈছিল ৷

চিঠিখন জিয়া খানে প্ৰেমিক সূৰজ পাঞ্চোলিৰ বাবে লিখিছিল (Jiah Khan Suicide) ৷ চিঠিখন পোহৰলৈ অহাৰ পিচতে জিয়া খানক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত প্ৰেমিক সূৰজ পাঞ্চোলিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাত দাখিল হৈছিল গোচৰ ৷ সেই গোচৰৰ শুনানি বৰ্তমান পৰ্যন্ত চলি আছে (Jiah Khan letter) ৷

উল্লেখ্য যে, জিয়া খানৰ আত্মহত্যাৰ গোচৰৰ ১০ বছৰ পাৰ হ’ল ৷ চিবিআই বিশেষ আদালতে এই গোচৰৰ তদন্ত কৰি আছে আৰু কাইলৈ ​​পুৱা ১০:৩০ বজাত আদালতে এই গোচৰৰ চূড়ান্ত ৰায়দান কৰিব। এই গোচৰত নাম উল্লেখ কৰা অভিযুক্ত সুৰজ পাঞ্চোলিৰ বাবে কাইলৈ অৰ্থাৎ ​​২৮ এপ্ৰিল গুৰুত্বপূৰ্ণ দিন হ’ব । এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ১০ বছৰ ধৰি চলি থকা এই গোচৰত সূৰজৰ কি হ’ব ( Judgement in Jiah Khan suicide case)।

আনহাতে সংবাদ মাধ্যমৰ অনুসৰি ৰায় ঘোষণাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত দুয়োটা পক্ষৰ আত্মীয়ক মৌন হৈ থাকিবলৈ আদালতে নিৰ্দেশ দিছে । এনে পৰিস্থিতিত কাইলৈ ​​সূৰজ আৰু জিয়াৰ পৰিয়ালৰ সদস্যৰ বাবে সিদ্ধান্তৰ সময় (Judgment in Jiah Khan case likely on April 28) ।

যোৱা দহ বছৰে চলি থকা গোচৰৰ বাবে সূৰজ পাঞ্চোলিৰ বলীউড কেৰিয়াৰো বিপদত পৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে অভিনেতা আদিত্য পাঞ্চোলিৰ পুত্ৰ সূৰজ । অৱশেষত অন্তিন শুনানিৰ দিন ওচৰ চাপি অহাৰ লগে লগে হৃদস্পন্দন বাঢ়িছে অভিনেতাগৰাকীৰ (Jiah khan relationships) । অৱশ্যে কি ৰায়দান দিব আদালতে সেয়া হ’ব লক্ষ্যনীয় বিষয় ৷

গোটেই ঘটনাটো কি আছিল ?

উল্লেখ্য যে, ২০১৩ চনত নিজা বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল জিয়া খানৰ মৃতদেহ (Jiah khan death date) ৷ মৃত্যুৰ পূৰ্বে সুৰজ আৰু জিয়াই ডেট কৰিছিল । আত্মহত্যাৰ পূৰ্বে জিয়া খানে কেইবাবাৰো মাতৃৰ লগত নিজৰ সমস্যাৰ কথা আলোচনা কৰিছিল । জিয়া খানৰ মাতৃয়েও জানিছিল যে তেওঁৰ কন্যা অভিনেতা সূৰজ পাঞ্চোলিৰ সৈতে সম্পৰ্কত আছে ।

এনে পৰিস্থিতিত জিয়া খানে আত্মহত্যা কৰাত মাতৃৰ সম্পূৰ্ণ সন্দেহ ওপজে সূৰজ পাঞ্চোলিৰ ওপৰত আৰু জিয়াৰ মৃত্যুৰ বাবে সূৰজক জগৰীয়া কৰি জীয়েকৰ সম্পৰ্কৰ সকলো সবিশেষ আৰক্ষীৰ আগত কোৱাৰ পিচত গোচৰ তৰিছিল ।

লগতে পঢ়ক: Saint Von Colucci Dies: প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল এইজন অভিনেতাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.