ETV Bharat / entertainment

দক্ষিণ আফ্ৰিকাৰ সংগীত আইকন জাহাৰাৰ দেহাৱসান, ৩৬ বছৰ বয়সতে বিশ্ববাসীৰ পৰা বিদায় ল’লে - পপ গায়িকা জাহাৰা আৰু নাই

South African music icon Zahara dies aged 36: দক্ষিণ আফ্ৰিকাৰ আফ্ৰিকান-পপ গায়িকা জাহাৰাৰ দেহাৱাসন ৷ মুত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৬ বছৰ ।

South African singer, guitarist Zahara passes away at 36
অত্যধিক সুৰাপানেই কাল হ’ল পপ গায়িকা জাহাৰাৰ বাবে !
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 12:28 PM IST

চিটাৰা ডেস্ক, ১৩ ডিচেম্বৰ: দক্ষিণ আফ্ৰিকাৰ সংগীত আইকন হিচাপে পৰিচিত জাহাৰা আৰু নাই ৷ সোমবাৰে জোহানেছবাৰ্গৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰে সংগীত আইকনগৰাকীয়ে । মুত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৬ বছৰ । বঁটা বিজয়ী দক্ষিণ আফ্ৰিকাৰ পপ গায়িকা জাহাৰাৰ প্ৰকৃত নাম আছিল বুলেলাৱা । জাহৰা আছিল এগৰাকী প্ৰতিভাসম্পন্ন গায়ক আৰু গীতিকাৰ । তেওঁৰ হৃদয়স্পৰ্শী কণ্ঠ আৰু গীতে মুগ্ধ কৰিছিল লাখ লাখ অনুৰাগীক ৷

পপ গায়িকাগৰাকীৰ পৰিয়ালে ছ’চিয়েল মিডিয়াত নিশ্চিত কৰিছে তেওঁৰ মৃত্যুৰ খবৰ ৷ অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত কোনো তথ্য দিয়া নাই পৰিয়ালে ৷ দক্ষিণ আফ্ৰিকাৰ ক্ৰীড়া, কলা আৰু সংস্কৃতি মন্ত্ৰীৰ মুখপাত্ৰ লিথান ম্পোণ্ডৱানাই কয় যে জাহাৰা যোৱা কেইবা সপ্তাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল আৰু তেওঁৰ চিকিৎসা চলি আছিল ।

যকৃতজনিত ৰোগত আক্ৰান্ত আছিল জাহাৰা

জানি পৰা মতে যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছিল জাহাৰা । ২০১১ চনত গায়িকাগৰাকীয়ে তেওঁৰ এলবাম ললিৱেৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল, যিয়ে সমগ্ৰ আফ্ৰিকাতে যথেষ্ট প্ৰশংসা লাভ কৰিছিল । কিন্তু এটা সময়ত জাহাৰা সুৰাসক্ত হৈ পৰে আৰু এই সন্দৰ্ভত খোদ জাহাৰাই ২০১৯ চনত মদৰ আসক্তিৰ সৈতে যুঁজ দিয়াৰ বিষয়ে মুকলিকৈ কৈছিল ।

যোৱা মাহত চিকিৎসালয়ত ভৰ্তি হৈছিল জাহাৰা

উল্লেখ্য যে, যোৱা মাহত জাহাৰাৰ পৰিয়ালে নিশ্চিত কৰিছিল যে সংগীতজ্ঞগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইয়াৰ লগতে তেওঁ দক্ষিণ আফ্ৰিকাৰ লোকসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছিল ।

সংগীত জীৱনত বহু বঁটা লাভ কৰিছিল জাহাৰাই

পাঁচটা এলবাম মুকলি কৰা জাহাৰাই স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । ২০২০ চনত বিবিচিৰ ১০০ মহিলাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছিল জাহাৰাৰ । কিন্তু জাহাৰাৰ এই যাত্ৰা নিশ্চয় সহজ নাছিল ৷ হয়, জাহাৰাই ইষ্ট লণ্ডনৰ ৰাজপথত বাছ চলাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । পিচলৈ টি কে এনচিজাই তেওঁক টি এছ ৰেকৰ্ডছৰ পৰ্যায়ত চুক্তিবদ্ধ কৰিছিল । ইয়াৰ পৰাই সলনি হৈছিল জাহাৰাৰ যাত্ৰা ৷

২০১১ চনত প্ৰথমটো এলবাম মুক্তি পাইছিল জাহাৰাৰ

২০১১ চনত মুক্তি পাইছিল জাহাৰাৰ প্ৰথম এলবাম ললিৱে । ৭২ ঘণ্টাৰ ভিতৰতে প্ৰথম কপি বিক্ৰী হৈ গৈছিল । ১৯ দিনৰ পিচত এই এলবামটোৰ এক লাখতকৈ অধিক কপি বিক্ৰী হয় আৰু দক্ষিণ আফ্ৰিকাত ডাবল প্লেটিনামত উপনীত হয় । ইয়াৰ লগে লগে তেওঁ ঝোছাৰ স্থানীয় নিবাসী ব্ৰেণ্ডা ফেচিৰ পিচত এনে অভিলেখ সৃষ্টিকাৰী দ্বিতীয়গৰাকী সংগীতজ্ঞ হিচাপে পৰিগণিত হয় । ২০১২ চনত জাহাৰাই তেওঁৰ প্ৰথমখন লাইভ ডিভিডি ‘দ্য বিগিনিং লাইভ’ মুকলি কৰিছিল, য’ত এক্স-ফেক্টৰ ইউএছএৰ প্ৰতিযোগী লেৰয় বেলৰ অভিনয় আছিল । দক্ষিণ আফ্ৰিকাৰ ৰেকৰ্ডিং ব্যৱসায়টোৱে নিৰ্ধাৰণ কৰা মানদণ্ড অনুসৰি ডিভিডিখনে এদিনতে প্লেটিনামত উপনীত হয় ।

লগতে পঢ়ক: Matthew Perry: ‘মই কি ক’বলৈ চেষ্টা কৰিছো বুজি পাইছেনে ?’ মেথিউ পেৰীৰ শেষৰটো ইনষ্টাগ্ৰাম পোষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.