চিটাৰা ডেস্ক, 6 জুন: ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে শ্বাহৰুখ খানৰ দৰে সাইলাখ দেখা সুৰজ কুমাৰৰ এটা ভিডিঅ’ (Shah Rukh Khan Look Alike Latest Video)। সুৰজে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত 'ছোটা শ্বাহৰুখ' (Chhota shahrukh khan) নামৰ হেচটেগটোৰে শ্বেয়াৰ কৰিছে। ক্ৰমান্বয়ে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত সুৰজক দেখা গৈছে হুবহু শ্বাহৰুখ খানৰ দৰেই (Suraj Kumar)।
সুৰজে শ্বেয়াৰ কৰা এই ভিডিঅ’টো দিল্লীৰ, য’ত সুৰজে পৰিয়ালৰ সৈতে আউটিঙলৈ গৈছিল (Shah Rukh Khan) । সুৰজৰ হেয়াৰষ্টাইল, বেগী পেণ্ট আৰু ছান গ্লাছ আটাইবোৰ যেন শ্বাহৰুখৰ ৯০ দশকৰ লুকৰ লগত দৰেই দেখা গৈছে ৷ সেয়াহে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ভিডিঅ’টো শ্বাহৰুখ খানৰ পুৰণি ভিডিঅ’ বুলি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে ।
এজন ব্যৱহাৰকাৰীয়ে কয়, ‘৯০ৰ দশকৰ শ্বাহৰুখ খান’। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘শ্বাহৰুখ যেতিয়া ছবিত আহিছিল, তেতিয়া তেওঁক হুবহু এনেকুৱা দেখা গৈছিল।’ একে সময়তে সুৰজৰ ভিডিঅ’টো চাই একাংশ ইউজাৰ বিভ্ৰান্তিত পৰিল, তেওঁলোকে ভাবিলে যে এইটো শ্বাহৰুখ খানৰ পুৰণি ভিডিঅ’ । একে সময়তে এই ভিডিঅ’টো দেখি একাংশ ব্যৱহাৰকাৰীয়েও দাবী জনাইছে যে সুৰজে এবাৰ ছবিত নিজৰ ভাগ্য পৰীক্ষা কৰক । উল্লেখ্য যে সুৰজৰ বায়’ত উল্লেখ কৰা অনুসৰি কলকাতাত জন্মগ্ৰহণ কৰা সুৰজ পেছাত এজন শিল্পী (Shahrukh Khan Lookslike Suraj Video)।
ইফালে শ্বাহৰুখ খানৰ কথা যদি আমি ক’বলৈ যাও, শ্বাহৰুখ খানক শেহতীয়াকৈ ‘পাঠান’ ছবিত দেখা গৈছিল (Pathaan film)। মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰা পাঠান ছবিখন মুক্তিৰ পিচত দৰ্শকৰ পৰা যথেষ্ঠ সঁহাৰি লাভ কৰিছিল । বক্স অফিচত ছবিখনে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷ একে সময়তে কিং খানৰ আগন্তুক ছবিসমূহৰ ভিতৰত আছে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুক্তি পাবলগীয়া এটলীৰ ‘জৱান’। হিন্দী ভাষাৰ লগতে তামিল আৰু তেলেগু ভাষাতো মুক্তি পাব এই ছবিখন (Shah Rukh Khan New movie)।