ETV Bharat / entertainment

Honey Singh Death Threats: হানি সিঙক হত্যাৰ ভাবুকি, ৫০ লাখ টকাৰ ধন দাবী গোল্ডি ব্ৰাৰ - গেংষ্টাৰ গোল্ডি ব্ৰাৰ

মৃত্যুৰ ভাবুকি লাভ কৰিছে জনপ্ৰিয় ৰেপাৰ হানি সিঙে । লগতে ৫০ লাখ টকাৰ মুক্তিপণ দাবী কৰা হৈছে। ভাবুকি লাভ কৰাৰ পিচত বুধবাৰে দিল্লী আৰক্ষী মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষীক সুৰক্ষাৰ বাবে অনুৰোধ জনায় হানি সিঙে ।

Singer Honey Singh receives death threats, gangster Goldie Brar sends voice note from Canada
মৃত্যুৰ ভাবুকি হানি সিঙক
author img

By

Published : Jun 22, 2023, 11:14 AM IST

মৃত্যুৰ ভাবুকি হানি সিঙক

চিটাৰা ডেস্ক, 22 জুন: পাঞ্জাবী কণ্ঠশিল্পী তথা জনপ্ৰিয় ৰেপাৰ হানি সিঙৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ সিদ্ধু মুছেৱালাৰ পিচত এইবাৰ হানি সিঙক লক্ষ্য কৰি লৈছে গেংষ্টাৰ গোল্ডি ব্ৰাৰে ৷ হয়, এইবাৰ হানি সিঙক হত্যাৰ ভাবুকি প্ৰদান কৰিছে গোল্ডি ব্ৰাৰে ।

জানিব পৰা মতে, হানি সিঙক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে বৰ্তমান কানাডাত থকা গেংষ্টাৰ গোল্ডি ব্ৰাৰে । এই সন্দৰ্ভত হানিয়ে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাক অভিযোগ কৰি নিজকে ধৰি সমগ্ৰ পৰিয়ালটোৰ সুৰক্ষাৰ বাবে অনুৰোধ জনাইছে । লগতে নিৰাপত্তা প্ৰদানৰ দাবী উত্থাপন কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ।

হানি সিঙে কয় যে কানাডাৰ পৰা গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ নামত ফোন কলৰ জৰিয়তে মৃত্যুৰ ভাবুকি প্ৰদান কৰে । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত হানি সিঙে কয় যে মোৰ ওচৰত ভাবুকিমূলক ফোন আৰু ভইচ মেছেজ আহি আছে । বিদেশী নম্বৰৰ পৰা এই ফোনটো পাইছিলোঁ মই । মৃত্যুক কোনে ভয় নকৰে । মই সদায় জনসাধাৰণৰ পৰা মৰম লাভ কৰিছো কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে এনে ভাবুকি লাভ কৰিছো ।

৫০ লাখ মুক্তিপণৰ দাবী

দিল্লী আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে অভিযোগকাৰী হৰ্দেশ সিং ওৰফে হানি সিঙে জনাইছে যে ১৯ জুনত তেওঁৰ মেনেজাৰ ৰোহিত ছাব্ৰাৰ ফোন নম্বৰত ভাবুকিমূলক ফোন আহিছিল । ফোন কৰাজনে নিজকে গোল্ডি ব্ৰাৰ বুলি পৰিচয় দি ৫০ লাখ টকা ধন দাবী কৰে । ইয়াৰ পিচত আকৌ মেনেজাৰজনে একেটা নম্বৰৰ পৰা মুক্তিপণৰ বাবে ফোন আৰু ভইচ মেছেজ লাভ কৰিছিল । অভিযোগ লাভ কৰাৰ লগে লগে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পি এছ বিশেষ কোষত গোচৰৰ এফ আই আৰ নং ১৬৪/২৩ u/s ৩৮৭/৫০৬ আই পি চি পঞ্জীয়ন কৰা হৈছে ।

  • #WATCH | Delhi | I was in America when my manager got threat calls in which death threats were given to me. I have given a complaint to the police commissioner and he said they will probe it. I think the Special Cell will probe it. I have given all the info and evidence to them:… pic.twitter.com/8B9eEFEXan

    — ANI (@ANI) June 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

গোল্ডি ব্ৰাৰ কোন ?

জনপ্ৰিয় পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ নাম পোহৰলৈ আহিছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লৰেন্স বিষ্ণৈৰ দৰে গেংষ্টাৰৰ সৈতে মিলি গোল্ডিয়ে সিদ্ধুৰ মৃত্যুৰ ষড়যন্ত্ৰ কৰিছিল । জানিব পৰা মতে সম্প্ৰতি গোল্ডি কানাডাত আছে । গোল্ডিৰ বিৰুদ্ধে ইউএপিএৰ অধীনত এনআইএই গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক: Rakhi Sawant : এইবাৰ ভাইজানৰ সৈতে ৰাখীক হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.