ETV Bharat / entertainment

Sidhu Moose Wala Song: সিদ্ধু মুছেৱালাৰ মৃত্যুৰ ডেৰ বছৰৰ পাচত মুকলি নতুন গীত, গীত শুনি আবেগিক হৈ পৰিল অনুৰাগী - সিদ্ধু মুছেৱালাৰ ৱাচ আউট

পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মৃত্যুৰ প্ৰায় ডেৰ বছৰৰ পাচত মুক্তি লাভ কৰিছে তেওঁৰ নতুন গীত ৱাচ আউট । বিশেষকৈ দীপাৱলী উপলক্ষে অনুৰাগীৰ বাবে এই গীতটি মুকলি কৰা হৈছে । অনুৰাগীসকলে গীতটো বহুত ভাল পাইছে ।

Sidhu Moose Wala Song Watch Out Released, Singers fans Get Emotional After Listening the Track
নতুন গীত ৱাচ আউট
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 4:39 PM IST

চিটাৰা ডেস্ক, 12 নৱেম্বৰ: দীপাৱলী উপলক্ষে অনুৰাগীয়ে লাভ কৰিলে উপহাৰ । মুক্তি পালে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ছবি টাইগাৰ 3 । ইয়াৰ উপৰিও শেহতীয়াকৈ দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্তৰ ছবি লাল চালামৰ টিজাৰো মুকলি কৰা হৈছে । এতিয়া পাঞ্জাবী চলচ্চিত্ৰ উদ্যোগৰ পৰাও অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ আহিছে । পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মৃত্যুৰ ডেৰ বছৰৰ পাচত তেওঁৰ এটি নতুন গীত মুক্তি লাভ কৰিছে ।

দীপাৱলী উপলক্ষে অনুৰাগীৰ বাবে মুকলি কৰা হৈছে কণ্ঠশিল্পীগৰাকীৰ নতুন গীত । 2022 চনৰ মে’ মাহত সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰা হৈছিল । এতিয়া দীপাৱলী উপলক্ষে সিদ্ধু মুছেৱালাৰ অনুৰাগীৰ বাবে বিশেষ উপহাৰ আগবঢ়োৱা হৈছে । গীতটোৰ শিৰোনাম হৈছে Watch out । এই গীতটো মুক্তি পোৱাৰ 3 ঘণ্টাৰ পিচতে আৰু 33 লাখৰো অধিক লোকে চাইছে । অনুৰাগীৰ মাজত অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে গীতটি ।

ইয়াত চাওক গীতটি-

  • " class="align-text-top noRightClick twitterSection" data="">

আবেগিক হৈ পৰিল অনুৰাগী

সিদ্ধু মুছেৱালাৰ জোৰদাৰ কণ্ঠই অনুৰাগীক আপ্লুত কৰি তুলিছে । লগতে অনুৰাগীয়ে নিজৰ প্ৰিয় গায়কজনক মনত পেলাই আবেগিক হৈ পৰা দেখা যায় । অনুৰাগীয়ে কমেণ্টত নিজৰ অনুভৱ প্ৰকাশ কৰিছে । এজন ব্যক্তিয়ে লিখিছে – Rest in Power Jatta ৷ আন এজন ব্যক্তিয়ে লিখিছে- এঘণ্টাত 21 লাখ ভিউ । মৃত্যুৱেও কোনো ব্যক্তিত্বৰ খ্যাতি বৃদ্ধি হোৱাত বাধা দিব নোৱাৰে ।

উল্লেখ্য যে, সিদ্ধু মুছেৱালা আছিল এগৰাকী জনপ্ৰিয় পাঞ্জাবী গায়ক । নৱ প্ৰজন্মৰ মাজত তেওঁ জনপ্ৰিয় আছিল । 2022 চনৰ মে’ মাহত যেতিয়া তেওঁ থাৰত ভ্ৰমণ কৰি আছিল, তেতিয়া তেওঁক গুলীয়াই হত্যা কৰা হৈছিল । তেওঁৰ মৃত্যুত গোল্ডি ব্ৰাৰৰ নাম আহিছিল । আজিও অনুৰাগীয়ে সিদ্ধু মুছেৱালাৰ ন্যায়ৰ অপেক্ষাত আছে । এই গীতটি শুনি তেওঁৰ অনুৰাগীসকল আকৌ এবাৰ আবেগিক হৈ পৰে । উৎসৱৰ দিনটোত চকুলো বৈ আহিলে মুছেৱালাৰ অনুৰাগীৰ ।

লগতে পঢ়ক: Sidhu Moosewala case: সিদ্ধু মুছেৱালা হত্যাকাণ্ডত ডাঙৰ সফলতা, আজাৰবাইজানৰ পৰা ভাৰতলৈ অনা হ’ল শচীন বিষ্ণইক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.