ETV Bharat / entertainment

Yodha Postponed: পিছুৱাই দিয়া হ’ল সিদ্ধাৰ্থ মালহোত্ৰাৰ যোদ্ধাৰ মুক্তিৰ তাৰিখ, জানি লওক মুক্তিৰ তাৰিখ

অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে সিদ্ধাৰ্থ মালহোত্ৰাৰ ছবি ‘যোদ্ধা’ লৈ । পূৰ্বে এই ছবিখন ৮ ডিচেম্বৰত মুক্তি পোৱাৰ কথা আছিল ৷ কিন্তু মঙলবাৰে কৰণ জোহৰে এক নতুন পোষ্টৰ জৰিয়তে এই ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে ।

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 2:18 PM IST

Sidharth Malhotra Starrer film yodha release date postponed due to Merry Christmas Clash
সিদ্ধাৰ্থ মালহোত্ৰাৰ যোদ্ধাৰ মুক্তিৰ তাৰিখ সলনি হ’ল

চিটাৰা ডেস্ক, 7 নৱেম্বৰ: এইকেইদিন শিৰোনামত আছে সিদ্ধাৰ্থ মালহোত্ৰা । দৰাচলতে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে সিদ্ধাৰ্থৰ ছবি ‘যোদ্ধা’ বাবে । সিদ্ধাৰ্থৰ যোদ্ধা ঘোষণাৰ পিছৰে পৰা অনুৰাগীয়ে ইয়াক চাবলৈ উৎসাহিত হৈ পৰিছিল, কিন্তু এতিয়া অনুৰাগীৰ অপেক্ষা আৰু অলপ দীঘলীয়া হ’ব । এই ছবিখন আগতে 8 ডিচেম্বৰত চিনেমাগৃহত মুক্তি পোৱাৰ কথা আছিল যদিও এতিয়া এই তাৰিখ পিছুৱাই দিয়া হৈছে । ছ’চিয়েল মিডিয়াত কৰণ জোহৰে ছবিখন পিছুৱাই দিয়াৰ বিষয়ে অৱগত কৰিছে ।

ইয়াৰ পূৰ্বে সিদ্ধাৰ্থ মালহোত্ৰাৰ যোদ্ধাৰ সৈতে কেটৰিণা কাইফৰ ছবি ‘মেৰী খ্ৰীষ্টমাছ’ৰ সংঘৰ্ষ হ’ব বুলি কোৱা হৈছিল । কাৰণ কেটৰিণা কাইফ আৰু বিজয় ছেঠুপথীৰ ছবি ‘মেৰী খ্ৰীষ্টমাছ ’ অহা ৮ ডিচেম্বৰত মুক্তি লাভ কৰাৰ কথা । অৰ্থাৎ ‘যোদ্ধা’ৰ মুক্তিৰ দিনাই মুক্তি লাভ কৰিব ‘মেৰী ক্ৰীছমাছ’ ৷ কিন্তু এতিয়া এই সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ কৰণে ঘোষণা কৰিছে ছবিখনৰ মুক্তিৰ নতুন তাৰিখ ।

এই বছৰ নহয় অহা বছৰ মুক্তি পাব যোদ্ধা

ছ’চিয়েল মিডিয়াত ছবিখনৰ দুটা নতুন পোষ্টাৰ শ্বেয়াৰ কৰি ছবিখনৰ মুক্তিৰ তাৰিখ সন্দৰ্ভত তথ্য প্ৰদান কৰিছে কৰণ জোহৰে । পোষ্টাৰখন শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘‘আমি সম্পূৰ্ণ সাজু, সম্পূৰ্ণ শক্তিৰে আকাশখন দখল কৰিবলৈ সাজু ! ২০২৪ চনৰ ১৫ মাৰ্চত ছবিগৃহত মুক্তি পাব যোদ্ধা ।’’

ইয়াৰ পূৰ্বে ১৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল সিদ্ধাৰ্থ মালহোত্ৰাৰ যোদ্ধা । কিন্তু পৰৱৰ্তী সময়ত মুক্তিৰ তাৰিখ আগুৱাই দিয়া হ’ল আৰু নতুনকৈ মুক্তিৰ তাৰিখ দিয়া হৈছিল ৮ ডিচেম্বৰ । ইয়াৰ লগে লগেই ৮ ডিচেম্বৰত ‘যোদ্ধা’ৰ ‘মেৰী খ্ৰীষ্টমাছ’ৰ সৈতে সংঘৰ্ষ হোৱাটো নিশ্চিত হৈ পৰিছিল । কিন্তু এতিয়া নতুন মুক্তিৰ তাৰিখ ঘোষণাৰ লগতেই এই সংঘৰ্ষৰ পৰা হাত সাৰিলে ছবিখনে ৷

যোদ্ধাৰ কথা ক’বলৈ গ’ল দিশা পাটানি আৰু ৰাশী খান্নাক মুখ্য চৰিত্ৰত দেখা যাব সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে । এইখন এখন একচন মনোৰঞ্জনমূলক ছবি হ’ব ।

লগতে পঢ়ক: Tiger 3 Song Ruaan: অৰিজিতৰ কণ্ঠত মুকলি হ’ল ‘টাইগাৰ ৩’ৰ ৰোমান্টিক গীত ‘ৰুৱান’, চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.