ETV Bharat / entertainment

Sidharth Kiara Wedding Date: তাৰিখ সলনি হ’ল বহু চৰ্চিত সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াৰ

বলীউডৰ জনপ্ৰিয় যুটি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী বিবাহপাশত আৱদ্ধ হ'বলৈ জয়সালমেৰত উপস্থিত হৈছেগৈ । তেওঁলোকৰ বিবাহৰ পূৰ্বৰ ৰীতি-নীতিসমূহ 5 ফেব্ৰুৱাৰীৰ পৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে । কিন্তু জানিব পৰা গৈছে যে 6 ফেব্ৰুৱাৰীত হ’ব লগীয়া বিয়াৰ খনৰ তাৰিখ সলনি হৈছে (Sidharth Kiara Wedding Date) ৷ সবিশেষ আগলৈ-

author img

By

Published : Feb 6, 2023, 12:12 PM IST

sidharth kiara wedding
সিদ্ধাৰ্থ-কিয়াৰাৰ বিয়াখনৰ সলনি হ’ল তাৰিখ

চিটাৰা ডেস্ক, 6 ফেব্ৰুৱাৰী : বলীউডত এতিয়া উখল-মাখল পৰিৱেশ ৷ শ্বেৰশ্বাহ যুটিয়ে সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে ৰীল লাইফৰ পৰা ৰিয়েল লাইফলৈকে যাত্ৰা ৷ ইতিমধ্যে তেওঁলোকৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠান আৰম্ভ হৈ গৈছে ৷ পৰিয়ালৰ পৰা ঘনিষ্ঠ বন্ধু-বান্ধৱীলৈকে সকলো উপস্থিত হৈছেগৈ বিবাহস্থলী জয়সালমেৰত ৷ তাৰ লগতে বলীউড জগতৰ কিছু নিৰ্দিষ্ট যুটি তথা তাৰকাকো নিমন্ত্ৰণ জনোৱা হৈছে আয়ম্বড়পূৰ্ণ বিয়াখনলৈ (Sidharth Kiara Wedding) ৷

দেওবাৰে সিদ্ধাৰ্থৰ নামৰ মেহেন্দী প্ৰয়োগ কৰা কিয়াৰাৰ হাতত । ৬ ফেব্ৰুৱাৰীৰ পুৱা প্ৰেমিক যুটিৰ হালধি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । শুনা গৈছিল যে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিয়া ৬ ফেব্ৰুৱাৰীত হ'ব । কিন্তু এতিয়া খবৰ বিয়পি পৰিছে যে এই বহু প্ৰতীক্ষিত বিয়াখন নিৰ্ধাৰিত তাৰিখত নহয় ৷ বিয়াৰ তাৰিখ পিচুওৱা হৈছে (Sidharth Kiara Wedding Date postponed) ৷

ছ’চিয়েল মিডিয়াত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহৰ খবৰ ওলোৱাৰ পাচত তেওঁলোকৰ অনুৰাগীসকল উৎসাহী হৈ পৰিছে । 6 ফেব্ৰুৱাৰীত জয়সালমেৰত এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁলোকৰ বিবাহৰ ফটো চোৱাৰ আশাৰে ৰৈ আছে অনুৰাগীসকল । কিন্তু এতিয়া তেওঁলোকৰ আশাত চেঁচা পানী পৰিছে, কিয়নো বিশেষ কাৰণত বিয়াখন পিছুৱাই দিয়া হৈছে ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি 7 ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে বিয়াখন (Sidharth Kiara Wedding Date) ৷

জয়সালমেৰৰ সূৰ্যগড় পেলেচ হোটেলত বিবাহপাশত আবদ্ধ হ’ব এই বলীউড দম্পতী । বিয়াৰ পিছত বিশেষ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । প্ৰাপ্ত খবৰ মতে সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ সাজ-পোছাক ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই ডিজাইন কৰিছে । কিয়াৰাই বিয়াৰ বাবে আইভৰী আৰু ৰঙা ৰঙৰ লেহেংগা বাছি লৈছে । আনহাতে, ৰঙা ৰঙৰ পাগুৰিৰ (Safa) সৈতে অফ-হোৱাইট শ্বেৰৱানীত দেখা যাব সিদ্ধাৰ্থক ।

দম্পতীহালৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ জয়সালমেৰত উপস্থিত হৈছে বলীউডৰ বহু চেলেব্ৰিটী । দেওবাৰে নিশা বলীউড অভিনেত্ৰী কিয়াৰাৰ শৈশৱৰ বন্ধু ঈশা আম্বানী স্বামীৰ সৈতে জয়ছালমেৰত উপস্থিত হয় ৷ পাপাৰাজ্জীয়ে তেওঁক নিজৰ কেমেৰাত বন্দী কৰে । ইয়াৰ পূৰ্বে বলীউডৰ পৰিচালক কৰণ জোহৰ আৰু শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতকে ধৰি বহু চেলেব্ৰিটীক বিমানবন্দৰত দেখা গৈছিল ।

সিদ্ধাৰ্থ-কিয়াৰাই তেওঁলোকৰ বিবাহ অনুষ্ঠানত ‘নো ফোন পলিচি’ ঘোষণা কৰিছে । দম্পতীহালে নিজৰ অতিথি আৰু হোটেলৰ কৰ্মচাৰীক ছ’চিয়েল মিডিয়াত ছবি শ্বেয়াৰ নকৰিবলৈ অনুৰোধ জনাইছে । বিয়াৰ প্ৰথম ছবি পোষ্ট কৰিব সিদ্ধাৰ্থ আৰু কিয়াৰাই ।

লগতে পঢ়ক : পাঠান নাচাই এন এক্সন হিৰ’ চাবলৈ কোৱা অনুৰাগীক আয়ুষ্মান খুৰানাই দিলে এই উত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.