চিটাৰা ডেস্ক, ১৫ ডিচেম্বৰ: হৃদৰোগত আক্ৰান্ত হৈছে হিন্দীৰ লগতে মাৰাঠী চলচ্চিত্ৰত নিজৰ অভিনয়ৰে সকলোকে মোহিত কৰা অভিনেতা শ্ৰেয়স তালপাড়ে । ৪৭ বছৰীয়া শ্ৰেয়সক বৃহস্পতিবাৰে সন্ধিয়া মুম্বাইৰ আন্ধেৰীৰ বেলভিউ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । জানিব পৰা মতে, হাৰ্ট এটাকৰ পিচতে শ্ৰেয়সৰ এঞ্জিওপ্লাষ্টিও কৰা হৈছে । বৰ্তমান শ্ৰেয়স চিকিৎসালয়ত আছে আৰু তেওঁৰ এঞ্জিওপ্লাষ্টি কৰা হৈছে, এই খবৰ নিশ্চিত কৰিছে চিকিৎসালয়খনে ।
এতিয়া প্ৰশ্ন হয় এঞ্জিওপ্লাষ্টি মানে কি ?
দৰাচলতে এঞ্জিওপ্লাষ্টি হৈছে এক অস্ত্ৰোপচাৰ য’ত হৃদযন্ত্ৰৰ পেশীলৈ তেজ যোগান ধৰা ৰক্তবাহী নলীবোৰ মুকলি কৰা হয় । চিকিৎসা ভাষাত এই ৰক্তবাহী নলীবোৰক ক’ৰ’নাৰী ধমনী বুলি কোৱা হয় । হাৰ্ট এটাক বা ষ্ট্ৰোকৰ দৰে সমস্যাৰ পিচত চিকিৎসকে প্ৰায়ে এঞ্জিওপ্লাষ্টিৰ আশ্ৰয় লয় ।
ইফালে চিকিৎসালয়খনে নিশ্চিত কৰিছে যে শ্ৰেয়সৰ এঞ্জিওপ্লাষ্টি কৰা হৈছে। উল্লেখ্য যে, বৃহস্পতিবাৰে শ্ৰেয়সে তেওঁৰ নতুন ছবি "ৱেলকাম টু দ্য জংগল"ৰ শ্বুটিং কৰি আছিল। এইখিনিলৈকে সকলো ঠিকেই আছিল ৷ শ্বুটিং শেষ হোৱাৰ পিচত ঘৰলৈ যোৱাৰ পিচত হঠাৎ তেওঁ বুকুৰ বিষ অনুভৱ কৰে ৷ ইয়াৰ পিচত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । চিকিৎসালত চিকিৎসকে নিশ্চিত কৰে যে অভিনেতাগৰাকীৰ হাৰ্ট এটাক হৈছে ৷
বৰ্তমান কেনে আছে শ্ৰেয়স তালপাড়ে ?
এঞ্জিওপ্লাষ্টিৰ পিচত বৰ্তমান তেওঁৰ অৱস্থা কিছু উন্নত হৈছে যদিও বৰ্তমান চিকিৎসালয়খনে কোনো চিকিৎসা বুলেটিন জাৰি কৰা নাই ।
এই ছবিবোৰত কাম কৰিছিল
শ্ৰেয়স তালপাড়ে বহু বলীউড ছবিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে । দিল দস্তী এক্সট্ৰা, গোলমাল, হাম তুম শ্ববানা, পোষ্টাৰ বয়জ, উইল ইউ মেৰী আদি বহু ছবিত অভিনয় কৰিছিল । ইফালে ‘ইকবাল’ ছবিখনত তেওঁৰ অভিনয়ৰ বাবে অতিশয় শলাগ লোৱা হৈছিল । এই ছবিখনত শ্ৰেয়সে নাছিৰুদ্দিন শ্বাহৰ সৈতে অভিনয় কৰিছিল ।
অহা বছৰ মুক্তি পাব ‘ৱেলকাম টু দ্য জংগল’
উল্লেখ্য যে, ‘ৱেলকাম টু দ্য জংগল’ হৈছে ৱেলকাম ফ্ৰেঞ্চাইজিৰ ছিকুৱেল । অহা বছৰৰ ২০ ডিচেম্বৰত বৰদিন উপলক্ষে ছবিগৃহত মুক্তি পাব ছবিখন । ছবিখনত অক্ষয় কুমাৰ, ৰবীনা টেণ্ডন, দিশা পাটানি, জেকলিন ফাৰ্নাণ্ডেজ, লাৰা দত্ত, সুনীল শেট্টী আৰু সঞ্জয় দত্তই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । পৰেশ ৰাৱাল, অৰ্ষদ ৱাৰ্ছি, তুষাৰ কাপুৰ, ৰাজপাল যাদৱ, জনী লিভাৰ, কিকু শাৰ্দা আৰু কৃষ্ণ অভিষেকও ছবিখনৰ অংশ হিচাপে থাকিব ।
লগতে পঢ়ক: জীৱন-মৃত্যুৰে যুঁজিছে চিআইডিৰ খ্যাত ফ্ৰেডী ওৰফে দিনেশ ফাডনিছ, কেনে আছে এতিয়া ? জনালে দয়াই