ETV Bharat / entertainment

মৃত্যুৰ মুখৰ পৰা উভতি আহি কি ক’লে শ্ৰেয়স তালপাড়েই

Shreyas Talpade on Heart Attack: ডিচেম্বৰ মাহত হাৰ্ট এটাক হৈছিল অভিনেতা শ্ৰেয়স তালপাড়েৰ ৷ বৰ্তমান সুস্থ হৈ উঠা অভিনেতাগৰাকীয়ে সেই সময়চোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি ক’লে তেওঁৰ জীৱনৰ এইটো দ্বিতীয়টো সুযোগ ।

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 3:37 PM IST

Shreyas Talpade recalls his resurrection from 'clinical death' following heart attack
শ্ৰেয়স তালপাড়েই শ্বেয়াৰ কৰিলে নিজৰ অভিজ্ঞতা

চিটাৰা ডেস্ক, ৩ জানুৱাৰী: ঘটনা ২০২৩ চনৰ ১৪ ডিচেম্বৰৰ ৷ বলীউডৰ অভিনেতা শ্ৰেয়স তালপাড়ে তেওঁৰ আগন্তুক ছবি ‘ৱেলকাম টু দ্য জংগল’ৰ শ্বুটিং সম্পূৰ্ণ কৰি ঘৰলৈ উভতি আহিছিল ৷ কিন্তু ঘৰলৈ উভতি অহাৰ পাচতে প্ৰচণ্ড বুকুৰ বিষত আক্ৰান্ত হয় তেওঁ ৷ তাৰ পাচত ততাতৈয়াকৈ চিকিৎসালত ভৰ্তি কৰোৱা হয় শ্ৰেয়সক ৷ কিন্তু চিকিৎসকে নিশ্চিত কৰে যে শ্ৰেয়সৰ হাৰ্ট এটাক হৈছিল । এই খবৰৰ পাচত অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ আশু আৰোগ্য কামনা কৰে । অৱশ্যে বহুদিন হাস্পতালত থকাৰ পাচত সুস্থ হোৱাত ঘৰলৈ যাবলৈ দিয়া হয় অভিনেতাগৰাকীক ৷ এতিয়া ঘৰতে জিৰণি লৈ আছে শ্ৰেয়সে । হৃদৰোগত আক্ৰান্ত হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰেয়সে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰেয়স তালপাড়েই কয় যে মৃত্যুমুখৰ পৰা ৰক্ষা পৰাত তেওঁ অত্যন্ত কৃতজ্ঞ অনুভৱ কৰিছে । অভিনেতাগৰাকীয়ে কয়,‘‘ক্লিনিকেলভাৱে ক’বলৈ গ’লে মোৰ মৃত্যু হৈ গৈছিল । এইটো আছিল এক বৃহৎ কাৰ্ডিয়াক এৰেষ্ট । এইটো মোৰ জীৱনৰ দ্বিতীয়টো সুযোগ ।’’

অভিনেতাগৰাকীয়ে লগতে কয় যে তেওঁ যোৱা ২.৫ বছৰ ধৰি অবিৰতভাৱে কাম কৰি আহিছে আৰু নিজৰ ছবিৰ বাবে বহু ঠাইলৈ ভ্ৰমণ কৰি আহিছে । যোৱা কেইমাহমানৰ পৰা তেওঁ অত্যন্ত ভাগৰুৱা অনুভৱ কৰি আছিল, ইয়াৰ কাৰণ তেওঁ ভাবিছিল যে তেওঁ অবিৰতভাৱে কাম কৰি থকাৰ বাবেই হয়তো অলপ ভাগৰুৱা হৈ পৰিছে । অভিনেতাগৰাকীয়ে কয় যে সেয়েহে, ইয়াৰ পিচত তেওঁ ইচিজি, ২ডি ইকো, ছ’ন’গ্ৰাফী আৰু তেজৰ পৰীক্ষা কৰাইছিল । তেওঁৰ কলেষ্টেৰল বেছি আছিল আৰু তাৰ বাবে তেওঁ ঔষধ খাই আছিল । তেওঁৰ পৰিয়ালত হৃদৰোগৰ ইতিহাস থকাৰ বাবে তেওঁ সাৱধানতা অৱলম্বন কৰিছিল ।

১৪ ডিচেম্বৰত ঘটা ঘটনাটো সুঁৱৰি শ্ৰেয়সে কয় যে তেওঁ আহমেদ খানৰ ৱেলকাম টু দ্য জংগলৰ শ্বুটিং মুম্বাইৰ এছ আৰ পি এফ খেলপথাৰত কৰি আছিল । তেওঁ একশ্যন ছিকুৱেন্স কৰি আছিল আৰু শ্বুটিং চলি থকাৰ সময়তে তেওঁৰ উশাহ-নিশাহ ল’বলৈ অসুবিধা হ’বলৈ ধৰিলে আৰু শেষৰ শ্বটটোৰ পিচত তেওঁৰ বাওঁহাতখনত বিষ হ’বলৈ ধৰিলে । তেওঁ কয় যে তেওঁ অতি কষ্টেৰে খোজ কাঢ়িবলগীয়া হৈছিল, কিন্তু ভাবিছিল যে ই পেশীৰ অসুবিধা হ’ব পাৰে ।

শ্ৰেয়সে লগতে কয়, “গাড়ীত বহাৰ লগে লগে মোৰ অনুভৱ হ’ল যে মই পোনে পোনে হাস্পতাললৈ যাব লাগে, কিন্তু মই ভাবিলোঁ যে মই প্ৰথমে ঘৰলৈ যাব লাগিব । মোৰ পত্নী দীপ্তিয়ে মোক সেই অৱস্থাত দেখিলে আৰু ১০ মিনিটৰ ভিতৰতে আমি হাস্পতাললৈ গ’লো ।”

অভিনেতাজনে চিকিৎসালয়খনৰ মূল প্ৰৱেশদ্বাৰটো দেখা পাইছিল যদিও প্ৰৱেশদ্বাৰত বেৰিকেড থকাৰ বাবে তেওঁ ইউ টাৰ্ণ ল’বলগীয়া হৈছিল । পিছমুহূৰ্ততে তেওঁ অচেতন হৈ পৰিল । তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে । শ্ৰেয়সে কয়, “সেইসময়ত কেইমিনিটমানৰ বাবে মোৰ হৃদস্পন্দন বন্ধ হৈ গৈছিল । আমি ট্ৰেফিকত আবদ্ধ হৈ থকাৰ বাবে দীপ্তিয়ে নিজৰ ফালৰ পৰা গাড়ীৰ পৰা নামিব নোৱাৰিলে, সেয়ে তেওঁ মোৰ ওপৰেৰে উঠি সিফাললৈ গৈ সহায়ৰ বাবে মাতিলে । কিছুমান মানুহে আমাক সহায় কৰিবলৈ আহি মোক ভিতৰলৈ লৈ গ’ল । চিকিৎসকে চিপিআৰ কৰিলে, ইলেক্ট্ৰিক শ্বক দিলে, তেনেকৈয়ে তেওঁলোকে মোক আকৌ জীয়াই তুলিলে ।’’

উল্লেখ্য যে, অভিনেতাজনক ৫ দিন নিৰীক্ষণত ৰখা হৈছিল । তেওঁ এতিয়া নিজৰ ঘৰতে জিৰণি লৈছে । তেওঁ কয় যে তেওঁ এতিয়া জিৰণি ল’ব বিচাৰে আৰু পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে । শেষত তেওঁ অনুৰাগীক আহ্বান জনাই কয় যে, আপোনাৰ শৰীৰে দিয়া সতৰ্কবাণীক আওকাণ নকৰিব ।

লগতে পঢ়ক: এসপ্তাহৰ মূৰত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল শ্ৰেয়স তালপাড়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.