ETV Bharat / entertainment

Tejas Shows Cancelled: ৫০ শতাংশ শ্ব’ বাতিল কংগনা ৰনৌতৰ তেজসৰ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:12 PM IST

ব্যয় কৰা ধনো উপাৰ্জন কৰিব নোৱাৰিলে কংগনাৰ ছবি তেজসে । তেজসৰ ৫০ শতাংশ শ্ব’ বাতিল কৰা হৈছে ৷

Shows of Kangana Ranauts Tejas cancelled due to zero ticket sales
তেজসৰ শ্ব’ বাতিল

চিটাৰা ডেস্ক, 1 অক্টোবৰ: 27 অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিছে কংগনা ৰনৌতৰ ছবি তেজস । কংগনাৰ ছবিখনে সমালোচক আৰু অনুৰাগীৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছে । কিন্তু বক্স অফিচত ছবিখনৰ বজাৰ একেবাৰে ঠাণ্ডা ৷ আনকি বাজেট পূৰণ কৰাটোও তেজসৰ বাবে কঠিন হৈ পৰিছে । তেজসৰ লাইফটাইম কালেকচন ১০ কোটি টকাৰ ওপৰত নাযাব বুলি অনুমান কৰা হৈছে । কাৰণ দৰ্শকক ছবিগৃহত আকৰ্ষণ কৰিবলৈ ব্যৰ্থ হৈছে কংগনাৰ তেজসে ৷ যাৰ বাবে এতিয়া তেজসৰ শ্ব’ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

দেশজুৰি তেজসৰ শ্ব’ বাতিল কৰাৰ কথা বহু প্ৰদৰ্শকে কৈছে । কৈছে যে ছবিখন চাবলৈ অতি কম সংখ্যক লোক অহাৰ বাবে ৫০ শতাংশ শ্ব’ বাতিল কৰা হৈছে ।

ছবিগৃহত ১০০ জনতকৈও কম লোক আহিছিল তেজস চাবলৈ

মুম্বাইৰ গেইটি গেলেক্সিৰ স্বত্বাধিকাৰী মনোজ দেশায়ে কংগনাৰ তেজস শ্ব’ বাতিলৰ সন্দৰ্ভত শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে ৷ য’ত তেওঁ কয়- ‘‘দেওবাৰে মাত্ৰ ১০০ গৰাকী দৰ্শক আহিছিল । বাকী থকা শ্ব’বোৰত ১০০ গৰাকীতকৈও কম লোক আহিছিল ছবিখন চাবলৈ । ইমানৰ পিচতো আমি সপ্তাহৰ দিনকেইটাত গেইটিত তেজসৰ শ্ব’ অব্যাহত ৰাখিছো । এই ছবিখন সৰু অ’ডিত চলিব নোৱাৰিব ।’’

এটা পৰ্টেলৰ সৈতে কথা পাতি আন এজন প্ৰদৰ্শকে কয়, ‘‘দেওবাৰে প্ৰতিটো শ্ব’তে ১০-১২ টা শ্ব’ আছিল । যাৰ বাবেই সোমবাৰে ৫০ শতাংশ শ্ব’ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । কিন্তু বিক্ৰান্ত মেছিৰ ‘12th fail’ ছবিখন বক্স অফিচত ভাল সংগ্ৰহ লাভ কৰিছে ।’’

তেজস হৈছে কংগনা ৰনৌতৰ পঞ্চমখন ছবি, যিখন বক্স অফিচত বৰ বেয়াকৈ ফ্লপ হৈছে । ইয়াৰ পূৰ্বে ঢাকাড়, থালাইভি, পাংগা আৰু জজমেণ্টেল হ্যা কিয়া ফ্লপ হৈছিল । শেহতীয়াকৈ মুক্তি লাভ কৰিছিল কংগনাৰ চন্দ্ৰমুখী ২য়ে । এই ছবিখনে মাত্ৰ ৪০ কোটি টকাৰ ব্যৱসায় কৰিছে ।

তেজস ছবিখনৰ কথা ক’বলৈ কংগনাই ছবিখনত মহিলা পাইলট তেজস গিলৰ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন পৰিচালনা কৰিছে সৰ্বেশ মেৱাদাৰে ।

লগতে পঢ়ক: Tejas Collection : 4 খন ফ্লপ ছবি দিয়াৰ পিচত ভাঙি পৰিব নেকি কংগনা ? এতিয়া আন এখন ফ্লপ হোৱাৰ পথত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.