ETV Bharat / entertainment

বিজয়কান্তক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়তে থালাপতী বিজয়ৰ সৈতে ঘটিল এক লজ্জাজনক ঘটনা

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 4:58 PM IST

Thalapathy Vijay: প্ৰয়াত অভিনেতা-ৰাজনীতিবিদ বিজয়কান্তক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল দক্ষিণৰ জনপ্ৰিয় অভিনেতা থালাপতী বিজয় ৷ কিন্তু সেই সময়ত অভিনেতাগৰাকীৰ সৈতে এনে এটা ঘটনা সংঘটিত হয়, যিটো ঘটনাই সম্প্ৰতি দখল কৰিছে বাতৰিৰ শিৰোনাম ৷

Shoe hurled at Thalapathy Vijay during emotional Vijayakanth farewell
বিজয়কান্তক শ্ৰদ্ধাঞ্জলি

চিটাৰা ডেস্ক, ২৯ ডিচেম্বৰ: বৃহস্পতিবাৰে দেহাৱসান ঘটে অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়কান্তৰ ৷ ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । ইফালে আজি তেওঁৰ মৃতদেহ কয়াম্বটুৰ কাৰ্যালয়ৰ পৰা আইলেণ্ড গ্ৰাউণ্ড, আন্না ছালাইলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে অনা হয়, য’ত ডিএমডিকে দলৰ মুৰব্বীগৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, ৰজনীকান্ত, কমল হাছানকে ধৰি বহু চেলিব্ৰিটি আৰু অনুৰাগী । অৱশ্যে বিজয়কান্তক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত অভিনেতা থালাপতী বিজয়ৰ সৈতে এনে এক ঘটনা সংঘটিত হৈছে, যিটো ঘটনাই সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে ।

উল্লেখ্য যে, অভিনেতা, ৰাজনৈতিক নেতা, ডিএমডিকেৰ সমৰ্থক আৰু বহুলোকে ডিএমডিকেৰ মুখ্য কাৰ্যালয়ত সমবেত হৈ বিজয়কান্তক শ্ৰদ্ধাঞ্জলি জনায় । যোৱা নিশা থালাপতী বিজয়ে তামিল চলচ্চিত্ৰ জগতৰ অভিনেতাগৰাকীক নিশা ১০.৩০ বজাত শ্ৰদ্ধাঞ্জলি জনাইছিল । লগতে বিজয়ে প্ৰয়াত ৰাজনীতিবিদগৰাকীৰ পত্নী প্ৰেমলতা বিজয়কান্তকো নিজৰ সমবেদনা জ্ঞাপন কৰিছিল ।

ইফালে আজি বিজয়ে ৰাজনীতিবিদগৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছিল আন্না ছালাইলৈ ৷ কিন্তু শ্ৰদ্ধাঞ্জলি জনাই উভতি যাওঁতে এজন অচিনাক্ত ব্যক্তিয়ে বাহনত উঠাৰ সময়তে ভিৰৰ সুযোগ লৈ বিজয়ৰ ফালে জোতা নিক্ষেপ কৰাৰ চেষ্টা চলায় ৷ যিটো ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ ভিডিঅ’টোত দেখা পোৱা গৈছে যে এজন লোকে বিজয়ৰ ফালে জোতা নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আন এজন লোকে সেই মানুহজনৰ সন্মুখত বাধাৰ সৃষ্টি কৰে ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচতে ছ’চিয়েল মিডিয়াত অনুৰাগী আৰু বিভিন্ন ৰাজনৈতিক দলৰ সদস্যই এই ঘটনাক তীব্ৰ গৰিহণা প্ৰদান কৰে ।

চলচ্চিত্ৰ কেৰিয়াৰ

ৰাজনীতি জগতত প্ৰৱেশ কৰাৰ আগতে বিজয়কান্তই নিজকে এজন উৎকৃষ্ট অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল । থ্যাগম, অনেষ্ট ৰাজ আৰু তামিজ চেলভানৰ দৰে বহু জনপ্ৰিয় ছবিত অভিনয় কৰি তেওঁ কলিউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল । অভিনেতাগৰাকীয়ে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত ১৫৪ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল ৷

ৰাজনীতিৰ কেৰিয়াৰ

২০০৫ চনত অভিনেতাগৰাকীয়ে দেশিয়া মুৰ্পক্কু দ্ৰাবিড় কড়গম(ডিএমডিকে) দল গঠন কৰিছিল ৷ ২০০৬ চনত বিধানসভাৰ নিৰ্বাচনত অংশ লৈ তেওঁ এখন আসন লাভ কৰে । ২০১১ চনৰ নিৰ্বাচনত তেওঁৰ দলটোৱে এআইএডিএমকেৰ সৈতে মিত্ৰতা কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজয়কান্ত পৰৱৰ্তী পাঁচ বছৰ বিৰোধী দলৰ নেতা হৈ পৰিছিল ।

লগতে পঢ়ক: অন্তিম শ্ৰদ্ধাঞ্জলিৰ বাবে আন্না ছালাইলৈ অনা হৈছে বিজয়কান্তৰ মৃতদেহ, শোক প্ৰকাশ ৰজনীকান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.