ETV Bharat / entertainment

Tunisha Sharma Death Case: শ্বীজান খানক দেখি আৱেগিক হৈ পৰিল দুই ভগ্নী - টুনিছা শৰ্মাৰ আত্মহত্যা

জামিন লাভ কৰিলে তুনিষা শৰ্মাৰ আত্মহত্যা গোচৰৰ প্ৰধান অভিযুক্ত শ্বীজান খানে ৷ শ্বীজান খানক কাৰগাৰৰ পৰা মুকলি আকাশৰ তলত দেখি আৱেগিক হৈ পৰিল পৰিয়ালবৰ্গ (Tunisha Sharma Death Case) ৷

SHEEZAN KHAN ACCUSED IN TV ACTRESS TUNISHA SHARMAS SUICIDE CASE RELEASED ON BAIL
মুকলি আকাশৰ তললৈ আহিল শ্বীজান খান
author img

By

Published : Mar 5, 2023, 10:58 PM IST

চিটাৰা ডেস্ক, ৫ মাৰ্চ : কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল টেলিভিছন অভিনেতা শ্বীজান খান ৷ সহ অভিনেত্ৰী তথা প্ৰাক্তন প্ৰেমিকা অভিনেত্ৰী তুনিষা শৰ্মাৰ আত্মহত্যাৰ গোচৰৰ প্ৰধান অভিযুক্ত আছিল অভিনেতা শ্বীজান খান ৷ দেওবাৰে থানেৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিয়া হয় শ্বীজান খানক ।

শনিবাৰে ভাছাই আদালতে শ্বীজানক ১ লাখ টকাৰ জামিন বণ্ডৰ সৈতে জামিনৰ নিৰ্দেশ দিয়া হয় ৷ লগতে অভিনেতাজনে যাতে জামিন পোৱাৰ পিচতে দেশৰ পৰা বাহিৰত যাব নোৱাৰে তাৰ বাবে অভিনেতাজনক পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ দিয়া হয় । ইফালে কাৰাগাৰৰ পৰা ওলাই অহাৰ পিচতে শ্বীজানক দুই ভগ্নীয়ে সাৱটি ধৰি আৱেগিক হোৱা দেখা যায় ৷ লগতে শ্বীজানৰ আন কেইবাগৰাকী আত্মীয়ও উপস্থিত থাকে সেই স্থানত ৷

উল্লেখ্য যোৱা বছৰৰ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল শ্বীজান খানক ৷ তেতিয়াৰ পৰাই ন্যায়িক জিম্মাত আছিল শ্বীজান। ২০২২ বৰ্ষৰ ২৪ ডিচেম্বৰত পালঘৰৰ বালিভৰ সমীপৰ টিভি ধাৰাবাহিকৰ চেটত চিপ লৈ আত্মহত্যা কৰিছিল অভিনেত্ৰী তুনিষা শৰ্মাই ৷ অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ পিচতে মাতৃ বনিতা শৰ্মাই তুনিষাৰ Co-Star তথা প্ৰেমিক শ্বীজান খানৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল (Tunisha Sharma Death Case) ৷

মাতৃয়ে শ্বীজান খানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৱালিভ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ আত্মহত্যাত উচটনি দিয়াৰ গোচৰৰ ভিত্তিত ৱালিভ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতা শ্বীজান খানক ৷ যোৱা মাহত ৱালিভ আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ গোচৰত শ্বীজানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ভাছাই আদালতত ৫২৪ পৃষ্ঠাযোৰা অভিযোগনামা দাখিল কৰিছিল ।

ইফালে শ্বীজানৰ পৰিয়ালে তুনিষাৰ মাতৃৰ এই সকলোবোৰ অভিযোগ নসাৎ কৰি তুনিষাৰ আত্মহত্যাত শ্বীজানক ফচাইছে বুলি অভিযোগ উত্থাপন কৰিছিল ৷ আনকি শ্বীজানৰ পৰিয়ালে তুনিষাক পৰিয়ালৰ এগৰাকী সদস্য হিচাপে মৰম স্নেহ দিছিল বুলি কয় ৷ লগতে তুনিষাৰ মাতৃয়ে তুনিষাক দমন কৰি ৰখাৰ লগতে তুনিষাক অবহেলা কৰা বুলিও অভিযোগ উত্থাপন শ্বীজানৰ পৰিয়ালে ৷ অৱশ্যে দুয়োপক্ষৰ এই অভিযোগ কিমান সঁচা আৰু কিমান মিছা সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ৷

উল্লেখ্য যে, শ্বীজান খান আৰু তুনিষা শৰ্মা ‘আলী বাবা দস্তান-ই-কাবুল’ ধাৰাবাহিক জৰিয়তে লগ পাইছিল ৷ জানিব পৰা মতে ধাৰাবাহিকখনৰ শ্বুটিং কৰি থাকোতেই দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক ৷ কিন্তু এই প্ৰেমৰ সম্পৰ্ক বৰ বেছি দিন টিকি থাকিব নোৱাৰিলে ৷ দুয়োৰে মাজত ব্ৰেক-আপ হোৱাৰ খৱৰ আহে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে শ্বীজান খান আছিল মুছলিম আৰু তুনিষা শৰ্মা আছিল হিন্দু ৷

ইয়াৰ পিচতে হঠাৎ এদিন তুনিষাই আত্মহত্য়াৰ দৰে এক অনাকাংক্ষিত পথ বাছি লয় ৷ এতিয়া দুয়োৰে মাজত কিয় ব্ৰেকআপ হৈছিল ? কিয় তুনিষাই এনে সিদ্ধান্ত ল’লে ? সেয়া পোহৰলৈ আহিব তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিচত হে !

লগতে পঢ়ক: Tunisha Sharma death case: আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা শ্বীজান খান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.